--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাস্তু শাস্ত্ৰত ব্ৰহ্মস্থানৰ গুৰুত্ব অপৰিসীম। এই স্থান অক্ষত অৱস্থাত নাথাকিলে নানান অপায় অমংগল হ’ব পাৰে।  ঘৰৰ মধ্যস্থানক ব্ৰহ্মস্থান বুলি কোৱা হয়। এই ব্ৰহ্মস্থান অতি উত্তম স্থান। এই ব্ৰহ্মস্থান বাস্তু পুৰুষৰ নাভিস্থলৰ চাৰিওদিশে অৱস্থান কৰে। এই ব্ৰহ্মস্থান সেয়ে চিহ্নিত কৰি লোৱাটো উচিত। 

ব্ৰহ্মস্থান যাতে কোনো পৰিস্থিতিতে ক্ষতিগ্রস্ত নহয়, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । চিত্ৰত ভূমি এডোখৰৰ ব্ৰহ্মস্থানৰ অৱস্থান চিহ্নিত কৰা হৈছে। কাৰ্যালয় আদিত ব্ৰহ্মা স্থানত সৰু মন্দিৰ স্থাপন কৰিব পাৰি। ব্ৰহ্মস্থান সদায় পৰিষ্কাৰে ৰখাৰ লগতে ফুল, গছ আদিৰে সজাই ৰাখিব পাৰিলে ভাল।

 ব্ৰহ্মস্থানৰ সুন্দৰ পৰিচৰ্যাৰ জৰিয়তে সুখ-শান্তি তথ্য সম্পদ বৃদ্ধি পায়। ব্ৰহ্মস্থানত কোনোধৰণৰ গাঁত আদি খান্দিব নালাগে অথবা তেনে স্থানত মলিয়ন বস্তু, জোতা- চেণ্ডেল আদি ৰাখিব নালাগে । ঘৰ সাজোতে ব্ৰহ্মস্থান সদায় চিহ্নিত কৰি ল'ব লাগে আৰু সেই মতে ব্রহ্মস্থান নিকা কৰি ৰাখিব লাগে । 

ব্ৰহ্মস্থান ঢাকি ৰখাৰ সলনি মুকলিকৈ ৰাখিব পাৰিলে ভাল ৷ব্ৰহ্মস্থান এনেভাৱে মুকলি কৰি ৰাখিব লাগে যাতে প্রয়োজন অনুসৰি সেই স্থানত বিভিন্ন পূজা-পার্বণ, উৎসৱ আদি পাতিব পাৰি। ব্ৰহ্মস্থানত জাবৰ পেলোৱা, কুঁৱা, স্তম্ভ, পিলাৰ আদি নিৰ্মাণ কৰা অনুচিত । সৰু ঘৰৰ ক্ষেত্ৰত ব্ৰহ্মস্থান মুকলিকৈ নাৰাখিলেও কোনো কথা নাই। সৰু ঘৰৰ ক্ষেত্ৰত ব্ৰহ্মস্থানত শোৱনি কোঠা স্থাপন কৰিব পাৰি। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?