--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ জীৱনৰ এটা অধ্যায়৷ এই অধ্যায় ভাবি-গুণী আৰম্ভ কৰিব পাৰিলেহে পৰৱৰ্তী সময়ত জীৱন সুখৰ হয়৷ বিয়াৰ পূৰ্বে হ’বলগীয়া কইনাৰ কেতবোৰ বিশেষ কথাৰ প্ৰতি লক্ষ্য কৰাৰ কথা কৈ গৈছে চাণক্যই৷ কি কথা জানো আহক-

(ক)জীৱন সংগী বাছনি কৰোঁতে, গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব।মুখলৈ নহয়, মনলৈ চোৱাঃ জীৱন সংগী বাছনি কৰোতে  সঙ্গীৰ মুখৰ সলনি মনলৈ চাবলৈ কৈছে চাণক্যই।  চাণক্য নীতি অনুসৰি, এজনব্যক্তিয়ে জীৱন সংগীৰ মুখতকৈ নিজৰ মনৰ প্ৰতি অধিক মনোযোগ দিব লাগে। আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন ভাল ব্যক্তিত্বৰ ব্যক্তি, অৰ্থাৎ উৎকৃষ্ট গুণ থকা ব্যক্তিয়ে ভিৰৰ মাজতো নিজৰ পৰিচয় দাঙি ধৰিবলৈ  সক্ষম হয়। 

একে সময়তে, এজন ব্যক্তিৰ ভাল গুণবোৰে তেওঁৰ সফলতাৰ পথ নিশ্চিত কৰে।সেয়েহে জীৱন সংগী বাছনি কৰোঁতে এনে  গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰক।'চুৰট পে মত যাও চিৰট পে যাও' বুলি হিন্দীত এষাৰি  অতি জনপ্ৰিয় কথা, যাৰ অৰ্থ হৈছে তেওঁৰ মুখৰ সলনি এজন সঙ্গীৰ মনলৈ চোৱা।  চাণক্যয়ো সেই কথাই কৈ গৈছে।

(খ) খং নিয়ন্ত্ৰণঃ খং হৈছে মানুহৰ শত্ৰু। খং উঠাটো মানুহৰ প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ। কিন্তু খং নামেই যিহেতু চণ্ডাল সেয়ে খং নিয়ন্তে্ৰণ কৰিব পৰা ব্যক্তিক সকলোৱে পছন্দ কৰে।  বিশেষকৈ বিবাহিত জীৱনত, অত্যধিক খঙে সাংসাৰিক  সম্পৰ্ককো প্ৰভাৱিত কৰিব পাৰে, সেয়েহে জীৱন সংগী কিমান খঙাল সেই বিষয়ে খা-খবৰ লৈহে সংগী নিৰ্বাচনৰ সিদ্ধান্ত ল’ব লাগে।

(গ)ধৰ্মীয় প্ৰকৃতিঃ জীৱন সংগী বাছনি কৰোঁতে, তেওঁৰ ধৰ্মীয় আচৰণৰ প্ৰতি তেওঁৰ কিমান  আকৰ্ষণ  বা আস্থা আছে সেই বিষয়টো জানি লোৱা উচিৎ। ধৰ্মই সদাচাৰ শিকায়। পানীৰ যিদৰে নামনিলৈ বৈ যোৱাৰ ধৰ্ম আছে , বতাহৰ যিদৰে বৈ যোৱাৰ ধৰ্ম থাকে তেনেদৰে মানুহৰো কেতবোৰ নিজা বৈশিষ্ট অৰ্থাৎ ধৰ্ম  থাকে। ধৰ্ম মানে কেৱল নেদেখা জনক আৰাধনা কৰি থকাই নুবুজায়। সদাচাৰী জীৱনৰ প্ৰতি আকৃষ্ট জনক জীৱন সংগী হিচাবে পালে মানুহ সুখী হ’ব পাৰে। চাণক্য নীতি অনুসৰি, ধৰ্মীয় প্ৰকৃতি হৈছে এজন ভাল মানুহৰ এক আশ্চৰ্যকৰ গুণ, সেয়েহে জীৱন সংগী বাছনি কৰাৰ আগতে, তেওঁৰ ধৰ্মীয় প্ৰকৃতি বুজিবলৈ চেষ্টা কৰিব লাগিব।

(ঘ) সন্মান: চাণক্য নীতি অনুসৰি আনক  সন্মান কৰিব জনা ব্যক্তিজনে সকলো ঠাইতে সন্মান লাভ কৰে। লগতে সুখী বিবাহিত জীৱনত ইজনে- সিজনক সন্মান কৰাটো অতি  প্ৰয়োজনীয় কথা।এনে গুণ বাছি ল’ব বিচৰা জীৱন সংগীৰ আছে নে নাই সেই জানি লোৱাটো ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি