--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হস্তৰেখা শাস্ত্ৰ বা Palmistry কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়। বিশ্বাস অনুসৰি, এজন ব্যক্তিৰ হাতৰ ৰেখাত বহুতো গোপন ৰহস্য লুকাই থাকে। ভৱিষ্যত জনাৰ উপৰিও এজন মানুহৰ চৰিত্ৰ আৰু প্ৰকৃতি হাতৰ ৰেখাত প্ৰকাশ পায়। অৱশ্যে কেৱল হাতৰ ৰেখাই নহয় আঙুলিৰ পৰাও জানিব পাৰি এজন ব্যক্তিৰ ব্যক্তিত্ব বা চৰিত্ৰৰ বৰ্ণনা। হাতৰ আঙুলিৰ আকৃতিয়ে আপোনাৰ ব্যক্তিত্ব কেনেকুৱা সেয়া সূচায়। ধৰি লওক আপুনি প্ৰথমবাৰৰ বাবে ডেটত গৈছে। বিপৰীত ফালে বহি থকা ব্যক্তিজনৰ ব্যক্তিত্ব কি আপুনি সঠিকভাৱে নাজানে। কিন্তু আঙুলিৰ বিষয়ে ইয়াৰ কিছু জ্ঞান থাকিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। সাধাৰণতে, মানুহৰ ক্ষেত্ৰত তিনি প্ৰকাৰৰ আঙুলি থাকে। আহকচোন জানো এই তিনি প্ৰকাৰৰ আঙুলিৰ বৈশিষ্ট্য কি..

ওপৰৰ ফটোখনত তিনি প্ৰকাৰৰ আঙুলিক A B C নামেৰে ভাগ কৰা হৈছে। এই ফটোখনৰ সহায়ত আপুনি আপোনাৰ আঙুলিৰ আকৃতি কোনটো প্ৰকাৰৰ জনাৰ লগতে আপোন কাৰোবাৰো জানিব পাৰিব।

A আকৃতিৰ আঙুলি 

যিসকলৰ এই আকৃতিৰ আঙুলি আছে তেওঁলোকক দমন কৰা হয়। তেওঁলোকে তেওঁলোকৰ আৱেগবোৰ কাৰো আগতে সহজে প্ৰকাশ নকৰে। তেওঁলোকে মিছা কথা একেবাৰে ভাল নাপায়। মিছলীয়া লোক একেবাৰে পচন্দ নকৰে। এই আঙুলিৰ অধিকাৰী অতি শক্তিশালী মনৰ আৰু স্বতন্ত্ৰ। তেওঁলোকে সৰু-সৰু কথাতে সুখী হ'বলৈ যত্ন কৰে আৰু আনন্দত থাকি ভাল পায়। 

B আকৃতিৰ আঙুলি 

B আকৃতিৰ আঙুলি থকাসকল কম আত্মবিশ্বাসী। এওঁলোক সামাজিক নহয় মানে মানুহৰ সৈতে মিলামিচা কৰিবলৈ বেয়া পায়। সেয়েহে খুব কম মানুহহে এওঁলোকৰ সৈতে থাকে। কিন্তু B আকৃতিৰ আঙুলিৰ বেছিভাগেই প্ৰেমিক প্ৰকৃতিৰ। প্ৰেমত তেওঁলোক বহুত সৎ। এই আঙুলিৰ অধিকাৰী বিফলতাৰ ভয় নোহোৱাকৈ কিবা এটা কৰিবলৈ সংকল্পবদ্ধ। 

আৰু পঢ়কঃ দেৱালীত বাস্তুশাস্ত্ৰৰ এই ১০টা নিয়ম মানিলে কেতিয়াও নহয় টকা-পইচাৰ অভাৱ

C আকৃতিৰ আঙুলি 

যিসকলৰ এনে ধৰণৰ আঙুলি আছে তেওঁলোক অতি আৱেগিক। কোনো প্ৰকাৰে তেওঁলোকে অন্যায় সহিব নোৱাৰে। আনৰ ওপৰত হোৱা অন্যায় কামকো এওঁলোকে একেবাৰে ভাল নাপায়। তেওঁলোকে সকলোকে ভালদৰে ৰাখিব বিচাৰে আৰু সকলোৰে সদায় ভাল হোৱাতো বিচাৰে। সাধাৰণতে এওঁলোক শান্ত প্ৰকৃতিৰ যদিও খং উঠিলে ভয়ংকৰ ৰূপত খং উঠে। সেয়েহে এনেলোকক কেতিয়াও মিছাতে জোকাই ৰং চাব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন