গুৱাহাটী: গংটকত অনুষ্ঠিত হ'বলগীয়া ৪৯ সংখ্যক কনিষ্ঠ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটো অসম বেডমিণ্টন সন্থাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আগন্তুক ১৪ নৱেম্বৰৰ পৰা ছিকিমৰ গংটকত এই প্ৰতিযোগিতাখন আৰম্ভ হ'ব। ৰাজ্যিক সন্থাই এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে প্ৰতিভাৱান খেলুৱৈসকলক লৈ এটা সুষম দল গঠন কৰি উলিয়াইছে।
ঘোষিত দলটোৰ ছাত্ৰ শাখাৰ খেলুৱৈসকল হৈছে বৰ্ণিল আকাশ চাংমাই, অনয়ন বৰা, প্ৰাঙ্গন চৌধুৰী, অৰ্ণৱ প্ৰতিম বৰগোহাঁই, চিৰশ্যামল বৰুৱা, আজফাৰ জিয়া আহমেদ, মনৰাজ বৰগোহাঁই, ৰাজদীপ বৰা, দাক্ষ্য বৰুৱা, অঞ্চিত দাস আৰু গীতার্থ গগৈ। ইফালে, বালিকা শাখাৰ দলটোত স্থান লাভ কৰিছে গাৰ্গী শইকীয়া, ভৱিষ্যা চাংমাই, নৈমিখা শইকীয়া, অভিকা বৰগোহাঁই, বেদাগ্নী গগৈ, তৰালী বৰা, অসদিতা বৰুৱা, নিৰ্ণিতা বাইলুং আৰু লিয়ানা দত্তই।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত যুৱ খেলুৱৈসকলক সঠিক পথ প্ৰদৰ্শন আৰু প্ৰশিক্ষণ প্ৰদানৰ বাবে সন্থাই প্ৰশিক্ষক আৰু দল পৰিচালকৰ দায়িত্বও ন্যস্ত কৰিছে। দলটোৰ পৰিচালকৰ দায়িত্বত থাকিব নৱজ্যোতি বৰা, ইমতিয়াজুৰ ৰহমান আৰু জয়ন্ত কুমাৰ ঠাকুৰীয়া। আনহাতে, প্ৰশিক্ষকৰ দায়িত্বত থাকিব বহিমান বৰা, অভিজিৎ গগৈ, অমিত সাহা আৰু মিথুন দাস।