--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিৰোধী ৰাজনেতিক দল কংগ্ৰেছ দলৰ খহনীয়াই এতিয়া চিন্তাত পেলাইছে দলটোৰ অস্তিত্বত৷ এজনৰ পাছত আনজনকৈ নেতাই দলত্যাগক লৈ ইতিমধ্যে এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে৷ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত বিজেপি বিৰোধী শক্তি হিচাপে ঠন ধৰি উঠিছে তৃণমূল কংগ্ৰেছহে৷ অসম তথা ত্ৰিপুৰাত ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা বহুকেইজন বিধায়কে পদত্যাগ কৰি তৃণমূলত যোগদান কৰিছে৷ ইয়াৰ পাছতে এইবাৰ মেঘালয়ত কংগ্ৰেছ দলৰ বাবে এক মােক্ষম আঘাত।

প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ জন কংগ্ৰেছ বিধায়কৰ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যােগদান কৰে আটাইকেইজনে। অৱশ্যে এতিয়াও আনুষ্ঠানিকাভাৱে এই তথ্য সদৰী কৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ এইসকল বিধায়কে। উল্লেখ্য যে মেঘালয়ত বিধানসভাত কংগ্ৰেছৰ মুঠ ১৭ জন বিধায়ক আছিল যদিও এই সংখ্যা এতিয়া ৫ জনলৈ হ্ৰাস পালে।


জানিব পৰা মতে, বৃহস্পতিবাৰে এখন সংবাদমেলৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব কংগ্ৰেছ ত্যাগী বিধায়কে। উল্লেখ্য যে মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়িনী দলৰ মুকুল চাংমাই আন এঘাৰজন বিধায়কৰ সৈতে বুধবাৰে সন্ধিয়া মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোলৈ তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰে। ১২ জন বিধায়কৰ ভিতৰত আছে গাৰো পাহাৰৰ আঠজন আৰু খাচী-জয়ন্তিয়া পাহাৰৰ চাৰিজন বিধায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ