--°C
Loading...
Listen to Article
2 min read
80%


০১/০৮/২৪ বৃহস্পতিবাৰ


মেষ ৰাশি: সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰ সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব । পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । আৰ্থিক লাভৰ যোগ । শিক্ষাৰ্থীৰ বাবে দিনটো শুভ ৷

বৃষ ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে । নিজৰ ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক । আৰ্থিক দিশত সাৱধানে চলক ৷

মিথুন ৰাশি: আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে । আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল নহয় । যাৰ বাবে অন্যান্য কামৰ বাবে পৰিকল্পনাসমূহ বাতিল কৰিব লাগিব । স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে সাৱধানে থাকক ৷

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে । এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে । শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয় । নিৰাশ নহ'ব চেষ্টা অব্যাহত ৰাখক ৷

সিংহ ৰাশি:আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব । আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব । সন্তানৰ সফলতাই আপোনাক আনন্দ দিব । 

কন্যা ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব । সাৱধানে থাকিব ৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব ৷ বিবাদৰ পৰা আঁতৰি থাকক ।

তুলা ৰাশি: আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি পিতৃৰ আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব । খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক । নিজৰ স্বাস্থ্যৰ যত্ন লওক । 

বৃশ্চিক ৰাশি: স্বাস্থ্যৰ যত্ন লওক । অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে আওকাণ নকৰিব ৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক । বিবাদৰ পৰা আঁতৰি থাকক । আৰাম কৰক ৷

ধনু ৰাশি: আজি আপুনি এক অসাধাৰণ মানসিকতা লৈ থাকিব । অহংকাৰৰ পৰা দূৰত থাকক । মানসিক অস্থিৰতাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । গতিকে নিজক ওপৰত নিয়ন্ত্ৰণ কৰি ৰাখক ।

মকৰ ৰাশি: আজিৰ দিনটো শুভ । আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব । দিনটোক উপভোগ কৰক ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল ।

কুম্ভ ৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী । আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্প অধিক শক্তিশালী হৈ উঠিবলৈ দেখা পাব । আজি আপুনি নিজকে সুস্থ অনুভৱ কৰিব । সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ।

মীন ৰাশি:জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব । আনন্দ-উল্লাসেৰে আপোনাৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব । বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব ৷ আৰ্থিক দিশত উন্নতি । বন্ধুসকলৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement