--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ ১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’বলৈ গৈ আছে কেৱল মাত্ৰ এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক। অৰ্থাৎ আমি বৰ্তমান ব্যৱহাৰ কৰা সকলো প্লাষ্টিকৰ চামুচ, বাটি, কাপ আৰু গিলাচ, ষ্ট্ৰ’ৰ পৰা, সকলোবোৰ নিষিদ্ধ হ’ব। এনে অৱস্থাত শীতল পানীয় প্ৰস্তুত কৰা কোম্পানীসমূহে ১০টকীয়া পেকৰ দাম বৃদ্ধি কৰা বা বন্ধ কৰাৰ চিন্তা আৰম্ভ কৰিছে। বৰ্তমান ফ্ৰুটি, ট্ৰপিকানা, স্লাইচ, ৰিয়েল আৰু মাজাৰ দৰে চফ্ট আৰু জুচ ড্ৰিংকছ কোম্পানীয়ে ট্ৰেটা পেক ১০ টকাত বিক্ৰী কৰে। ইয়াৰ লগত এডাল ষ্ট্ৰ’ও দিয়া হয়, যাতে গ্ৰাহকে ৰসপান কৰাটো সহজ হয়। 

বৰ্তমান ষ্ট্ৰ’ বেন হ’বলৈ গৈ আছে কিন্তু কোম্পানীসমূহৰ হাতত ইয়াৰ কোনো উপযুক্ত বিকল্প নাই। প্লাষ্টিক ষ্ট্ৰ’ৰ বিকল্প হ’ল কাগজৰ ষ্ট্ৰ’, কিন্তু কাগজৰ ষ্ট্ৰ’ ভাৰতত বৃহৎ পৰিসৰত নিৰ্মাণ কৰা নহয় সেয়েহে এই কোম্পানীবোৰে ইয়াক যোগান ধৰিব নোৱাৰে। কাগজৰ ষ্ট্ৰ’ কোম্পানীসমূহে ইণ্ডোনেছিয়া, চীন আৰু মালয়েছিয়াৰ পৰা আমদানি কৰিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকৰ খৰচ বৃদ্ধি পাব। ইয়াৰ বাবে কোম্পানীসমূহে হয় ‘১০ টকা’ৰ ডিমাণ্ড মাৰ্কৰ ওপৰলৈ যাব লাগিব নহয় এই পেক বন্ধ কৰিব লাগিব বুলি আশংকা কৰিছে। 

উল্লেখ্য যে ফ্ৰুটি ব্ৰেণ্ডৰ স্বত্বাধিকাৰী পাৰ্লে এগ্ৰ’ই এই নিষেধাজ্ঞা ৬ মাহ আগুৱাই নিবলৈ চৰকাৰক দাবী জনাইছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া এছ. চৌহানে কয় যে ইয়াক আপাততঃ পিছুৱাই দিলে পেকেজিং কোম্পানীসমূহে ঘৰুৱাভাৱে কাগজৰ ষ্ট্ৰ’ নিৰ্মাণৰ বাবে উপযুক্ত আন্তঃগাঁথনি সৃষ্টি কৰিব পাৰিব। এই দাবী কিমান ফলপ্ৰসূ হয় সেয়াহে হ’ব লক্ষ্যণীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰৰ বাবে মহৌষধ হালধি! আচাৰ্য বালকৃষ্ণই জনালে কেনেদৰে কৰিব লাগে ব্যৱহাৰ
১০ মাহত ৮৯৯ কৃষকৰ আত্মহত্যা মহাৰাষ্ট্ৰত, ৮ জিলাত বৃষ্টিপাত-বানৰ বাবে শস্য নষ্ট
দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ, ৯ ডিচেম্বৰৰ ভিতৰত আৱশ্যকীয় কাৰ্যপন্থা ল'বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন
দিল্লী বিস্ফোৰণৰ আঁৰত পাকিস্তানী ঔৰংজেৱ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
বালাজান আৰক্ষীৰ সফলতা; বৃহৎপৰিমাণৰ গাঁজাসহ আটক সৰবৰাহকাৰী কুতুবউদ্দিন আলী