--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্ক : শীতকালত পৰিৱৰ্তিত বতৰত চৰ্দি, কাহ, ডিঙিৰ বিষৰ দৰে সমস্যা ইমানেই বাঢ়ি যায় যে কাহৰ বাবে সকলোৱে এক ডাঙৰ সমস্যাৰ সৈতে যুঁজিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে বহু সময়ত মানুহৰ উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ লগতে ডিঙিৰ সংক্ৰমণ কিয় হয় আৰু প্ৰতিৰোধৰ বাবে কি কৰিব লাগে সেই বিষয়ে জানো আহক।

ডিঙিৰ সংক্ৰমণৰ কাৰণসমূহ-
শীতকাল আৰম্ভ হোৱাৰ লগে লগে তাপমাত্ৰা কমিবলৈ আৰম্ভ কৰে যাৰ বাবে ডিঙিৰ সংক্ৰমণ, চৰ্দি আৰু কাহ সাধাৰণ কথা হৈ পৰে। শীতকালত বলি থকা প্ৰদূষিত বতাহে আমাৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰত বেয়াকৈ প্ৰভাৱ পেলায়, যাৰ বাবে ডিঙিলৈকে সংক্ৰমণ বিয়পে। শুকান আৰু ঠাণ্ডা বতাহে ডিঙিৰ আৱৰণত প্ৰভাৱিত কৰি প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল কৰি তোলে। ইয়াৰ উপৰি শীতকালত মানুহে বন্ধ ঠাইত অধিক সময় কটায়, যাৰ ফলত বতাহৰ মাজেৰে ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

উষ্ণতা কম হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকসকল প্ৰথমে চৰ্দি বা ইনফ্লুৱেঞ্জাৰ দৰে ঋতুভিত্তিক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। শুকান আৰু ঠাণ্ডা বতাহত কম আৰ্দ্ৰতাই নাকৰ পথ শুকুৱাই দিয়ে, যাৰ ফলত বেক্টেৰিয়া সহজে প্ৰৱেশ কৰে। পূৰ্বতে শ্বাস-প্ৰশ্বাসজনিত সমস্যা বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ ডিঙিৰ সংক্ৰমণৰ আশংকা বিশেষভাৱে থাকে।

নিজকে এইদৰে সুৰক্ষিত কৰক-
ডিঙিৰ সংক্ৰমণ বা চৰ্দি আৰু কাহ প্ৰতিৰোধৰ বাবে আপোনাৰ চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই গৰম কাপোৰ পিন্ধিব। ঘৰতো গৰম কাপোৰ পিন্ধক। নিয়মিতভাৱে হাত ধোৱাৰ ফলত বেক্টেৰিয়াৰ বিস্তাৰ হ্ৰাস পায়। ডিঙি আৰ্দ্ৰ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ নিজকে হাইড্ৰেটেড কৰি ৰাখক। গাৰ্গলিঙৰ বাবে কুহুমীয়া নিমখীয়া পানী ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰি আপোনাৰ খাদ্যত ভিটামিন-চি আৰু এন্টিঅক্সিডেন্টসমৃদ্ধ সুষম খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ভিৰ কৰা ঠাইত মাস্ক পৰিধান কৰা আৰু হঠাতে ঠাণ্ডা বতাহৰ সংস্পৰ্শলৈ অহাৰ পৰা আঁতৰি থাকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ