কৰদাতা সকলক সজাগ কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত মঙলবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 'Taxpayers' Hub' বা কৰদাতা কেন্দ্ৰ শীৰ্ষক এক বিশেষ outreach অভিযানৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত চলি থকা এখন গ্ৰন্থমেলাৰ লগতে সংগতি ৰাখি এই সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে। নতুন দিল্লীৰ আয়কৰ সঞ্চালকালয়ৰ সহযোগত ডিব্ৰুগড়স্থিত প্ৰধান আয়কৰ আয়ুক্তৰ (AU-1) কাৰ্যালয়ে এই কাৰ্যসূচী ৰূপায়ন কৰিছে।
খেলপথাৰত অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান মুখ্য আয়ুক্ত এন লংভা, শ্বিলংৰ আয়ুক্ত ডি চঙটে, গুৱাহাটীৰ প্ৰধান আয়ুক্ত ডি সোণোৱাল আৰু ডিব্ৰুগড় এচেছমেণ্ট ইউনিট-১ৰ প্ৰধান আয়ুক্ত কে এম চৌহানে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ইয়াৰোপৰি এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত বিশেষ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে জনপ্ৰিয় অসমীয়া অভিনেত্ৰী নিশিতা গোস্বামীয়ে।
অনুষ্ঠানটোত উপস্থিত থাকি অসমৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যখনত কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। গ্ৰন্থমেলাৰ প্ৰাঙ্গণত আয়োজিত এই তিনিদিনীয়া কাৰ্যসূচীয়ে সাধাৰণ জনতা আৰু কৰদাতা সকলৰ মাজত সজাগতা বৃদ্ধি কৰাত সহায় কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে।