ডিব্ৰুগড় জিলাত ২০২৬ বৰ্ষৰ মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ (SKAC) নিৰ্বাচন শান্তিপূৰ্ণ, মুক্ত আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে প্ৰস্তুতি অব্যাহত ৰাখিছে প্ৰশাসনে। এই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নজৰত ৰাখিবলৈ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জিলাখনত চাৰিজন নিৰ্বাচনী পৰিদৰ্শক নিযুক্ত কৰাৰ কথা ঘোষণা কৰিছে।
আয়োগৰ নিৰ্দেশনা অনুসৰি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৩৫ নং দিহিং চেছা সমষ্টিৰ নিৰ্বাচন পৰিদৰ্শনৰ দায়িত্ব অত্রয়ী গোস্বামীক প্ৰদান কৰা হৈছে। ইফালে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে তিনিজন সুকীয়া পৰিদৰ্শকক বিভিন্ন সমষ্টিৰ দায়িত্ব দিয়া হৈছে।
নিযুক্ত পৰিদৰ্শকসকলৰ ভিতৰত ফিৰদৌস আলম শ্বেইখক ৭ নং ৰংচঙী, ১৩ নং লেপেটকটাতা, ১৪ নং মানকটা, ১৫ নং কুতুহা, ১৬ নং খোৱাং আৰু ১৮ নং তিনঠেঙীয়া সমষ্টিৰ দায়িত্ব ন্যাস কৰা হৈছে। তেনেদৰে, ৮ নং টেঙাখাট, ৯ নং খেৰেমীয়া, ১০ নং কোঁৱৰগাঁও, ১১ নং নাহৰকটীয়া আৰু ১২ নং খাটুৱা সমষ্টিৰ দায়িত্ব অর্পণ কৰা হৈছে ইন্দ্ৰাণী লস্কৰলৈ। ইয়াৰোপৰি, ১৭ নং বামুনবাৰী আৰু ১৯ নং চাহাৰীতোতা সমষ্টিৰ তদাৰক কৰিব হিমাশ্ৰী হাজৰিকাই।
নিৰ্বাচনী পৰিদৰ্শকসকল নিৰ্বাচন সন্দৰ্ভত সাধাৰণ নাগৰিক তথা প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ পৰা যিকোনো অভিযোগ বা পত্ৰ গ্ৰহণৰ বাবে উপলব্ধ থাকিব। ইচ্ছুক ব্যক্তিসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি প্ৰশাসনে জনাইছে।