--°C
Loading...
Listen to Article
2 min read
80%




২৬/০৫/২৪, দেওবাৰ

মেষ ৰাশি : আধ্যাত্মিক শক্তিয়ে আপোনাৰ দিনটো শুভ কৰি তুলিব । কামত পৰিপূৰ্ণতাৰ যোগ আছে। ক্ৰোধ আৰু কথাত নিয়ন্ত্ৰণ ৰাখক । সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণলৈ নাযাব ৷


বৃষ ৰাশি : ঈশ্বৰৰ আশীৰ্বাদত আপোনাৰ সাংসাৰিক জীৱনত শুভ ৷ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে সংগ উপভোগ কৰক ৷ সৰু ভ্ৰমণৰ আয়োজন কৰিব পাৰে । ধনৰ দেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷


মিথুন ৰাশি : দিনটো আপোনাৰ বাবে শুভ। ঘৰুৱা পৰিৱেশ উৎসাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব । অসমাপ্ত কাম সমাপ্ত কৰিব পাৰিব, যাৰ ফলত আপোনাৰ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব । আৰ্থিক লাভৰো যোগ আছে। 


কৰ্কট ৰাশি : দিনটো অশান্তিৰে পাৰ হ'ব পাৰে । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব পাৰে । উদ্বিগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা হ’ব পাৰে । অকস্মাৎ ব্যয়ৰ সম্ভাৱনা আছে । কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰপৰা বিৰত থাকক ।


সিংহ ৰাশি : শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব । আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনা হ’ব পাৰে । মাতৃৰ মন বেয়া হ’ব পৰা ঘটনা ঘটিব পাৰে । স্বাস্থ্যক লৈ চিন্তাত থাকিব । চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ।


কন্যা ৰাশি : কোনো কথা চিন্তা নকৰাকৈ নতুন কাম হাতত নল’ব । বন্ধু আৰু আত্ময়ীৰ সৈতে সাক্ষাৎ হ’ব পাৰে । সকলো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে । সামাজিকভাৱে সন্মান অৰ্জন কৰিব।


তুলা ৰাশি : আপোনাৰ মন দুৰ্বল হৈ থাকিব ৷ কোনো সিদ্ধান্ত ল’ব কঠিন হ’ব পাৰে । কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব । পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে। কথা কওঁতে মুখ চম্ভালক ৷ আঁকোৰগোজ হৈ থকাতকৈ নমনীয় হৈ থাকক।


বৃশ্চিক ৰাশি : দিনটো শুভ । শাৰীৰিক আৰু মানসিকভাৱে উত্তম অৱস্থাত থাকিব । পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটাব । প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে । আপুনি সুসংবাদ পাব পাৰে। ভ্ৰমণৰ যোগ আছে ।


ধনু ৰাশি :দিনটো জটিল হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ সম্ভাৱনা আছে। ভাবি চিন্তি কথা ক’ব। খং নকৰিব। দুৰ্ঘটনাৰ পৰা সাৱধানে থাকক। শাৰীৰিক অসুস্থতা হ’ব পাৰে । ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।


মকৰ ৰাশি : বন্ধু আৰু প্ৰিয়জনক লগ পাই আনন্দ ফুৰ্তিৰে দিনটো পাৰ কৰিব । সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত লাভদায় হৈ উঠিব । বিবাহ প্ৰাৰ্থীসকলে আজি সহজতে নিজৰ বাবে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী লাভ কৰিব । ভ্ৰমণৰ যোগ আছে । পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ৷


কুম্ভ ৰাশি : দিনটো ফলদায়ক। সহজতে নিজৰ সকলো কামত সফল হ’ব, সেয়েহে আপুনি আনন্দত থাকিব । কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে । বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব ৷ আৰ্থিক লাভৰ যোগ আছে। সাংসাৰিক জীৱন উত্তম ।ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ গোটেই দিন আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । আপোনাৰ খং উঠি থাকিব । 


মীন ৰাশি : শান্তিৰে থাকিব । সহকৰ্মীসকলৰ সৈতে কোনো প্ৰকল্পত যদি কাম কৰি আছে, তেতিয়া হ’লে সাৱধানে থাকক। সন্তানক লৈ চিন্তাত থাকিব পাৰে। অনাৱশ্যক খৰচ হোৱাৰ সম্ভাৱনা আছে । বিতৰ্ক নকৰিব । পেটৰ গণ্ডগোল হ’ব পাৰে। ভাল দিনৰ বাবে অপেক্ষা কৰক।কথা কওঁতে সাৱধান হওক ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ