--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমাগত ৭ ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷ ইয়াৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ কিন্তু উত্তৰ প্ৰদেশত চলোৱা যোগী আদিত্য নাথৰ এক ভুৱা প্ৰচাৰে চকু কপালত উঠাইছে সকলোকে৷ বিজেপিয়ে দেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাতত লৈছে নানান প্ৰথা৷ তাৰ মাজতে উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শাসনকালত ৰাজ্যখনত কথিত উন্নয়নক গৌৰৱান্বিত কৰাত ব্যস্ত হৈ পৰিছে চৰকাৰখন। আনকি সেই উন্নয়নৰ ছবি আন এখন ৰাজ্যৰ হ’লেও চলি যায় এতিয়া বিজেপিৰ বাবে। দৰাচলতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ কৃষকসকলক পানীৰ দুৰ্দশা দূৰ কৰিবলৈ ৩,২৫০ কোটি কেইবাটাও পানী প্ৰকল্প উদ্বোধন কৰে।

ইফালে, ভৱনী বান্ধ প্ৰকল্পৰ প্ৰচাৰৰ বাবে বিজেপিয়ে ছ’চিয়েল মিডিয়াত এখনৰ পাছত সিখন ছবি শ্বেয়াৰ কৰিছে। য’ত এটা বান্ধৰ ফটোও দৃশ্যমান হৈছে। সেই ছবিখনত লিখা আছে যে, বুন্দেলখণ্ডলৈ সৌগত ভৱানী বান্ধ প্ৰকল্প। এই ফটোখনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ফটোও লগোৱা হৈছিল আৰু লিখিছিল যে ‘সৎ কাম শক্তিশালী’- বুলি। একে সময়তে লিখা হৈছে যে, ললিতপুৰৰ ৩,৮00 হেক্টৰ ভূমি জলসিঞ্চন কৰা হ’ব। জলসিঞ্চনৰ সুবিধা পাৱ ২০খন গাঁৱৰ ৮,0৬২জন কৃষকে। কিন্তু এই ছবিখনত বান্ধটোৰ এই ফটোখন তেলেংগানাৰ মাহবুবনগৰ জিলা আৰু অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাৰ সীমান্তত থকা কৃষ্ণা নদীৰ ওপৰত নিৰ্মিত হৈছে এই বান্ধ।

যাৰ নাম হৈছে ‘শ্ৰীশৈলম বান্ধ’। প্ৰাক্তন প্ৰশাসনিক বিষয়া সূৰ্য প্ৰতাপ সিঙে এই সন্দৰ্ভত যোগী চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে৷ তেওঁ কয়, 'যোগীজী, যেতিয়া উন্নয়নৰ নামত আপোনাৰ দেখুৱাবলৈ একো নাই, আপুনি আন ৰাজ্যৰ উন্নয়নক আপোনাৰ নিজৰ বুলি বৰ্ণনা কৰিছে। তেলেংগানা-অন্ধ্ৰ প্ৰদেশ সীমান্ত কৃষ্ণ নদীৰ ওপৰত থকা শ্ৰীশৈলম বান্ধটো বুন্দেলখণ্ডৰ ললিতপুৰৰ ভৱানী বান্ধ প্ৰকল্পত যোগীজীৰ পোষ্টাৰত দেখুওৱা হৈছে। সেইটো সঁচাকৈ বৰ আশ্চৰ্যজনক!’ আনকি তেওঁ কয় যে, বিজেপিয়ে শ্ৰীশৈলম বান্ধক ভৱনি বান্ধ প্ৰকল্প বুলি বৰ্ণনা কৰি যোগী চৰকাৰৰ ভাল কামৰ উদাহৰণ স্থাপন কৰিবলৈ চেষ্টা কৰিছে’- বুলিও কঠোৰভাৱে মন্তব্য কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়াগৰাকীয়ে৷ দলটোৰ এই ভুৱা প্ৰচাৰ উন্মোচিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উন্নয়নৰ ফোপোলা স্বৰূপ সামাজিক মাধ্যমত যথেষ্ট সমালোচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ