--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত বৰ্তমান জনসাধাৰণে তীব্ৰ সমস্যাৰ সৈতে বসবাস কৰি আছে। দিল্লীৰ বায়ু এতিয়া ভয়ানক ৰূপত প্ৰদূষিত হৈ পৰিছে। দিল্লীবাসীয়ে উশাহ ল'বলৈকো কষ্ট পোৱা হৈছে। যমুনা নদীৰ পানী বৰফৰ দৰে বগা কিন্তু বিষাক্ত ফেনেৰে ভৰি আছে। ক'ৰণা ভাইৰাছৰ আশংকাত দিল্লীৰ মানুহে ক্ষন্তেকৰ কাৰণেও মাস্কখন খুলিবলৈ পাহৰা হ'ল। কেৱল এয়াই নহয় ভূতৰ ওপৰত দানহ পৰাদি মেলেৰিয়া, ডেংগু, চিকণগুনিয়া, ছোৱাইন ফ্লুৰ দৰে ৰোগেও দিল্লীত চলাইছে উপদ্ৰৱ। দিল্লীবাসীয়ে উশাহ লোৱাৰ ক্ষেত্ৰত বহু কষ্ট পাইছে। এয়া দিল্লীৰ লোকসকলৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে।

ৰাজধানী দিল্লীৰ চিকিৎসালয়সমূহত শ্বাস-প্ৰশ্বাসৰ সমস্যা, হাঁওফাঁওৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা, ছাল সম্পৰ্কীয় ৰোগ থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। দিল্লীত বৰ্তমান শ্বাসৰুদ্ধকৰ অৱস্থাৰ সৃষ্টি হৈছে। এইবাৰ দেৱালীৰ ওপৰত নিষেধাজ্ঞা থকা স্বত্বেও আতচবাজীবোৰ তীব্ৰভাৱে বিস্ফোৰিত হৈছিল। গাড়ীয়েও বৃদ্ধি কৰিছে প্ৰদূষণৰ মাত্ৰা। নৱেম্বৰৰ আৰম্ভণিৰ লগে লগে দিল্লীৰ বায়ুত প্ৰদূষিত হোৱাৰ পৰিমাণ তীব্ৰ গতিত বৃদ্ধি পাইছে। পৰিৱেশ নিৰীক্ষণ কাৰী আইকিউ এয়াৰৰ এক প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ প্ৰদূষিত চহৰসমূহৰ তালিকাত এক নম্বৰ স্থানত আছে।

আৰু পঢ়কঃ দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰৰ তালিকাৰ শীৰ্ষত মিজোৰামৰ ৰাজধানী আইজল

দেশৰ ৰাজধানীত বৰ্দ্ধিত প্ৰদূষণৰ বিষয়টো উচ্চতম ন্যায়ালয় পৰ্যন্ত গৈ পাইছে। য'ৰ পৰা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক লকডাউনৰ বিকল্প বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। দিল্লী চহৰত বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল। কাৰ্যালয়ৰ কামবোৰ ঘৰৰ পৰা কৰিবলৈ দিয়া হৈছিল। নিৰ্মাণ কাৰ্য বন্ধ কৰা হৈছিল। কিন্তু এতিয়া সকলোৱে জানিব বিচাৰে যে এইটো সমস্যাৰ বাবে এয়া স্থায়ী সমাধান নেকি। প্ৰতি বছৰে উদ্ভৱ হোৱা এই সংকটৰ মোকাবিলা কৰিবলৈ কোনো দৃঢ় ব্যৱস্থা কিয় লোৱা নহয়? এই সমস্যাত ৰাজধানী দিল্লীক সদায়েই কিয় শীৰ্ষ স্থানত দেখা যায়?

দিল্লীৰ প্ৰদূষণে সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰি তুলিছে। কেৱল দিল্লীতেই নহয় ইয়াৰ ওচৰৰ চহৰসমূহতো বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। গুৰগ্ৰাম,নয়ডা,গাজিয়াবাদ,হাপুৰে,মীৰাট, হাৰিয়ানা আদি চহৰো বায়ু প্ৰদূষণত পিছ পৰি থকা নাই। এইকেইখন চহৰত AQI(বায়ুৰ গুণমান সূচক)ৰ স্তৰ ৪৫০ৰ ওপৰত আছে। উল্লেখযোগ্য কথাটো হ'ল শ্বাস-প্ৰশ্বাস বা অন্যান্য ৰোগত আক্ৰান্ত লোকসকলৰ বাবে ১০০তকৈ অধিক AQI স্তৰ বিপদজনক বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক