--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাসকীয় দলৰ সাংসদ পল্লৱলোচন দাসৰ বিৰুদ্ধে সৰৱ হৈ উঠিল এগৰাকী আদিবাসী নেত্ৰী৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিধায়কৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰাই নহয় সাংসদ পল্লৱলোচন দাসকো তুলা-ধুনা দিলে আদিবাসী নেত্ৰী লক্ষ্মী ওৰাঙে৷ "পল্লব লোচন দাস আদিবাসী নেতাও নহয়, চাহজনগোষ্ঠীৰো নেতাও নহয়৷ বেলেগৰ ইজ্জত লৈ তুমি সাংসদ হৈছা৷"-এই মন্তব্য আদিবাসী নেত্ৰীগৰাকীৰ৷

আজি বিশ্বনাথৰ কুঁৱৰী গাঁৱৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ(আছা) বিশ্বনাথ আঞ্চলিক সমিতি, আদিবাসী আইকন লক্ষ্মী ওৰাংৰ উদ্যোগত আৰু আদিবাসী ৰাইজৰ সহযোগত ১৪তম আদিবাসী অধিকাৰ দিৱসৰ লগতে প্ৰায় ৫০০০ গচ বন্তি জ্বলাই জাতিৰ বাবে শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলী জনায় দিৱস উদযাপন কৰে ৷ উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো৷

অনুষ্ঠানত নিজৰ বক্তব্যত লক্ষ্মী ওৰাঙে কয় যে, "যিজন এতিয়া সাংসদ হৈছে বা বিধায়ক হৈছিল এটা সময়ত পল্লৱলোচন দাসে মোক লৈ তেওঁ সাংসদ হ'ল, কিন্তু আজিলৈকে এদিনো মোৰ খবৰ লোৱা নাই…৷ আজিলৈ এদিনো কোৱা নাই যে লক্ষ্মী ওৰাং কেনে আছা? বেলেগৰ ইজ্জত লৈ তুমি সাংসদ হৈছা…তেখেত আদিবাসী নেতা নহয় নহয়ে, চাহজনগোষ্ঠীৰো নেতা নহয়৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ