--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত কংগ্ৰেছ এতিয়া অচল টকাত পৰিণত হৈছে। ২০১৪চনৰ পৰা দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত কংগ্ৰেছৰ উপস্থিতিৰ পৰিসৰ ক্ৰমাৎ সংকুচিত হৈ আহিছে। ইটোৰ পাছত সিটো নিৰ্বাচনত নিজে পৰাজিত হোৱাই নহয় কংগ্ৰেছৰ ব্যৰ্থতাৰ বাবেই বহু ৰাজ্যত কংগ্ৰেছৰ দুৰ্বলতাৰ বাবেই বিপদত পৰিছে একাধিক সহযোগী দল। বিহাৰত তেজস্বী যাদৱৰ আৰ জে ডি, উত্তৰ প্ৰদেশত অখিলেশ যাদৱ সমাজবাদী পাৰ্টী আদিয়ে কংগ্ৰেছৰ ওপৰত ভৰসা কৰা বাবেই গাদী লাভৰ দৌৰৰ পৰা বাহিৰ হৈছিল বুলি বিভিন্ন সময়ত চৰ্চা হৈছিল।

একেদৰে ২০১৯চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য গঠন কৰাটো সম্ভৱপৰ নহ’ল কংগ্ৰেছৰ মতগৰ্বী ভূমিকাৰ বাবেই। কংগ্ৰেছে নিজে একো নকৰে কিন্তু আনে অশেষ পৰিশ্ৰমেৰে কৰা উপাৰ্জনৰ সিংহভাগ তেওঁলোকে যেন বিচাৰে তেনে ধাৰণাই হয় কংগ্ৰেছৰ শেহতীয়া কাৰ্যকলাপ দেখিলে। কিন্তু এতিয়া যেন সলনি হৈছে। এইবাৰ আন আন দলবোৰেও নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আৰম্ভ কৰিছে।

কংগ্ৰেছ যেন এতিয়া কাৰো কাৰণে অপৰিহাৰ্য হৈ থকা নাই। এক দলীয় কাৰ্যসূচীৰে দেশৰ ৰাজনৈতিক দিশৰ পৰা ভালেমান ঠাই ভ্ৰমণ কৰাৰ সময়ত মমতা বেনাৰ্জী কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব নেকি বোলা সোধা এটা প্ৰশ্নৰ উত্তৰত স্পষ্টভাৱে কয় যে, বাৰে বাৰে কিয় ছোনিয়া গান্ধীক লগ ধৰিব লাগে? এয়া সাংবিধানিকভাৱে নিৰ্ধাৰিত কথা নেকি? মমতাৰ এই উত্তৰে কিন্তু বহু কথাৰে ইংগিত দিছে। মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী মোদীকো এই ভ্ৰমণৰ সময়ত মমতাই লগ ধৰিছিল, কিন্তু তাৰ পাছতো তেওঁ ছোনিয়াক লগ ধৰাটো প্ৰয়োজনীয় বুলি গণ্য নকৰাটো সহজভাৱে ল’ব পৰা কথা হয়তো নহয়।

এইকথা মনত ৰখা ভাল যে, দেশৰ বিজেপিবিৰোধী সকলো শক্তিৰ বাবেই ইমান দিনে কংগ্ৰেছ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈ আহিছিল। ছোনিয়া, ৰাহুলক সাক্ষী কৰি দেশৰ বিজেপিবিৰোধী শক্তিয়ে বিজেপি প্ৰতিৰোধৰ বিভিন্ন কৌশল যুগুতোৱাটো আছিল সাধাৰণ কথা। কিন্তু কথা হ’ল যে, এই সকলো পৰিকল্পনা ব্যৰ্থ হৈ আহিছে কংগ্ৰেছৰ ক’তো জীন নোযোৱা মনোবৃত্তিৰ বাবেই। সেয়েহে এতিয়া যেন বহু কথা নতুনকৈ ভাবিবলৈ বাধ্য হৈছে দলবোৰে।

ইফালে, পশ্চিমবংগত মমতাৰ চমকপ্ৰদ বিজয়ৰ পাছত দেশৰ বিজেপি বিৰোধী শক্তিৰ কেন্দ্ৰও সলনি হোৱাৰ ইংগিত পোৱা গৈছে। মমতাৰ তৃণমূলে এতিয়া বংগৰ দুৱাৰ খুলি দেশৰ প্ৰান্তে প্ৰান্তে নিজৰ স্থিতি সুদৃঢ় কৰাৰ চেষ্টা আৰম্ভ কৰিছে। এনে পৰিপ্ৰেক্ষিতত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত যে কংগ্ৰেছেই হ’ব সেইকথা নাভাবি উপায় নাই। মমতাৰ নেতৃত্বক সমীহ কৰিবলৈ বাকী সৰু সৰু দলবোৰ বাধ্য হোৱাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বহীন অৱস্থা আৰু দলটোৰ অঘোষিত নেতা ৰাহুল গান্ধীৰ ‘পাৰ্টটাইম’ ৰাজনীতিৰ ওচৰত নিৰাপদ অনুভৱ নকৰাটোৱেই যেন এটা চৰম সত্য হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু