--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ। এই সমস্যা ভাৰতীয়ৰ মাজত সৰ্বাধিক। এই ইংগিত ‘দ্য লেন্সেট ডায়েবেটিছ এণ্ড এণ্ড’ক্ৰিন’লজি জাৰ্নেল’ত পোৱা গৈছিল। য'ত প্ৰকাশিত তথ্য অনুসৰি দেশৰ কমেও ১১.৪ শতাংশ লোক ডায়েবেটিছ সমস্যাত ভুগি আছে। আৰু ৩৫.৫ শতাংশ লোকৰ উচ্চ ৰক্তচাপত।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ), মাদ্ৰাজ ডায়েবেটিছ ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু আন কিছুমান সংস্থাই যৌথভাৱে সমগ্ৰ দেশতে এই সমীক্ষা চলাইছিল। সেই সমীক্ষা অনুসৰি ভাৰতীয়ৰ শৰীৰৰ চৰ্বি বাঢ়িছে। স্বাভাৱিক মেদবহুলতাৰ হাৰ ২৮.৬ শতাংশ হোৱাৰ বিপৰীতে অস্বাভাৱিক মেদবহুলতাৰ হাৰ ৩৯.৫ শতাংশ। আৰু তাৰ বাবেই হৃদৰোগ, কেন্সাৰ, ষ্ট্ৰোক আদি সমস্যা বাঢ়িছে।

লিপিড প্ৰফাইলৰ অৱনতি ঘটিছে। এই সমস্যাৰ বেছিভাগেই অনিয়মিত জীৱনশৈলীৰ বাবেই হোৱা বুলি বিশ্বাস কৰা হয়। যেনে- যথা সময়ত খাদ্য গ্ৰহণ নকৰা, টোপনি কম হোৱা ইত্যাদি। গাঁওতকৈ চহৰবাসীয়ে এনে সমস্যাত বেছিকৈ ভুগিবলগীয়া হয়। ইয়াৰ বাবে প্ৰদূষণকো দোষাৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ভাৰতবৰ্ষৰ প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন উচ্চ ৰক্তচাপত আক্ৰান্ত। ইয়াৰ উপৰিও এই ধৰণৰ সমস্যাও ওলাই আহিছে। এনে পৰিস্থিতিত বিশেষজ্ঞসকলৰ মতে এই সমস্যা অতি ভয়াৱহ। গতিকে প্ৰতিখন ৰাজ্যই নিজৰ নাগৰিকৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত।

প্ৰসংগক্ৰমে আপুনি যদি আপোনাৰ ব্যস্ত জীৱনত কেইটামান পৰিৱৰ্তন কৰিব পাৰে। তেতিয়াহে ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰিব।

১) নিয়মিতভাৱে ব্যায়াম কৰক 

২) উচ্চ ৰক্তচাপ থকা ৰোগীয়ে গোটেই দিনটো মাত্ৰ ২ গ্ৰাম নিমখ সেৱন কৰিব লাগে। ৫ গ্ৰাম পৰ্যন্ত খাব পাৰে

৩) খাদ্যত ভেজিটেবল ফেট, অলিভ অইল, ওমেগা অইল , ভেজিটেবল অইল অন্তৰ্ভুক্ত কৰক। উচ্চ চৰ্বিযুক্ত খাদ্য, পশুৰ চৰ্বি, তেলীয়া খাদ্য আৰু কাৰ্বহাইড্ৰেট পৰিহাৰ কৰক

৪) ব্যস্ততাৰ পৰা সময় উলিয়াই কমেও ১৫ মিনিট ধ্যান কৰক।

৫) মদ্যপান আৰু চিগাৰেটৰ পৰা নিজকে আঁতৰাই ৰখা ভাল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন