--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’লা জিৰা ব্যৱহাৰ কৰি ব্যঞ্জনৰ সোৱাদ বৃদ্ধি কৰিব পাৰি। ক’লা জিৰাই শৰীৰৰ বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ক’লা জিৰাৰ ঔষধি গুণ জানে তেন্তে আপুনি আচৰিত হ’ব!

১)চৰ্দি আৰু কাহৰ বাবে ক'লা জিৰা অতি উত্তম। ক’লা জিৰাক পৰিষ্কাৰ কাপোৰেৰে মেৰিয়াই নাকৰ ওচৰত ধৰি কিছু মুহূৰ্তৰ বাবে গভীৰভাৱে উশাহ লওক। ই বুকুত জমা হোৱা শ্লেষ্মাখিনি উলিয়াই আনিবলৈ সহায় কৰে। নাক বন্ধ হোৱাৰ সমস্যাতো এই ঘৰুৱা উপায় ফলপ্ৰসূ।

২) ক’লা জিৰাত প্ৰচুৰ পৰিমাণে ফছফৰাছ থাকে। ফছফৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ক’লা জিৰাক অৱহেলা কৰা উচিত নহয়।

৩) পেটৰ দীৰ্ঘদিনীয়া সমস্যাত এই মছলা উপযোগী। শুকান ক’লা জিৰা পিহি গুড়ি কৰি লওক। এই ক’লা জিৰাৰ এচিকুট আধা কাপ ঠাণ্ডা গাখীৰত মিহলাই প্ৰতিদিনে খালী পেটত সেৱন কৰিব লাগে। গাখীৰ ঠাণ্ডা হোৱাৰ বাবে বদহজম নহ’ব, বিপৰীতে ক’লা জিৰাৰ শক্তিৰ দ্বাৰা পেটৰ সমস্যা দূৰ হ’ব।

৪) দৈনিক খাদ্যত ক’লা জিৰা ৰাখিলে পুৰুষৰ শৰীৰত টেষ্টষ্টেৰন হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়, যাৰ ফলত যৌন চাহিদা বৃদ্ধি পায়।

৫) যদি হঠাৎ উশাহ-নিশাহৰ সমস্যাই দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই। বহু সময়ত উপযোগী ঔষধ হাতত মজুত নাথাকে। ক’লা জিৰা কাপোৰেৰে মেৰিয়াই ৰাখিব। এইবাৰ নাকৰ ওচৰলৈ লৈ গৈ গোন্ধ লওক। এই ঘৰুৱা ঔষধে উশাহ-নিশাহৰ কষ্টৰ পৰা সাময়িকভাৱে সকাহ দিব পাৰে।

৬) চুলি সৰা ৰোধ কৰাত ক’লা জিৰা তেলো উপযোগী। এচামুচ নাৰিকল তেলৰ লগত সমান পৰিমাণৰ ক’লা জিৰা তেল মিহলাই গৰম কৰি লওক। এই তেলেৰে মালিচ কৰিব লাগে। এসপ্তাহ এনে কৰিলে চুলি সৰা সমস্যাৰ সমাধান হ’ব। এই কৌশলেৰে শুকান চুলিৰ সমস্যাৰ পৰা মুক্তি পাব।

৭) উচ্চ ৰক্তচাপত ভুগিলে সপ্তাহত এবাৰ ক'লা জিৰা খাদ্যত ৰাখিব লাগে। ক’লা জিৰাত থকা এণ্টিঅক্সিডেণ্ট ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। বিশেষকৈ ৰক্তচাপৰ ঔষধৰ ক্ষেত্ৰত এই খাদ্যই ফলপ্ৰসূ। এই মছলাবিধে শৰীৰত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ