--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ ১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’বলৈ গৈ আছে কেৱল মাত্ৰ এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক। অৰ্থাৎ আমি বৰ্তমান ব্যৱহাৰ কৰা সকলো প্লাষ্টিকৰ চামুচ, বাটি, কাপ আৰু গিলাচ, ষ্ট্ৰ’ৰ পৰা, সকলোবোৰ নিষিদ্ধ হ’ব। এনে অৱস্থাত শীতল পানীয় প্ৰস্তুত কৰা কোম্পানীসমূহে ১০টকীয়া পেকৰ দাম বৃদ্ধি কৰা বা বন্ধ কৰাৰ চিন্তা আৰম্ভ কৰিছে। বৰ্তমান ফ্ৰুটি, ট্ৰপিকানা, স্লাইচ, ৰিয়েল আৰু মাজাৰ দৰে চফ্ট আৰু জুচ ড্ৰিংকছ কোম্পানীয়ে ট্ৰেটা পেক ১০ টকাত বিক্ৰী কৰে। ইয়াৰ লগত এডাল ষ্ট্ৰ’ও দিয়া হয়, যাতে গ্ৰাহকে ৰসপান কৰাটো সহজ হয়। 

বৰ্তমান ষ্ট্ৰ’ বেন হ’বলৈ গৈ আছে কিন্তু কোম্পানীসমূহৰ হাতত ইয়াৰ কোনো উপযুক্ত বিকল্প নাই। প্লাষ্টিক ষ্ট্ৰ’ৰ বিকল্প হ’ল কাগজৰ ষ্ট্ৰ’, কিন্তু কাগজৰ ষ্ট্ৰ’ ভাৰতত বৃহৎ পৰিসৰত নিৰ্মাণ কৰা নহয় সেয়েহে এই কোম্পানীবোৰে ইয়াক যোগান ধৰিব নোৱাৰে। কাগজৰ ষ্ট্ৰ’ কোম্পানীসমূহে ইণ্ডোনেছিয়া, চীন আৰু মালয়েছিয়াৰ পৰা আমদানি কৰিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকৰ খৰচ বৃদ্ধি পাব। ইয়াৰ বাবে কোম্পানীসমূহে হয় ‘১০ টকা’ৰ ডিমাণ্ড মাৰ্কৰ ওপৰলৈ যাব লাগিব নহয় এই পেক বন্ধ কৰিব লাগিব বুলি আশংকা কৰিছে। 

উল্লেখ্য যে ফ্ৰুটি ব্ৰেণ্ডৰ স্বত্বাধিকাৰী পাৰ্লে এগ্ৰ’ই এই নিষেধাজ্ঞা ৬ মাহ আগুৱাই নিবলৈ চৰকাৰক দাবী জনাইছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া এছ. চৌহানে কয় যে ইয়াক আপাততঃ পিছুৱাই দিলে পেকেজিং কোম্পানীসমূহে ঘৰুৱাভাৱে কাগজৰ ষ্ট্ৰ’ নিৰ্মাণৰ বাবে উপযুক্ত আন্তঃগাঁথনি সৃষ্টি কৰিব পাৰিব। এই দাবী কিমান ফলপ্ৰসূ হয় সেয়াহে হ’ব লক্ষ্যণীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক