উৎসবৰ বতৰত যাত্ৰীসকলৰ অতিরিক্ত ভিৰ হ্ৰাস কৰাৰ উদ্দেশ্যে উত্তৰ সীমান্ত ৰে'লৱেই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই সময়ছোৱাত যাত্ৰীসকলক সুচল যাত্ৰাৰ সুবিধা প্ৰদান কৰিবলৈ খাতিপুৰা আৰু অসমৰ ৰঙিয়াৰ মাজত বিশেষ ৰে'ল চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
ৰে'লৱে কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, এই বিশেষ ৰে'ল সেৱাসমূহ অহা ১৪ নৱেম্বৰ আৰু ১৬ নৱেম্বৰত উপলব্ধ হ'ব। উৎসৱৰ দিনবোৰত যাত্ৰীসকলৰ যাত্ৰা সুগম কৰি তোলা আৰু গন্তব্যস্থানলৈ যোৱাতীসকলৰ সুবিধাৰ বাবে এই সাময়িক ব্যৱস্থা কৰা হৈছে বুলি বিষয়া সকলে প্ৰকাশ কৰে।