--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডায়েবেটিছ ৰোগীক সাধাৰনতে ব্ৰত পালন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়। কিন্তু প্ৰায় মানুহ বিভ্ৰান্তিত থাকে যে এজন ডায়েবেটিছ ৰোগীয়ে নৱৰাত্ৰি ব্ৰত পালন কৰিব লাগে নে নাই? আচলতে ব্ৰত কেৱল বিশ্বাসৰ বিষয়ে নহয় ই স্বাস্থ্যৰ সৈতেও জড়িত।


‘ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া’ৰ মতে, ‘মেটাবলিক চিনড্ৰম’ ৰোগীক উপবাসে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, এতিয়া প্ৰশ্ন উত্থাপনহয় যে মেটাবলিক চিণ্ড্ৰম কি? আচলতে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দুৰ্বলতাৰ বাবে শৰীৰত তেজৰ চেনিৰ মাত্ৰা, ৰক্তচাপ আৰু কলেষ্টেৰল ভাৰসাম্যহীন হৈ পৰা প্ৰক্ৰিয়াকে মেটাবলিক চিনড্ৰম বোলা হয় ৷ ইয়াৰ উপৰিও ই ডায়েবেটিছ আৰু হৃদৰোগৰ সৃষ্টি কৰে। 

Making Life Easier and Smoother for Diabetic Patients - HOSPITALS MAGAZINE

উপবাস কৰিলে ঔষধে ভালদৰে কাম কৰে। ১৭ ঘণ্টা উপবাসে থকাৰ পিছতো গ্লুক’জৰ মাত্ৰা নিখুঁত হৈ থাকে। পেট যিমানেই খালী হয় সিমানেই অগ্নাশয় সক্ৰিয় হৈ থাকে। লগতে ই তেজৰ চেনি হ্ৰাস কৰাত সহায় কৰে আৰু লগতে যকৃত, পেশী আৰু তেজে ভালদৰে কাম কৰে।

যদি আপুনি ডায়েবেটিছ ৰোগী আৰু আপোনাৰ চেনিৰ মাত্ৰা কম তেন্তে উপবাসৰ সময়ত গ্লুক’জৰ মাত্ৰা আৰু অধিক হ্ৰাস পাব পাৰে। ইয়াৰ ফলত ঘাম ওলাব,হাত-ভৰি কঁপিব আৰু শৰীৰে দুৰ্বলতা অনুভৱ কৰে।

ডায়েবেটিছ ৰোগীয়ে যেতিয়া উপবাস কৰে তেতিয়া আপোনালোকে কিছুমান বিশেষ যত্ন ল’ব লাগে। যেনে, উপবাসৰ সময়ত বমি, চকুৰে ভালদৰে মনিব নোৱাৰা অক্ষমতা, ওজন কমি যোৱা, ঘা ভাল নোহোৱা, অত্যধিক প্ৰস্ৰাৱ কৰা, এইবোৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰ পৰা আপুনি বুজিব লাগিব যে আপুনি ব্ৰত ৰাখিব নালাগে।

Navratri Diet For Diabetes Patient: Here's How To Keep Your Blood Sugar  Levels In Check | OnlyMyHealth

ডায়েবেটিছ ৰোগীসকলে উপবাসৰ সময়ত খাদ্য আৰু পানীয়ৰ বিশেষ যত্ন ল’ব লাগে। ইয়াৰ বাবে আপুনি প্ৰচুৰ পৰিমাণে আঁহ, প্ৰটিন, আদি থকা খাদ্য খাব লাগে, যাৰ ফলত শৰীৰত দুৰ্বলতা অনুভৱ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ