--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’লা জিৰা ব্যৱহাৰ কৰি ব্যঞ্জনৰ সোৱাদ বৃদ্ধি কৰিব পাৰি। ক’লা জিৰাই শৰীৰৰ বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ক’লা জিৰাৰ ঔষধি গুণ জানে তেন্তে আপুনি আচৰিত হ’ব!

১)চৰ্দি আৰু কাহৰ বাবে ক'লা জিৰা অতি উত্তম। ক’লা জিৰাক পৰিষ্কাৰ কাপোৰেৰে মেৰিয়াই নাকৰ ওচৰত ধৰি কিছু মুহূৰ্তৰ বাবে গভীৰভাৱে উশাহ লওক। ই বুকুত জমা হোৱা শ্লেষ্মাখিনি উলিয়াই আনিবলৈ সহায় কৰে। নাক বন্ধ হোৱাৰ সমস্যাতো এই ঘৰুৱা উপায় ফলপ্ৰসূ।

২) ক’লা জিৰাত প্ৰচুৰ পৰিমাণে ফছফৰাছ থাকে। ফছফৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ক’লা জিৰাক অৱহেলা কৰা উচিত নহয়।

৩) পেটৰ দীৰ্ঘদিনীয়া সমস্যাত এই মছলা উপযোগী। শুকান ক’লা জিৰা পিহি গুড়ি কৰি লওক। এই ক’লা জিৰাৰ এচিকুট আধা কাপ ঠাণ্ডা গাখীৰত মিহলাই প্ৰতিদিনে খালী পেটত সেৱন কৰিব লাগে। গাখীৰ ঠাণ্ডা হোৱাৰ বাবে বদহজম নহ’ব, বিপৰীতে ক’লা জিৰাৰ শক্তিৰ দ্বাৰা পেটৰ সমস্যা দূৰ হ’ব।

৪) দৈনিক খাদ্যত ক’লা জিৰা ৰাখিলে পুৰুষৰ শৰীৰত টেষ্টষ্টেৰন হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়, যাৰ ফলত যৌন চাহিদা বৃদ্ধি পায়।

৫) যদি হঠাৎ উশাহ-নিশাহৰ সমস্যাই দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই। বহু সময়ত উপযোগী ঔষধ হাতত মজুত নাথাকে। ক’লা জিৰা কাপোৰেৰে মেৰিয়াই ৰাখিব। এইবাৰ নাকৰ ওচৰলৈ লৈ গৈ গোন্ধ লওক। এই ঘৰুৱা ঔষধে উশাহ-নিশাহৰ কষ্টৰ পৰা সাময়িকভাৱে সকাহ দিব পাৰে।

৬) চুলি সৰা ৰোধ কৰাত ক’লা জিৰা তেলো উপযোগী। এচামুচ নাৰিকল তেলৰ লগত সমান পৰিমাণৰ ক’লা জিৰা তেল মিহলাই গৰম কৰি লওক। এই তেলেৰে মালিচ কৰিব লাগে। এসপ্তাহ এনে কৰিলে চুলি সৰা সমস্যাৰ সমাধান হ’ব। এই কৌশলেৰে শুকান চুলিৰ সমস্যাৰ পৰা মুক্তি পাব।

৭) উচ্চ ৰক্তচাপত ভুগিলে সপ্তাহত এবাৰ ক'লা জিৰা খাদ্যত ৰাখিব লাগে। ক’লা জিৰাত থকা এণ্টিঅক্সিডেণ্ট ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। বিশেষকৈ ৰক্তচাপৰ ঔষধৰ ক্ষেত্ৰত এই খাদ্যই ফলপ্ৰসূ। এই মছলাবিধে শৰীৰত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান