--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাসকীয় দলৰ সাংসদ পল্লৱলোচন দাসৰ বিৰুদ্ধে সৰৱ হৈ উঠিল এগৰাকী আদিবাসী নেত্ৰী৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিধায়কৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰাই নহয় সাংসদ পল্লৱলোচন দাসকো তুলা-ধুনা দিলে আদিবাসী নেত্ৰী লক্ষ্মী ওৰাঙে৷ "পল্লব লোচন দাস আদিবাসী নেতাও নহয়, চাহজনগোষ্ঠীৰো নেতাও নহয়৷ বেলেগৰ ইজ্জত লৈ তুমি সাংসদ হৈছা৷"-এই মন্তব্য আদিবাসী নেত্ৰীগৰাকীৰ৷

আজি বিশ্বনাথৰ কুঁৱৰী গাঁৱৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ(আছা) বিশ্বনাথ আঞ্চলিক সমিতি, আদিবাসী আইকন লক্ষ্মী ওৰাংৰ উদ্যোগত আৰু আদিবাসী ৰাইজৰ সহযোগত ১৪তম আদিবাসী অধিকাৰ দিৱসৰ লগতে প্ৰায় ৫০০০ গচ বন্তি জ্বলাই জাতিৰ বাবে শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলী জনায় দিৱস উদযাপন কৰে ৷ উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো৷

অনুষ্ঠানত নিজৰ বক্তব্যত লক্ষ্মী ওৰাঙে কয় যে, "যিজন এতিয়া সাংসদ হৈছে বা বিধায়ক হৈছিল এটা সময়ত পল্লৱলোচন দাসে মোক লৈ তেওঁ সাংসদ হ'ল, কিন্তু আজিলৈকে এদিনো মোৰ খবৰ লোৱা নাই…৷ আজিলৈ এদিনো কোৱা নাই যে লক্ষ্মী ওৰাং কেনে আছা? বেলেগৰ ইজ্জত লৈ তুমি সাংসদ হৈছা…তেখেত আদিবাসী নেতা নহয় নহয়ে, চাহজনগোষ্ঠীৰো নেতা নহয়৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু