--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ। এই সমস্যা ভাৰতীয়ৰ মাজত সৰ্বাধিক। এই ইংগিত ‘দ্য লেন্সেট ডায়েবেটিছ এণ্ড এণ্ড’ক্ৰিন’লজি জাৰ্নেল’ত পোৱা গৈছিল। য'ত প্ৰকাশিত তথ্য অনুসৰি দেশৰ কমেও ১১.৪ শতাংশ লোক ডায়েবেটিছ সমস্যাত ভুগি আছে। আৰু ৩৫.৫ শতাংশ লোকৰ উচ্চ ৰক্তচাপত।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ), মাদ্ৰাজ ডায়েবেটিছ ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু আন কিছুমান সংস্থাই যৌথভাৱে সমগ্ৰ দেশতে এই সমীক্ষা চলাইছিল। সেই সমীক্ষা অনুসৰি ভাৰতীয়ৰ শৰীৰৰ চৰ্বি বাঢ়িছে। স্বাভাৱিক মেদবহুলতাৰ হাৰ ২৮.৬ শতাংশ হোৱাৰ বিপৰীতে অস্বাভাৱিক মেদবহুলতাৰ হাৰ ৩৯.৫ শতাংশ। আৰু তাৰ বাবেই হৃদৰোগ, কেন্সাৰ, ষ্ট্ৰোক আদি সমস্যা বাঢ়িছে।

লিপিড প্ৰফাইলৰ অৱনতি ঘটিছে। এই সমস্যাৰ বেছিভাগেই অনিয়মিত জীৱনশৈলীৰ বাবেই হোৱা বুলি বিশ্বাস কৰা হয়। যেনে- যথা সময়ত খাদ্য গ্ৰহণ নকৰা, টোপনি কম হোৱা ইত্যাদি। গাঁওতকৈ চহৰবাসীয়ে এনে সমস্যাত বেছিকৈ ভুগিবলগীয়া হয়। ইয়াৰ বাবে প্ৰদূষণকো দোষাৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ভাৰতবৰ্ষৰ প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন উচ্চ ৰক্তচাপত আক্ৰান্ত। ইয়াৰ উপৰিও এই ধৰণৰ সমস্যাও ওলাই আহিছে। এনে পৰিস্থিতিত বিশেষজ্ঞসকলৰ মতে এই সমস্যা অতি ভয়াৱহ। গতিকে প্ৰতিখন ৰাজ্যই নিজৰ নাগৰিকৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত।

প্ৰসংগক্ৰমে আপুনি যদি আপোনাৰ ব্যস্ত জীৱনত কেইটামান পৰিৱৰ্তন কৰিব পাৰে। তেতিয়াহে ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰিব।

১) নিয়মিতভাৱে ব্যায়াম কৰক 

২) উচ্চ ৰক্তচাপ থকা ৰোগীয়ে গোটেই দিনটো মাত্ৰ ২ গ্ৰাম নিমখ সেৱন কৰিব লাগে। ৫ গ্ৰাম পৰ্যন্ত খাব পাৰে

৩) খাদ্যত ভেজিটেবল ফেট, অলিভ অইল, ওমেগা অইল , ভেজিটেবল অইল অন্তৰ্ভুক্ত কৰক। উচ্চ চৰ্বিযুক্ত খাদ্য, পশুৰ চৰ্বি, তেলীয়া খাদ্য আৰু কাৰ্বহাইড্ৰেট পৰিহাৰ কৰক

৪) ব্যস্ততাৰ পৰা সময় উলিয়াই কমেও ১৫ মিনিট ধ্যান কৰক।

৫) মদ্যপান আৰু চিগাৰেটৰ পৰা নিজকে আঁতৰাই ৰখা ভাল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব