--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সামাজিক মাধ্যমত সাংবিধানিক মুৰব্বীক লক্ষ্য কৰি ভুল, দুর্ভাগ্যজনক আৰু অপবাদ ৰটনা কৰা কণ্টেণ্ট শ্বেয়াৰ কৰি থকা বুলি অভিযোগ পোৱাৰ পাছত দিল্লী পুলিচে এই পদক্ষেপ গ্রহণ কৰে।

ডিজিটেল ডেস্ক : নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতা আৰু ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰত ককৰ'চ জনতা পার্টিয়ে (চি জে পি) কৰা আন্দোলনৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু নিৰাপত্তা বাহিনীক সামাজিক মাধ্যমত অপমান কৰাসকলৰ বিৰুদ্ধে দিল্লী পুলিচে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ আৰম্ভ কৰিছে। সামাজিক মাধ্যমত প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে অশোভনীয় ভাষা ব্যৱহাৰ কৰা ভিডিঅ' প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে দিল্লী পুলিচে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। 


দিল্লী পুলিচে এই সন্দৰ্ভত ছ'চিয়েল মিডিয়া হেণ্ডলৰ বিৰুদ্ধে জাননী জাৰি কৰিছে। দিল্লী পুলিচে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু ইয়াৰ ভিত্তিত 'এক্স'ৰ পৰা যিবিলাক একাউণ্টত প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰী আৰু নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য আৰু ইয়াৰ ভিডিঅ' প্ৰচাৰ কৰা হৈছিল, সেই একাউন্টবোৰৰ তথ্য বিচাৰি জাননী জাৰি কৰিছে। সামাজিক মাধ্যমত সাংবিধানিক মুৰব্বীক লক্ষ্য কৰি ভুল, দুর্ভাগ্যজনক আৰু অপবাদ ৰটনা কৰা কণ্টেণ্ট শ্বেয়াৰ কৰি থকা বুলি অভিযোগ পোৱাৰ পাছত দিল্লী পুলিচে এই পদক্ষেপ গ্রহণ কৰে। দিল্লী পুলিচে 'এক্স' আৰু ইনষ্টাগ্রামক এনে ধৰণৰ প'ষ্ট বা ভিডিঅ' তৎক্ষণাৎ আঁতৰাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে এনেধৰণৰ এক্স আৰু ইনষ্টাগ্রামৰ একাউণ্টৰ গৰাকীৰ নাম-ঠিকনা, তেওঁলোকে কৰা প'ষ্ট আৰু ডিডিঅ'ৰ বিতং তথ্য, ই-মেইল আই ডিৰ দৰে বিতং তথ্য বিচাৰিছে। 


এন ডি টিভিত প্রকাশ পোৱা মতে, দিল্লীৰ উপৰি দেশৰ আন স্থানৰ পৰা অহা এনে প্রতিবাদকাৰীক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে দিল্লী পুলিচে। প্রধানমন্ত্রী আৰু নিৰাপত্তা বাহিনীক গালি-গালাজ কৰা ভিডিঅ' প্রকাশ কৰা ছ'চিয়েল মিডিয়া একাউণ্টৰ লগতে এইবিলাক প্ৰচাৰ-সম্প্ৰচাৰ কৰা নিউজ প'ৰ্টেলৰ বিৰুদ্ধেও জাননী জাৰি কৰা হৈছে। অৱশ্যে কিমানৰ বিৰুদ্ধে এই জাননী জাৰি কৰা হৈছে সেইটো প্ৰকাশ কৰা হোৱা নাই। প্ৰতিবাদৰ সময়ত আপল'ড কৰা এনে ধৰণৰ প'ষ্ট আৰু ভিডিঅ' বিশ্লেষণ কৰাৰ পাছত দিল্লী পুলিচে এই ব্যৱস্থ গ্রহণ কৰে। দিল্লী পুলিচৰ বিষয়াসকলে প্রকাশ কৰা মতে, তেওঁলোকৰ ছ'চিয়েল মিডিয়া মনিটৰিং টীমে অনলাইন প্লেটফর্মত এনে ধৰণৰ আপত্তিজনক প'ষ্ট তথা ভিডিঅ' অহৰহ নিৰীক্ষণ কৰি আছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ