--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত বৰ্তমান জনসাধাৰণে তীব্ৰ সমস্যাৰ সৈতে বসবাস কৰি আছে। দিল্লীৰ বায়ু এতিয়া ভয়ানক ৰূপত প্ৰদূষিত হৈ পৰিছে। দিল্লীবাসীয়ে উশাহ ল'বলৈকো কষ্ট পোৱা হৈছে। যমুনা নদীৰ পানী বৰফৰ দৰে বগা কিন্তু বিষাক্ত ফেনেৰে ভৰি আছে। ক'ৰণা ভাইৰাছৰ আশংকাত দিল্লীৰ মানুহে ক্ষন্তেকৰ কাৰণেও মাস্কখন খুলিবলৈ পাহৰা হ'ল। কেৱল এয়াই নহয় ভূতৰ ওপৰত দানহ পৰাদি মেলেৰিয়া, ডেংগু, চিকণগুনিয়া, ছোৱাইন ফ্লুৰ দৰে ৰোগেও দিল্লীত চলাইছে উপদ্ৰৱ। দিল্লীবাসীয়ে উশাহ লোৱাৰ ক্ষেত্ৰত বহু কষ্ট পাইছে। এয়া দিল্লীৰ লোকসকলৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে।

ৰাজধানী দিল্লীৰ চিকিৎসালয়সমূহত শ্বাস-প্ৰশ্বাসৰ সমস্যা, হাঁওফাঁওৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা, ছাল সম্পৰ্কীয় ৰোগ থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। দিল্লীত বৰ্তমান শ্বাসৰুদ্ধকৰ অৱস্থাৰ সৃষ্টি হৈছে। এইবাৰ দেৱালীৰ ওপৰত নিষেধাজ্ঞা থকা স্বত্বেও আতচবাজীবোৰ তীব্ৰভাৱে বিস্ফোৰিত হৈছিল। গাড়ীয়েও বৃদ্ধি কৰিছে প্ৰদূষণৰ মাত্ৰা। নৱেম্বৰৰ আৰম্ভণিৰ লগে লগে দিল্লীৰ বায়ুত প্ৰদূষিত হোৱাৰ পৰিমাণ তীব্ৰ গতিত বৃদ্ধি পাইছে। পৰিৱেশ নিৰীক্ষণ কাৰী আইকিউ এয়াৰৰ এক প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ প্ৰদূষিত চহৰসমূহৰ তালিকাত এক নম্বৰ স্থানত আছে।

আৰু পঢ়কঃ দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰৰ তালিকাৰ শীৰ্ষত মিজোৰামৰ ৰাজধানী আইজল

দেশৰ ৰাজধানীত বৰ্দ্ধিত প্ৰদূষণৰ বিষয়টো উচ্চতম ন্যায়ালয় পৰ্যন্ত গৈ পাইছে। য'ৰ পৰা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক লকডাউনৰ বিকল্প বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। দিল্লী চহৰত বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল। কাৰ্যালয়ৰ কামবোৰ ঘৰৰ পৰা কৰিবলৈ দিয়া হৈছিল। নিৰ্মাণ কাৰ্য বন্ধ কৰা হৈছিল। কিন্তু এতিয়া সকলোৱে জানিব বিচাৰে যে এইটো সমস্যাৰ বাবে এয়া স্থায়ী সমাধান নেকি। প্ৰতি বছৰে উদ্ভৱ হোৱা এই সংকটৰ মোকাবিলা কৰিবলৈ কোনো দৃঢ় ব্যৱস্থা কিয় লোৱা নহয়? এই সমস্যাত ৰাজধানী দিল্লীক সদায়েই কিয় শীৰ্ষ স্থানত দেখা যায়?

দিল্লীৰ প্ৰদূষণে সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰি তুলিছে। কেৱল দিল্লীতেই নহয় ইয়াৰ ওচৰৰ চহৰসমূহতো বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। গুৰগ্ৰাম,নয়ডা,গাজিয়াবাদ,হাপুৰে,মীৰাট, হাৰিয়ানা আদি চহৰো বায়ু প্ৰদূষণত পিছ পৰি থকা নাই। এইকেইখন চহৰত AQI(বায়ুৰ গুণমান সূচক)ৰ স্তৰ ৪৫০ৰ ওপৰত আছে। উল্লেখযোগ্য কথাটো হ'ল শ্বাস-প্ৰশ্বাস বা অন্যান্য ৰোগত আক্ৰান্ত লোকসকলৰ বাবে ১০০তকৈ অধিক AQI স্তৰ বিপদজনক বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই