--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্ক : শীতকালত পৰিৱৰ্তিত বতৰত চৰ্দি, কাহ, ডিঙিৰ বিষৰ দৰে সমস্যা ইমানেই বাঢ়ি যায় যে কাহৰ বাবে সকলোৱে এক ডাঙৰ সমস্যাৰ সৈতে যুঁজিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে বহু সময়ত মানুহৰ উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ লগতে ডিঙিৰ সংক্ৰমণ কিয় হয় আৰু প্ৰতিৰোধৰ বাবে কি কৰিব লাগে সেই বিষয়ে জানো আহক।

ডিঙিৰ সংক্ৰমণৰ কাৰণসমূহ-
শীতকাল আৰম্ভ হোৱাৰ লগে লগে তাপমাত্ৰা কমিবলৈ আৰম্ভ কৰে যাৰ বাবে ডিঙিৰ সংক্ৰমণ, চৰ্দি আৰু কাহ সাধাৰণ কথা হৈ পৰে। শীতকালত বলি থকা প্ৰদূষিত বতাহে আমাৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰত বেয়াকৈ প্ৰভাৱ পেলায়, যাৰ বাবে ডিঙিলৈকে সংক্ৰমণ বিয়পে। শুকান আৰু ঠাণ্ডা বতাহে ডিঙিৰ আৱৰণত প্ৰভাৱিত কৰি প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল কৰি তোলে। ইয়াৰ উপৰি শীতকালত মানুহে বন্ধ ঠাইত অধিক সময় কটায়, যাৰ ফলত বতাহৰ মাজেৰে ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

উষ্ণতা কম হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকসকল প্ৰথমে চৰ্দি বা ইনফ্লুৱেঞ্জাৰ দৰে ঋতুভিত্তিক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। শুকান আৰু ঠাণ্ডা বতাহত কম আৰ্দ্ৰতাই নাকৰ পথ শুকুৱাই দিয়ে, যাৰ ফলত বেক্টেৰিয়া সহজে প্ৰৱেশ কৰে। পূৰ্বতে শ্বাস-প্ৰশ্বাসজনিত সমস্যা বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ ডিঙিৰ সংক্ৰমণৰ আশংকা বিশেষভাৱে থাকে।

নিজকে এইদৰে সুৰক্ষিত কৰক-
ডিঙিৰ সংক্ৰমণ বা চৰ্দি আৰু কাহ প্ৰতিৰোধৰ বাবে আপোনাৰ চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই গৰম কাপোৰ পিন্ধিব। ঘৰতো গৰম কাপোৰ পিন্ধক। নিয়মিতভাৱে হাত ধোৱাৰ ফলত বেক্টেৰিয়াৰ বিস্তাৰ হ্ৰাস পায়। ডিঙি আৰ্দ্ৰ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ নিজকে হাইড্ৰেটেড কৰি ৰাখক। গাৰ্গলিঙৰ বাবে কুহুমীয়া নিমখীয়া পানী ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰি আপোনাৰ খাদ্যত ভিটামিন-চি আৰু এন্টিঅক্সিডেন্টসমৃদ্ধ সুষম খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ভিৰ কৰা ঠাইত মাস্ক পৰিধান কৰা আৰু হঠাতে ঠাণ্ডা বতাহৰ সংস্পৰ্শলৈ অহাৰ পৰা আঁতৰি থাকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ