--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত কংগ্ৰেছ এতিয়া অচল টকাত পৰিণত হৈছে। ২০১৪চনৰ পৰা দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত কংগ্ৰেছৰ উপস্থিতিৰ পৰিসৰ ক্ৰমাৎ সংকুচিত হৈ আহিছে। ইটোৰ পাছত সিটো নিৰ্বাচনত নিজে পৰাজিত হোৱাই নহয় কংগ্ৰেছৰ ব্যৰ্থতাৰ বাবেই বহু ৰাজ্যত কংগ্ৰেছৰ দুৰ্বলতাৰ বাবেই বিপদত পৰিছে একাধিক সহযোগী দল। বিহাৰত তেজস্বী যাদৱৰ আৰ জে ডি, উত্তৰ প্ৰদেশত অখিলেশ যাদৱ সমাজবাদী পাৰ্টী আদিয়ে কংগ্ৰেছৰ ওপৰত ভৰসা কৰা বাবেই গাদী লাভৰ দৌৰৰ পৰা বাহিৰ হৈছিল বুলি বিভিন্ন সময়ত চৰ্চা হৈছিল।

একেদৰে ২০১৯চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য গঠন কৰাটো সম্ভৱপৰ নহ’ল কংগ্ৰেছৰ মতগৰ্বী ভূমিকাৰ বাবেই। কংগ্ৰেছে নিজে একো নকৰে কিন্তু আনে অশেষ পৰিশ্ৰমেৰে কৰা উপাৰ্জনৰ সিংহভাগ তেওঁলোকে যেন বিচাৰে তেনে ধাৰণাই হয় কংগ্ৰেছৰ শেহতীয়া কাৰ্যকলাপ দেখিলে। কিন্তু এতিয়া যেন সলনি হৈছে। এইবাৰ আন আন দলবোৰেও নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আৰম্ভ কৰিছে।

কংগ্ৰেছ যেন এতিয়া কাৰো কাৰণে অপৰিহাৰ্য হৈ থকা নাই। এক দলীয় কাৰ্যসূচীৰে দেশৰ ৰাজনৈতিক দিশৰ পৰা ভালেমান ঠাই ভ্ৰমণ কৰাৰ সময়ত মমতা বেনাৰ্জী কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব নেকি বোলা সোধা এটা প্ৰশ্নৰ উত্তৰত স্পষ্টভাৱে কয় যে, বাৰে বাৰে কিয় ছোনিয়া গান্ধীক লগ ধৰিব লাগে? এয়া সাংবিধানিকভাৱে নিৰ্ধাৰিত কথা নেকি? মমতাৰ এই উত্তৰে কিন্তু বহু কথাৰে ইংগিত দিছে। মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী মোদীকো এই ভ্ৰমণৰ সময়ত মমতাই লগ ধৰিছিল, কিন্তু তাৰ পাছতো তেওঁ ছোনিয়াক লগ ধৰাটো প্ৰয়োজনীয় বুলি গণ্য নকৰাটো সহজভাৱে ল’ব পৰা কথা হয়তো নহয়।

এইকথা মনত ৰখা ভাল যে, দেশৰ বিজেপিবিৰোধী সকলো শক্তিৰ বাবেই ইমান দিনে কংগ্ৰেছ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈ আহিছিল। ছোনিয়া, ৰাহুলক সাক্ষী কৰি দেশৰ বিজেপিবিৰোধী শক্তিয়ে বিজেপি প্ৰতিৰোধৰ বিভিন্ন কৌশল যুগুতোৱাটো আছিল সাধাৰণ কথা। কিন্তু কথা হ’ল যে, এই সকলো পৰিকল্পনা ব্যৰ্থ হৈ আহিছে কংগ্ৰেছৰ ক’তো জীন নোযোৱা মনোবৃত্তিৰ বাবেই। সেয়েহে এতিয়া যেন বহু কথা নতুনকৈ ভাবিবলৈ বাধ্য হৈছে দলবোৰে।

ইফালে, পশ্চিমবংগত মমতাৰ চমকপ্ৰদ বিজয়ৰ পাছত দেশৰ বিজেপি বিৰোধী শক্তিৰ কেন্দ্ৰও সলনি হোৱাৰ ইংগিত পোৱা গৈছে। মমতাৰ তৃণমূলে এতিয়া বংগৰ দুৱাৰ খুলি দেশৰ প্ৰান্তে প্ৰান্তে নিজৰ স্থিতি সুদৃঢ় কৰাৰ চেষ্টা আৰম্ভ কৰিছে। এনে পৰিপ্ৰেক্ষিতত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত যে কংগ্ৰেছেই হ’ব সেইকথা নাভাবি উপায় নাই। মমতাৰ নেতৃত্বক সমীহ কৰিবলৈ বাকী সৰু সৰু দলবোৰ বাধ্য হোৱাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বহীন অৱস্থা আৰু দলটোৰ অঘোষিত নেতা ৰাহুল গান্ধীৰ ‘পাৰ্টটাইম’ ৰাজনীতিৰ ওচৰত নিৰাপদ অনুভৱ নকৰাটোৱেই যেন এটা চৰম সত্য হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ