--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

জয় জোৱান জয় কিষাণ… আজি সঁচাকৈয়ে জয় হ’ল কিষাণ অৰ্থাৎ কৃষকৰ। ১৯ নৱেম্বৰ,২০২১ এই দিনটো কৃষক সমাজৰ বাবে ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ল। কৃষকৰ অবিচল আৰু শক্তিশালী স্থিতিৰ ওচৰত নতশিৰ হবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। কৃষকসমাজক যোৱা এটা বছৰে ক্ষোভিত কৰি ৰখা তিনিখন কৃষি আইন অৱশেষত বাতিল কৰিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। এই আইন বাতিল কৰিবলৈ যোৱা এটা বছৰৰো অধিক কাল তীব্ৰ আন্দোলন অব্যাহত ৰাখিছিল কৃষকসকলে।কৃষি আইন বলবৎ কৰাক লৈ অবিচল হৈ থকা কেন্দ্ৰীয় চৰকাৰে কৃষকৰ নিৰন্তৰ আন্দোলনত সেই অৱস্থানৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ’ল। সেয়েহে আজি প্ৰতি কৃষকৰ ঘৰে ঘৰে বৈছে আনন্দৰ বন্যা।

কৃষক আন্দোলনৰ আঁত বিচাৰিঃ

'মাটি আৰু খেতিয়কৰ/সম্বন্ধ আছে যুগ-যুগৰ/কৃষক মাটিৰ মিলনত/দিয়ে অন্তৰায়'
অসম গৌৰৱ ভূপেন হাজৰিকাই কৃষক সমাজৰ মৰ্মন্তুদ বেদনা উপলব্ধি কৰিয়েই ৰচিছিল ‘অ’ মোৰ ধৰিত্ৰী আই’ শীৰ্ষক গীতটি। গীতটিৰ প্ৰতি শাৰীতেই ফুটি উঠে কৃষকে সময়ে সময়ে সন্মুখীন হৈ নানা লাঞ্ছনা, নানা সমস্যাৰ কথা। এইখন কৃষিপ্ৰধান দেশ। কিন্তু কৃষিপ্ৰধান দেশতেই চৰম অৱহেলিত কৃষকসকল। এই দেশত কৃষকে প্ৰাপ্য ন্যায় বিচাৰি চিঞৰিব লাগে, কান্দিব লাগে, ৰাজপথত আন্দোলন কৰিব লাগে। কৃষক আন্দোলন ভাৰতীয় কৃষক সমাজৰ বাবে কোনো নতুন কথা নহয়। অসমলৈ যদি চাও তেন্তে 'পথৰুঘাটৰ আন্দোলন' হ'ব ইয়াৰ উৎকৃষ্ট উদাহৰণ। আনহাতে যোৱা এটা বছৰৰো অধিক কাল ভাৰতক জোকাৰি থাকিল কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে অব্যাহত ৰখা কৃষক আন্দোলনে। ২০২০ চনৰ ৯ আগষ্টত এই আন্দোলনৰ আৰম্ভণি হয়। আন্দোলনটো হোৱাৰ মুখ্য কাৰণ আছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি বিধেয়ক। যি বিধেয়ক সম্পূৰ্ণৰূপে কৃষক সমাজক ক্ষতিগ্ৰস্ত কৰা বিধেয়ক আছিল। ২০২০ বৰ্ষৰ ছেপ্তেম্বৰ মাহত সংসদৰ অধিৱেশনত এই তিনি খন নতুন কৃষি বিধেয়ক আইনত পৰিণত হয়৷ এই আইন তিনিখন হ’ল –

১) কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) আইন ২০২০
২) কৃষকৰ (কতৃৰ্ত্বৱান আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন ২০২০
৩) অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন)আইন ২০২০

এই তিনিখন আইনৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিল ভাৰতীয় কৃষকসকল। 'এই আইন আমি কেতিয়াও মানি নলওঁ' বুলি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিল কৃষকসকল। ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হ’ল ‘দিল্লী চলো’ আন্দোলন৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকল বিশেষভাৱে সক্রিয় আছিল৷ এই আইনকেইখনক ‘কর্প’ৰেট বান্ধৱ’ আৰু ‘কৃষকবিৰোধী’ আখ্যা দি আন্দোলনকাৰী কৃষক সংগঠনবোৰৰ নেতাসকলে অভিযোগ কৰিছে যে এই আইনকেইখনৰ যোগেদি কৃষকসকলক কর্প’ৰেট গোষ্ঠীবোৰৰ ক্রীতদাসত পৰিণত কৰিব বিচৰা হৈছে৷ কৃষকসকলে আশংকা প্রকাশ কৰে যে অনেক ত্যাগৰ বিনিময়ত, কৃষিজাত সামগ্রীৰ ন্যুনতম সমর্থনমূল্য আদায়ৰ অধিকাৰ নতুনকৈ প্রণয়ন কৰা আইন তিনিখনৰ যোগেদি চৰকাৰে হৰণ কৰিব৷

কৃষকসকলৰ দাবী

১)কৃষকসকলৰ মূল দাবীটো হ'ল তিনিখন আইন প্ৰত্যাহাৰ কৰা যিয়ে তেওঁলোকৰ শস্যৰ বিক্ৰী নিয়ন্ত্ৰণমুক্ত কৰে।
২)আইন কেইখন দেশৰ বৃহৎ কোম্পানীবোৰৰ প্ৰতি অধিক অনুকূল আৰু কৃষকসকলক আইনীভাৱে শক্তিশালী নকৰে।
৩)নিম্নতম সমৰ্থন মূল্য (MSP) শক্তিশালী কৰক - এম.এছ.পি.ক আইনী অধিকাৰ প্ৰদান কৰিব লাগিব আৰু ই অব্যাহত থাকিব লাগিব, আদৰ্শগতভাৱে আইনৰ সংশোধনৰ জৰিয়তে।
৪)তেওঁলোকে দাবী কৰিছে যে কৃষি উৎপাদন বজাৰ সমিতি আইন (APMC) সংস্কাৰ হ'ব লাগে, কিন্তু ইয়াৰ অপসাৰণ নহয়।
৫)কৃষিখণ্ডত বিনিয়োগ চৰকাৰৰ হ'ব লাগিব, ব্যক্তিগত খণ্ডৰ নহয়।
৬)তেওঁলোকে চৰকাৰক প্ৰস্তাৱিত বিদ্যুৎ (সংশোধনী) বিধেয়ক, ২০২০ প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায়।
৭)তেওঁলোকে এক নিম্নতম সমৰ্থন মূল্য (MSP) বিধেয়ক গঠনৰ দাবী জনাইছে, যাতে নিশ্চিত কৰিব পাৰি যে কৰ্পোৰেট কোম্পানীবোৰে মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

চৰকাৰৰ আলোচনা ব্যৰ্থ

প্ৰতিবাদ-আন্দোলনৰ পিছৰে পৰা চৰকাৰে কৃষকসকলৰ সৈতে প্ৰায় ১৫ বাৰ আলোচনাত মিলিত হয়। কিন্তু এই আলোচনাত কৃষকসকলক এবাৰলৈ হ'লেও মান্তি কৰাবলৈ সক্ষম নহ'ল কেন্দ্ৰ চৰকাৰ। নিজ স্থিতিত আঁকোৰগোজ থাকে কৃষকসকল। তেওঁলোকৰ স্থিতি ইমানেই অদমনীয় আছিল যে আলোচনাৰ অন্তত কেন্দ্ৰ চৰকাৰে যঁচা ভোজন পৰ্যন্ত তেওঁলোকে নাকচ কৰিছিল। খোৱা নাছিল এটুপি পানীও। নিজৰ লগত লৈ যোৱা আহাৰ আৰু পানীহে গ্ৰহণ কৰিছিল কৃষকসকলে। আন্দোলনকাৰী কৃষকসকলক প্রতিনিধিত্ব কৰা ত্রিশটাৰো অধিক সংগঠনে তেওঁলোকৰ দাবীসমূহৰ ক্ষেত্রত আপোচহীন মনোভাব প্রদর্শন কৰি থাকে৷ কৃষকসকলৰ দাবী একেটাই থাকিল যে বিতর্কিত কৃষি আইনকেইখন বাতিল কৰা আৰু কৃষিজাত সামগ্রীৰ ন্যুনতম সমর্থনমূল্য নিশ্চিত কৰা৷ এই দাবী পূৰণ নোহোৱালৈকে আন্দোলন চলাই যাবলৈ ৰাজপথলৈ ওলাই আহিল লক্ষাধিক কৃষক৷ প্রতিদিনে নতুন নতুন অঞ্চলৰ পৰা কৃষক আহি আন্দোলনত যোগ দিয়েহি।

কৃষকসকলৰ ৰুদ্রমূর্তি প্রত্যক্ষ কৰি সেও মানিলে কেন্দ্রীয় চৰকাৰে

সাধাৰণতে বর্তমানৰ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখন জন আন্দোলনৰ প্রতি কেৰেপ কৰা বিধৰ চৰকাৰ নহয়৷ ‘কা’বিৰোধী আন্দোলন, ব্যক্তিগতকৰণৰ প্রক্রিয়া বাতিল কৰা আদি বিষয়ত যোৱা দুটা বছৰত চলা তীব্র গণ আন্দোলনেই ইয়াৰ প্ৰমাণ। কিন্তু এইবাৰ ঘটনা বেলেগ যেন দেখি চৰকাৰে সেও মানিবলৈ বাধ্য হ'ল৷ আন্দোলন সমগ্র দেশতে বিয়পি পৰাৰ আগতেই অৱশেষত বিতৰ্কিত তিনিখন কৃষি আইন বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা

তিনিখন আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ''আমাৰ উদ্দেশ্য সৎ আছিল। কিন্তু কৃষি আইনৰ সুফলৰ কথা একাংশ কৃষকক আমি বুজোৱাত ব্যৰ্থ হ’লো।‘’ প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক আন্দোলনৰ পথ ত্যাগ কৰি পুনৰ কৃষি পথাৰলৈ উভতি যোৱাৰ বাবে আহ্বান জনায়। মোদীয়ে কয়,''আহক আমি সকলো আকৌ নতুনকৈ আৰম্ভ কৰো।'' তেওঁ লগতে কয় যে ‘এতিয়া কাকো দোষাৰোপ কৰাৰ সময় নহয়।'' গুৰু নানকৰ জন্মদিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা এই ঐতিহাসিক ঘোষণাক একাংশ ৰাজনৈতিক বিশ্লেষকে তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰিছে। কিয়নো কৃষি আইন বাতিলৰ দাবীত দিল্লীত আন্দোলনত নমা কৃষকসকলৰ অধিকাংশই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ কাষৰীয়া অঞ্চলৰ পৰা আহিছিল।ইয়াৰ মাজত শিখ আৰু জাঠ সম্প্ৰদায়ৰ অংশগ্ৰহণেই আছিল সৰ্বাধিক। উল্লেখযোগ্য যে আজি এবছৰতকৈ অধিক কাল কৃষকে যুঁজিলে, বিৰোধীয়ে প্ৰতিবাদ কৰিলে, ৭০০তকৈ অধিক লোকে প্ৰাণ বিসৰ্জন দিলে। কিন্তু শেষত চৰকাৰ বাধ্য হ’ল। ‘ৰাইজেই ৰজা’ সেয়া চৰকাৰে মানি ল’লে।

বিৰোধীৰ প্ৰতিক্ৰিয়া

বিজেপিক তীব্ৰ সমালোচনা কৰি কয় বিৰোধীয়ে কয় যে বিজেপিয়ে মুখ থেকেছা খাইছে। ক্ষমতাৰ স্বাৰ্থত এই আইন বাতিল কৰিছে, কিয়নো নিৰ্বাচন সমাগত। কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলায়, ৭০০ কৃষকৰ প্ৰাণ লৈয়ো এই আইন বাতিল নকৰিলে! এতিয়া চৰকাৰ সলনি হ’ব বুলি ভয় খাইহে এই আইন বাতিল কৰিছে। বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰিছিল, প্ৰতিবাদ হোৱাৰ পাছতো মোদীয়ে গুৰুত্ব দিয়া নাছিল, কিন্তু নিৰ্বাচন অহাৰ বাবেই মোদীয়ে আঁঠু লৈ সেৱা কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীক কটাক্ষ কৰে। কৃষি আইন বাতিলৰ দাবীত দিল্লীত আন্দোলনত নমা কৃষকসকলৰ অধিকাংশই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ কাষৰীয়া অঞ্চলৰ পৰা আহিছিল। তাতেই অহা বছৰৰ আৰম্ভণিতেই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন আছে। গতিকে নিজৰ লাভৰ স্বাৰ্থতে এই তিনিখন আইন বাতিল কৰা বুলি কয় কংগ্ৰেছ তথা আন বিৰোধী দলসমূহে।

সংসদত বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদস্থলীতে থাকিব কৃষক

মোদীৰ ঘোষণাক এতিয়াও ভৰসা কৰা নাই কৃষক নেতা ৰাকেশ টিকাইটে। এক টুইটযোগে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা টিকাইটে স্পষ্ট কৰিছে যে সংসদত বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদী কৃষকে আন্দোলন প্ৰত্যাহাৰ নকৰে। লগতে MSP ৰ লগতে কৃষকৰ অন্যান্য দাবীৰ বিষয়েও চৰকাৰক চৰ্চা কৰিবলৈ দাবী জনাই কৃষক নেতাজনে। কৃষি আইন বাতিলৰ সিদ্ধান্ত ঘোষণা কৰি মোদীয়ে প্ৰতিবাদী কৃষকসকলক কৃষি কৰ্মলৈ ঘূৰি যাবলৈ আহ্বান জনায়। কিন্তু টিকাইটে স্পষ্টকৈ সংসদত বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদী কৃষক প্ৰতিবাদস্থলীতে থাকিব বুলি জনাই দিছে।

ঐতিহাসিক জয়

এই কৃষকৰ জয় ঐতিহাসিক জয়। আইন তিনিখন বাতিল কৰাত কেন্দ্ৰ চৰকাৰৰ যিমানেই ন্যস্ত স্বাৰ্থ জড়িত নাথাকক কিয় অৱশেষত সেও মানিবলৈ যে বাধ্য হ'ল তাতকৈ পৰম সুখৰ কথা কি হ'ব পাৰে এইখন কৃষিপ্ৰধান দেশত। কৃষিপ্ৰধান দেশত আজি অন্নদাতা কৃষকৰ জয়ত সুখী হৈ পৰিছে প্ৰতিজন ভাৰতীয়। ২০২১ চনৰ ১৯ নৱেম্বৰ তাৰিখটো এক ঐতিহাসিক দিন হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰ'ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
সাধু-সন্ন্যাসীৰে উখল-মাখল কামাখ্যা, আজি বন্ধ হ'ব মন্দিৰৰ দুৱাৰ
ছ’চিয়েল মিডিয়াত হালধি আৰু পানীৰ যাদু! এই ট্ৰেণ্ডৰ আঁৰৰ কাৰণ জানো আহক
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত