--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাৰীৰ  দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ পুৰুষৰ কেতবোৰ বিশেষ গুণ থাকিব লাগে বুলি চাণক্যই তাহানিতে কৈ গৈছিল। চাণক্যৰ মতে পুৰুষৰ ক্ষেত্ৰত এনেবোৰ গুণ থাকিলে নাৰীয়ে পছন্দ কৰে। 

নিচাৰ পৰা আঁতৰি থকা

নিচাৰ আসক্তিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। সেয়েহে ইয়াক পৰিহাৰ কৰিব লাগে বুলি চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই কৈ গৈছে। চাণক্যৰ মতে সুৰা আৰু আন নিচাই সংসাৰ ভাঙিব পাৰে। ইয়াৰ বিপৰীতে চাণক্যই কৈছে যে মহিলাসকলে সদায় পুৰুষৰ ক্ষেত্ৰত নিচাৰ পৰা আঁতৰি থকা গুণ বিচাৰে। 

  চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যত  আঙুৰৰ পৰা মদ প্ৰস্তুত কৰা হৈছিল। যাক মধু নামেৰে জনা গৈছিল। চাণক্যই  মধু নামেৰে জনাজাত আঙুৰৰ সুৰাৰ বিৰুদ্ধে মাত মাতিছিল। চাণক্যৰ নীতি অনুসৰি, মানুহে সুৰা বা আন নিচা জাতীয়  আসক্তিৰ পৰা আঁতৰি থাকিব লাগে। যিসকল নিচাগ্ৰস্ত, শত্ৰুৱে  তেওঁলোকক সহজে পৰাজিত কৰিব পাৰে। নিচাত এজন ব্যক্তিয়ে তেওঁৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু এনে ভুল কৰে যাৰ সম্পূৰ্ণ সুবিধা আন মানুহে  ল'ব পাৰে। সুৰাপান বৰ্তমানৰ সমাজৰ এক ডাঙৰ সমস্যা হৈ পৰিছে।

অত্যধিক  সুৰা সেৱনে জীৱন ধ্বংস  কৰিব পাৰে, সংসাৰ থানবান কৰিব পাৰে।  পুৰুষৰ কেতবোৰ বদ অভ্যাসে নাৰীক বিতুষ্ট কৰি তুলিব পাৰে। তাৰ ভিতৰত সুৰাপান এটা। সুৰাপান কৰা পুৰুষক বহু নাৰীয়ে পচন্দ নকৰে। পুৰুষে সুৰাপান কৰা বুলি জনাৰ পিছত বহু নাৰীয়ে আনকি তেনে পুৰুষৰ সৈতে বিয়াত বহিবলৈও অস্বীকাৰ কৰে।  চাণক্যক  সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰখ্যাত ৰাজকীয় উপদেষ্টা কৌটিল্য বুলিও জনা যায় । চাণক্যই  সম্ভৱতঃ প্ৰথম ব্যক্তি আছিল যিয়ে ৰাজসভাত মদৰ বিৰুদ্ধে মাত মাতিছিল। 


সততা

চাণক্যই কৈছে  যে ব্যক্তিজন তেওঁৰ আচৰণ  আৰু কৰ্মৰ ক্ষেত্ৰত যদি সৎ নহয়, তেন্তে  মহিলাই তেওঁৰ প্ৰতি আকৰ্ষিত নহয়। কাৰণ যিকোনো সম্পৰ্কৰ মূল ভেটি হৈছে সততা।  এনে এক সম্পৰ্ক য’ত সততা নাই  , ইজনে সিজনৰ প্ৰতি সন্মান নাই, সেই সম্পৰ্ক কেতিয়াও সুখী আৰু স্থায়ী হ'ব নোৱাৰে। সৎ মানুহজনে কেতিয়াও তেওঁৰ পত্নী বা প্ৰেমিকাক প্ৰতাৰণা নকৰে। গতিকে মহিলাসকল সহজে সৎ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। আৰু এই আকৰ্ষণ কেতিয়াও ম্লান নহয়।

সুন্দৰ ব্যৱহাৰ

সকলো মহিলাই পুৰুষৰ  সুন্দৰ আচৰণ পছন্দ কৰে। যিজন ব্যক্তিৰ আচৰণ মধুৰ , তেওঁ মনো  ধুনীয়া হয়। গতিকে মহিলাসকল নম্ৰ পুৰুষসকলৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকে তেওঁলোকৰ সুন্দৰ শব্দৰে মহিলাসকলৰ হৃদয় সহজে জিনিব পাৰে। আনহাতে, যিকোনো মহিলাই খহটা বাক্য  ব্যৱহাৰ কৰা পুৰুষসকলৰ পৰা আঁতৰি থাকিব বিচাৰে।

এজন ভাল শ্ৰোতা

আমি সকলোৱে নিজৰ বিষয়ে কথা পাতিবলৈ ভালপাওঁ। কিন্তু কিমানজনে আনৰ কথা শুনে? গতিকে সকলো মহিলাই এজন ভাল শ্ৰোতা হ’ব পৰা  পুৰুষক ভালপায়। মহিলাসকলে এনে এজন ব্যক্তি বিচাৰে যিয়ে তেওঁলোকৰ মনৰ কথা শুনিব। সেয়েহে, মহিলাসকলৰ হৃদয় জয় কৰিবলৈ, পুৰুষে কেৱল নিজৰ বিষয়ে কথা পাতিব নালাগে, আনৰ কথাও ধৈৰ্য্যসহকাৰে শুনিব লাগিব।

ভুল কৰি  ক্ষমা বিচাৰিব পৰাৰ ক্ষমতা

কম- বেছি পৰিমাণে আমি সকলোৱে ভুল কৰোঁ। কিন্তু তেওঁ হৈছে আদৰ্শ ব্যক্তি যিয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিব পাৰে। আমাৰ মাজৰ বহুতে ভুল কৰিলেও আনকি অহংকাৰৰ বাবে ক্ষমতা বিচাৰিবলৈ দ্বিধা বোধ কৰে   । মহিলাসকল সহজে এনে এজন পুৰুষৰ প্ৰতি আকৰ্ষিত হয় যিয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিবলৈ কুণ্ঠাবোধ নকৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ