--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমাগত ৭ ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷ ইয়াৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ কিন্তু উত্তৰ প্ৰদেশত চলোৱা যোগী আদিত্য নাথৰ এক ভুৱা প্ৰচাৰে চকু কপালত উঠাইছে সকলোকে৷ বিজেপিয়ে দেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাতত লৈছে নানান প্ৰথা৷ তাৰ মাজতে উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শাসনকালত ৰাজ্যখনত কথিত উন্নয়নক গৌৰৱান্বিত কৰাত ব্যস্ত হৈ পৰিছে চৰকাৰখন। আনকি সেই উন্নয়নৰ ছবি আন এখন ৰাজ্যৰ হ’লেও চলি যায় এতিয়া বিজেপিৰ বাবে। দৰাচলতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ কৃষকসকলক পানীৰ দুৰ্দশা দূৰ কৰিবলৈ ৩,২৫০ কোটি কেইবাটাও পানী প্ৰকল্প উদ্বোধন কৰে।

ইফালে, ভৱনী বান্ধ প্ৰকল্পৰ প্ৰচাৰৰ বাবে বিজেপিয়ে ছ’চিয়েল মিডিয়াত এখনৰ পাছত সিখন ছবি শ্বেয়াৰ কৰিছে। য’ত এটা বান্ধৰ ফটোও দৃশ্যমান হৈছে। সেই ছবিখনত লিখা আছে যে, বুন্দেলখণ্ডলৈ সৌগত ভৱানী বান্ধ প্ৰকল্প। এই ফটোখনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ফটোও লগোৱা হৈছিল আৰু লিখিছিল যে ‘সৎ কাম শক্তিশালী’- বুলি। একে সময়তে লিখা হৈছে যে, ললিতপুৰৰ ৩,৮00 হেক্টৰ ভূমি জলসিঞ্চন কৰা হ’ব। জলসিঞ্চনৰ সুবিধা পাৱ ২০খন গাঁৱৰ ৮,0৬২জন কৃষকে। কিন্তু এই ছবিখনত বান্ধটোৰ এই ফটোখন তেলেংগানাৰ মাহবুবনগৰ জিলা আৰু অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাৰ সীমান্তত থকা কৃষ্ণা নদীৰ ওপৰত নিৰ্মিত হৈছে এই বান্ধ।

যাৰ নাম হৈছে ‘শ্ৰীশৈলম বান্ধ’। প্ৰাক্তন প্ৰশাসনিক বিষয়া সূৰ্য প্ৰতাপ সিঙে এই সন্দৰ্ভত যোগী চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে৷ তেওঁ কয়, 'যোগীজী, যেতিয়া উন্নয়নৰ নামত আপোনাৰ দেখুৱাবলৈ একো নাই, আপুনি আন ৰাজ্যৰ উন্নয়নক আপোনাৰ নিজৰ বুলি বৰ্ণনা কৰিছে। তেলেংগানা-অন্ধ্ৰ প্ৰদেশ সীমান্ত কৃষ্ণ নদীৰ ওপৰত থকা শ্ৰীশৈলম বান্ধটো বুন্দেলখণ্ডৰ ললিতপুৰৰ ভৱানী বান্ধ প্ৰকল্পত যোগীজীৰ পোষ্টাৰত দেখুওৱা হৈছে। সেইটো সঁচাকৈ বৰ আশ্চৰ্যজনক!’ আনকি তেওঁ কয় যে, বিজেপিয়ে শ্ৰীশৈলম বান্ধক ভৱনি বান্ধ প্ৰকল্প বুলি বৰ্ণনা কৰি যোগী চৰকাৰৰ ভাল কামৰ উদাহৰণ স্থাপন কৰিবলৈ চেষ্টা কৰিছে’- বুলিও কঠোৰভাৱে মন্তব্য কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়াগৰাকীয়ে৷ দলটোৰ এই ভুৱা প্ৰচাৰ উন্মোচিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উন্নয়নৰ ফোপোলা স্বৰূপ সামাজিক মাধ্যমত যথেষ্ট সমালোচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু