ডিজিটেল ডেস্ক: বেবেজীয়া জুৰিয়া নামঘৰৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত এজন।
নগাঁও দিশৰ পৰা ৰহাৰ দিশে গৈ থকা অৱস্থাত AS 21A C3349 নম্বৰৰ এখন ই-ৰিক্সা আৰু AS 01 TC 0727 নম্বৰৰ এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোৰ ফলত দিব্য নাথ নামৰ ই-ৰিক্সাখনৰ চালকজন থিতাতে নিহত হয়। আৰু ই-ৰিক্সাখনত থকা যাত্ৰী তৃষ্ণা হাজৰিকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে তৃষ্ণা হাজৰিকা এগৰাকী শিক্ষয়িত্ৰী। তেওঁ ৰহাৰ এখন বিদ্যালয়ত শিক্ষকতা কৰে।নিজৰ কৰ্তব্যলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।
ইতিমধ্যে গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰীগৰাকীক বেবেজীয়া আৰক্ষীয়ে উদ্ধাৰ কৰি নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বেবেজীয়া আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকৰ ড্ৰাইভাৰক আটক কৰিছে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ৰাস্তাৰে পাৰ হোৱা এটা কুকুৰ বচাবলৈ গৈ এই দুৰ্ঘটনাটো সংঘটিত হয়।