--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কিমান সুফল পাইছে অসমৰ ভ্ৰাম্যমাণ কেবিনেটে! বুধবাৰে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত সপ্তমবাৰলৈ অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট৷ বঙাইগাঁৱত অনুষ্ঠিত হৈছে সপ্তমখন কেবিনেট বৈঠক৷ চৰকাৰক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত উপকৃত হ’বলৈ শাসনাধীস্থ বিজেপি চৰকাৰে হাতত লৈছে এই ভ্ৰাম্যমাণ কেবিনেটৰ৷ প্ৰথমে এই ভাম্যমাণ কেবিনেটৰ ধাৰণা আনিছিল অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে৷ ১৯৫০ চনৰ পৰা ১৯৫৭ চনলৈ মুখ্যমন্ত্ৰীৰ পদত থকা অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী মেধি আছিল অবিভক্ত অসমৰ মুখ্যমন্ত্ৰী৷ তেতিয়া অবিভক্ত অসমৰ ৰাজধানী আছিল শ্বিলং৷

১৯৭২ চনৰ ২১ জানুৱাৰীত শ্বিলং মেঘালয়ৰ ৰাজধানী হিচাপে নতুন স্বীকৃতি লাভ কৰে৷ অসমে ইয়াৰ পাছতেই ৰাজধানী গুৱাহাটীৰ দিছপুৰলৈ স্থানান্তৰিত কৰে৷ এই অবিভক্ত অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে গুৱাহাটীত অনুষ্ঠিত কৰিছিল কেবিনেট বৈঠক৷ ১৯৫১ চনৰ ২৮ ডিচেম্বৰত শ্বিলঙৰ ৰাজধানীৰ পৰা দূৰৈত গুৱাহাটীত বিষ্ণৰাম মেধিয়ে প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল৷ ১৯৭১ চনত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰমোহন চৌধুৰীয়ে শ্বিলঙৰ পৰিৱৰ্তে গুৱাহাটীত অনুষ্ঠিত কৰিছিল কেবিনেট বৈঠক৷ তাৰপাছত অসম-মেঘালয় বিভক্ত হয়৷ পৰৱৰ্তি সময়ছোৱাত দিছপুৰ অসমৰ ৰাজধানী হিচাপে পৰিগণিত হয়৷ তাৰপাছত ১৯৮৪ আৰু ১৯৯৪ চনত দিছপুৰৰ পৰিৱৰ্তে হিতেশ্বৰ বৰগোঁহায়ে বৰঝাৰ বিমান বন্দৰত দুখনকৈ কেবিনেট বৈঠকৰ আয়োজন কৰিছিল৷ তাৰপাছত ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত কেবিনেট বৈটক অনুষ্ঠিত কৰিছিল৷

আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধান অনুষ্ঠিত হয় ধেমাজিত কেবিনেটবৈঠত৷ এইবৰ্ষৰে বিগত ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হয় কেবিনেট৷ আনহাতে, আজি হিমন্তৰ তত্ত্বাৱধানত বঙাইগাঁৱত অনুষ্ঠিত হয় দ্বিতীয়খন বৈঠক৷ চৰকাৰী আঁচনিৰ ফলত সাধাৰণ জনতাই কিমান সুফল পাইছে? চৰকাৰী হিতাধীকাৰসকলে চৰকাৰে প্ৰদান কৰা সুবিধা গ্ৰহণ কৰিব পাৰিছেনে নাই? এই সকলোবোৰ উদ্দেশ্য আগত ৰাখি হিমন্তৰ নেতৃত্বধীন চৰকাৰে আয়োজন কৰিছে ইখনৰ পাছত সিখনকৈ ভ্ৰাম্যমাণ কেবিনেটৰ৷ ইপিনে ২০২১ বৰ্যৰ প্ৰথমখন কেবিনেট ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কৰিব কেবিনেটৰ৷ পৰৱৰ্তি ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰিব ৫ জানুৱাৰীত হাফলঙত৷ হিমন্তৰ মতে, ভ্ৰাম্যমাণ কেবিনেটৰ বাবে ধেমাজি প্ৰশাসনৰ পৰা বহু উপকৃত হৈছে অসম চৰকাৰ৷ কিন্তু বানে জৰ্জৰিত কৰা ধেমাজিবাসী সঁচাকৈ উপকৃত হৈছেনে নাই, সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব৷ আনহাতে, এই ভ্ৰাম্যমাণ কেবিনেটকিমান সুফলদায়ক হ’ব, সেয়া অনাগতা দিনতহে লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক