--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ কিছুমান নিয়ম  মানি চলিলে সুখ বৃদ্ধি পায়।  ফেংছুইৰ মতে মানি প্লেণ্ট কেতিয়াও শোৱনি কোঠা বা স্নানাগাৰত নাৰাখিব।সৌভাগ্য বৃদ্ধিৰ বাবে ঘৰত তিনিঠেঙীয়া ভেকুলীৰ প্ৰতিকৃতি ৰাখিব পাৰে।এনে তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰাখিব লাগে।

এনে ভেকুলীৰ প্ৰতিকৃতিত চীনা মুদ্ৰা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাৰিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ ভেকুলী ঘৰৰ মূল প্ৰৱেশব্দৰৰ পৰা কৌণিকভাবে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে।

কেকটাছ হৈছে কাঁইটীয়া। ই শুভশক্তিক বিনাশ কৰি অশুভ শক্তি এৰি দিয়ে। সেয়ে এনে কেকটাছ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰৰ ভিতৰত কেকটাছ ৰাখিলে নানান ধৰণৰ দুৰ্ঘটনা, ব্যবসায়ত লোকচান, গৃহকন্দল আদি হ'ব পাৰে। একেদৰে বনছাই হৈছে বিকাশক বলপূর্বক বাধা দি ৰখাৰ প্ৰক্ৰিয়াৰ ফলত হোৱা সৃষ্টি।

জাহাজৰ প্ৰতিকৃতি ফেংছুইৰ মতে সৌভাগ্যৰ প্ৰতীক।জাহাজৰ প্ৰতিকৃতি পোনে পোনে বজাৰৰ পৰা কিনি আনি যিকোনো অৱস্থানত ঘৰত সজাই ৰাখিলেই সমৃদ্ধি নাহিব। জাহাজৰ প্রতিকৃতিৰ সন্মুখভাগ অর্থাৎ মুখ যাতে ঘৰৰ বাহিৰৰ দিশে নাথাকে সেই কথালৈ মন দিব লাগিব। জাহাজৰ সন্মুখভাগ যদি ঘৰৰ বাহিৰৰ দিশে ৰখা হয় তেন্তে সমৃদ্ধিয়ে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ সলনি বাহিৰলৈহে যাব।

পূব দিশটো আটাইতকৈ শুভ আৰু সৰ্বশ্ৰেষ্ঠ দিশ বুলি গণ্য কৰা হয় ।কিয়নো দেৱতাসকল এই দিশত বাস কৰে। ইয়াৰ লগতে পূব দিশ হৈছে সূৰ্য দেৱতাৰ দিশ, যি হৈছে আত্মসন্মান, শক্তি, নেতৃত্ব আৰু খ্যাতিৰ প্ৰতীক। এনে পৰিস্থিতিত সূৰ্যৰ সৈতে সম্পৰ্কিত কেলেণ্ডাৰবোৰ বা আন কেলেণ্ডাৰো পূব দিশৰ দেৱালত ৰখাটো শুভ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা