--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিৰোধী ৰাজনেতিক দল কংগ্ৰেছ দলৰ খহনীয়াই এতিয়া চিন্তাত পেলাইছে দলটোৰ অস্তিত্বত৷ এজনৰ পাছত আনজনকৈ নেতাই দলত্যাগক লৈ ইতিমধ্যে এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে৷ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত বিজেপি বিৰোধী শক্তি হিচাপে ঠন ধৰি উঠিছে তৃণমূল কংগ্ৰেছহে৷ অসম তথা ত্ৰিপুৰাত ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা বহুকেইজন বিধায়কে পদত্যাগ কৰি তৃণমূলত যোগদান কৰিছে৷ ইয়াৰ পাছতে এইবাৰ মেঘালয়ত কংগ্ৰেছ দলৰ বাবে এক মােক্ষম আঘাত।

প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ জন কংগ্ৰেছ বিধায়কৰ কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যােগদান কৰে আটাইকেইজনে। অৱশ্যে এতিয়াও আনুষ্ঠানিকাভাৱে এই তথ্য সদৰী কৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ এইসকল বিধায়কে। উল্লেখ্য যে মেঘালয়ত বিধানসভাত কংগ্ৰেছৰ মুঠ ১৭ জন বিধায়ক আছিল যদিও এই সংখ্যা এতিয়া ৫ জনলৈ হ্ৰাস পালে।


জানিব পৰা মতে, বৃহস্পতিবাৰে এখন সংবাদমেলৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব কংগ্ৰেছ ত্যাগী বিধায়কে। উল্লেখ্য যে মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়িনী দলৰ মুকুল চাংমাই আন এঘাৰজন বিধায়কৰ সৈতে বুধবাৰে সন্ধিয়া মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোলৈ তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰে। ১২ জন বিধায়কৰ ভিতৰত আছে গাৰো পাহাৰৰ আঠজন আৰু খাচী-জয়ন্তিয়া পাহাৰৰ চাৰিজন বিধায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু