--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যৰ নীতিকথা সমূহে ২,৫০০ বছৰ পিছতো মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।  চাণক্যই  নানা শ্লোকৰ জৰিয়তে কেতবোৰ বিশেষ উপদেশ দি গৈছে। কেৱল উপদেশেই নহয় তেওঁৰ এই শ্লোকত কেতবোৰ সতর্কবাণীও আছে। চাণক্যই কৈছে যে গণিকাৰ ওচৰলৈ যোৱা পুৰুষ ধনহীন হৈ আহে।

তেনে ধনহীন পুৰুষক এটা সময়ত গণিকায়ো ত্যাগ কৰে। ৰজা যদি শক্তিহীন হয় তেন্তে তেনে শক্তিহীন ৰজাক প্ৰজাই ত্যাগ কৰে অর্থাৎ তেনে ৰজাক প্ৰজাই ক্ষমতাচ্যুত কৰে। যি গছত কোনো ফল নাথাকে সেই গছ চৰায়ে ত্যাগ কৰে। কাৰণ চৰায়ে ক্ষুধা নিবাৰণৰ বাবে তেনে গছত কোনো ফল বিচাৰি নাপায়। একেদৰে আলহীয়ে গৃহস্থৰ ঘৰত ভোজন কৰাৰ পিছতেই সেই ঘৰ ত্যাগ কৰিব লাগে।

 আলহীয়ে যদি ভোজন কৰাৰ পিছতো সেই ঘৰত শয়ন কৰিব বিচাৰে অথবা আৰু কিছুদিন থাকি যাব বিচাৰে তেন্তে সেয়া গৃহস্থৰ বাবে আমনিদায়ক আৰু এক বোজা স্বৰূপ হৈ পৰে। সেইবাবে আলহীয়ে ভোজন কৰাৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰিব লাগে।চাণক্যই কোৱা মূল কথাটো হ’ল গণিকাই ধনহীন কৰে পুৰুষক, প্রজাই ক্ষমতাচ্যুত কৰে শক্তিহীন ৰজাক, চৰায়ে ফলহীন বৃক্ষক ত্যাগ কৰে। 

তেনেদৰে অতিথিসকলেও আহাৰ গ্ৰহণৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰা উচিত।একেদৰে ব্ৰাহ্মণে দক্ষিণা গ্রহণৰ পিছতেই যজমানক ত্যাগ কৰে। শিষ্যই বিদ্যা লাভৰ পিছতেই গুৰুক ত্যাগ কৰে আৰু হৰিণাই অগ্নিদগ্ধ অৰণ্য ত্যাগ কৰে। অর্থাৎ কার্য সিদ্ধি অথবা বিপদৰ আগজাননী অনুসৰি কেতবোৰ স্থান আৰু পাত্র ত্যাগ কৰিব লাগে। 

চাণক্যই তেওঁৰ শ্লোকৰ মাধ্যমেৰে মানুহে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পিছত কেতবোৰ নিৰ্দিষ্ট কাম কৰাৰ পৰামর্শ দিছে। ব্রাহ্মণে পূজা-পাঠ কৰিবলৈ যজমানৰ ঘৰলৈ যায়। যজমানৰ ঘৰত পূজা-পাঠ সম্পূৰ্ণ হোৱাৰ পিছতেই ব্রাহ্মণে যজমানৰ ঘৰ ত্যাগ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব