--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনে যিদিনাই শোষণৰ নাম পাইছিল সেইদিনাই অসমৰ জনগণ তৎপৰ হৈ পৰিছিল কংগ্ৰেছৰ শাসন ওফৰাই ৰাজ্যত নতুন এখন চৰকাৰক শাসনত অধীষ্ঠিত কৰিবলৈ। তাৰ পাছত ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে গঠন হৈছিল বিজেপি চৰকাৰ। প্ৰথমটো কাৰ্যকাল তিতা-কেঁহাৰ মাজেৰে অতিক্ৰম কৰাৰ পাছতো পুনৰ বিজেপি ৰাজ্যত শাসনলৈ আহিল আৰু এইবাৰ চৰকাৰৰ মুৰব্বী ৰূপে অধীষ্ঠিত হ’ল হিমন্ত বিশ্ব শৰ্মা।

এইবাৰ নতুন চৰকাৰে কিছুমান নতুন পৰম্পৰা আৰম্ভ কৰিলে। তাৰ ভিতৰত অন্যতম হৈছে ৰাজ্যৰ বিভিন্ন ঠাইত কেবিনেট বৈঠক অনুষ্ঠিত কৰা অন্যতম। এই কথাটো অনস্বীকাৰ্য যে, চৰকাৰ এখন জনমুখী হোৱাটো অতি বাঞ্চনীয়। চৰকাৰখন হাততে ঢুকি পোৱাৰ দায়িত্বত থকাটোও বাঞ্চা কৰে সাধাৰণ ৰাইজে। তাৰ বাবে বিভিন্ন সময়ত বিভিন্ন চৰকাৰে জনমুখী পদক্ষেপ গ্ৰহণ কৰি অহাৰ কথা জনা যায়। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আমাৰ অবিদিত নহয়।

তাৰো আগলৈ গ’লে অসমৰ ৰাজনীতিৰ এগৰাকী কিংবদন্তী প্ৰতিনিধি শৰৎ সিংহয়ো ৰাইজৰ কাষলৈ লৈ গৈছিল তেওঁৰ কেবিনেট মন্ত্ৰীসকলক। পিছে একেবাৰে সাধাৰণ ৰাইজৰ বেশেৰে, তেওঁলোকৰ কাষলৈ গৈছিল শৰৎ সিংহ মন্ত্ৰীসভাৰ মন্ত্ৰীসকল। তেওঁলোকে সাধাৰণ লোকৰ দৰে ৰাতি যাপন কৰিছিল চৰকাৰী স্কুলঘৰত। খাইছিল ৰাইজে ৰন্ধা সাধাৰণ ভোজ-ভাত। এইবোৰ আজিৰ সময়ত একো একোটা সাধুসদৃশ কথা। এতিয়াৰ মন্ত্ৰী বা কেবিনেট প্ৰতিনিধিয়ে সেই সময়লৈ পশ্চাৎগমন কৰিব লাগিব বুলি কোৱাৰ যুক্তি নাই। কিন্তু তেওঁলোকে ৰাইজৰ কৰৰ ধন খৰচ কৰাত নিশ্চয় কিছু দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ প্ৰয়োজন আছে।


চৰকাৰৰ শেহতীয়া বঙাইগাঁও কেবিনেট বৈঠকৰ পাছতে তীব্ৰ চৰ্চা চলিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ লাহ-বিলাসক লৈ। অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত এই বৈঠকত কোনো বিশেষ সিদ্ধান্ত বা পদক্ষেপ লোৱাটোও কাৰো দৃষ্টিগোচৰ নহ’ল। বঙাইগাঁৱলৈ গৈ জনজাকিকৰণৰ দৰে অতি স্পৰ্শকাতৰ আৰু প্ৰয়োজনীয় বিষয় সন্দৰ্ভত একো কথা উত্থাপন নকৰিলে কেবিনেটে। তাৰ সলনি সাধাৰণ কিছুমান ঘোষণা কৰিয়েই এই আনু্ষ্ঠানিকতা সামৰিলে। যিবোৰ ঘোষণাৰ বাবে ৰাজকোষৰ ইমানবোৰ ধন খৰচ কৰি আড়ম্বৰপূৰ্ণ আয়োজন কৰাৰ প্ৰয়োজনেই হয়তো নাছিল। কিন্তু ইলিচ মাছৰ পৰা পাঁচবিধ মাংসৰ ভোজ-ভাত আয়োজন কৰা কেবিনেট প্ৰতিনিধিসকলে বঙাইগাঁৱৰ জলন্ত সমস্যাবোৰৰৰ কথা ভাবিবলৈ সময় নাপালে।

এই অভিযোগ এতিয়া সৰ্বত্ৰে উঠিছে। এইকথা পাহৰা উচিত নহয় যে, বিগত কেইটামান মাহত চৰকাৰৰ ৰাজকোষৰ অৱস্থা কি তাৰ উমান এতিয়া ৰাইজে নোপোৱাকৈ থকা নাই। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে বিগত মাত্ৰ চাৰি মাহতে ৰাজ্যই ঋণ লৈছে ৮,৪০০কোটি টকা। অৰ্থাৎ ঋণৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাজ্যৰ অৰ্থব্যৱস্থা চলি আছে। কিয়নো ইতিমধ্যেই ইন্ধনৰ দামৰ বোজাৰে জুৰুলা কৰি পেলোৱা হৈছে ৰাজ্যৰ জনগণক। আৰু কৰৰ ভাৰ দিয়া মানেই সকলোৰে কান্ধ উঠিব নোৱৰাকৈ বেঁকা হৈ যোৱা। উন্নয়নো স্থবিৰ হৈ পৰা বুলি কোৱা হৈছে সেই একেখন প্ৰতিবেদনতে। এতিয়া কেৱল হিতাধিকাৰীক সন্তুষ্ট কৰা আৰপ দা-দৰমহা দিয়াতে চৰকাৰৰ কাম-কাজ সীমাবদ্ধ হৈ পৰিছে। এনে পৰিস্থিতিত ৰাজ্যৰ জনগণৰ কৰৰ ধন ব্যয় কৰি চৰকাৰে এনে বিলাসবহুত উৎসৱ আয়োজন কৰি থকাটো সাধাৰণভাৱে ল’বপৰা নাই সচেতন লোকলকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement