--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কিমান সুফল পাইছে অসমৰ ভ্ৰাম্যমাণ কেবিনেটে! বুধবাৰে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত সপ্তমবাৰলৈ অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট৷ বঙাইগাঁৱত অনুষ্ঠিত হৈছে সপ্তমখন কেবিনেট বৈঠক৷ চৰকাৰক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত উপকৃত হ’বলৈ শাসনাধীস্থ বিজেপি চৰকাৰে হাতত লৈছে এই ভ্ৰাম্যমাণ কেবিনেটৰ৷ প্ৰথমে এই ভাম্যমাণ কেবিনেটৰ ধাৰণা আনিছিল অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে৷ ১৯৫০ চনৰ পৰা ১৯৫৭ চনলৈ মুখ্যমন্ত্ৰীৰ পদত থকা অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী মেধি আছিল অবিভক্ত অসমৰ মুখ্যমন্ত্ৰী৷ তেতিয়া অবিভক্ত অসমৰ ৰাজধানী আছিল শ্বিলং৷

১৯৭২ চনৰ ২১ জানুৱাৰীত শ্বিলং মেঘালয়ৰ ৰাজধানী হিচাপে নতুন স্বীকৃতি লাভ কৰে৷ অসমে ইয়াৰ পাছতেই ৰাজধানী গুৱাহাটীৰ দিছপুৰলৈ স্থানান্তৰিত কৰে৷ এই অবিভক্ত অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে গুৱাহাটীত অনুষ্ঠিত কৰিছিল কেবিনেট বৈঠক৷ ১৯৫১ চনৰ ২৮ ডিচেম্বৰত শ্বিলঙৰ ৰাজধানীৰ পৰা দূৰৈত গুৱাহাটীত বিষ্ণৰাম মেধিয়ে প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল৷ ১৯৭১ চনত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰমোহন চৌধুৰীয়ে শ্বিলঙৰ পৰিৱৰ্তে গুৱাহাটীত অনুষ্ঠিত কৰিছিল কেবিনেট বৈঠক৷ তাৰপাছত অসম-মেঘালয় বিভক্ত হয়৷ পৰৱৰ্তি সময়ছোৱাত দিছপুৰ অসমৰ ৰাজধানী হিচাপে পৰিগণিত হয়৷ তাৰপাছত ১৯৮৪ আৰু ১৯৯৪ চনত দিছপুৰৰ পৰিৱৰ্তে হিতেশ্বৰ বৰগোঁহায়ে বৰঝাৰ বিমান বন্দৰত দুখনকৈ কেবিনেট বৈঠকৰ আয়োজন কৰিছিল৷ তাৰপাছত ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত কেবিনেট বৈটক অনুষ্ঠিত কৰিছিল৷

আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধান অনুষ্ঠিত হয় ধেমাজিত কেবিনেটবৈঠত৷ এইবৰ্ষৰে বিগত ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হয় কেবিনেট৷ আনহাতে, আজি হিমন্তৰ তত্ত্বাৱধানত বঙাইগাঁৱত অনুষ্ঠিত হয় দ্বিতীয়খন বৈঠক৷ চৰকাৰী আঁচনিৰ ফলত সাধাৰণ জনতাই কিমান সুফল পাইছে? চৰকাৰী হিতাধীকাৰসকলে চৰকাৰে প্ৰদান কৰা সুবিধা গ্ৰহণ কৰিব পাৰিছেনে নাই? এই সকলোবোৰ উদ্দেশ্য আগত ৰাখি হিমন্তৰ নেতৃত্বধীন চৰকাৰে আয়োজন কৰিছে ইখনৰ পাছত সিখনকৈ ভ্ৰাম্যমাণ কেবিনেটৰ৷ ইপিনে ২০২১ বৰ্যৰ প্ৰথমখন কেবিনেট ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কৰিব কেবিনেটৰ৷ পৰৱৰ্তি ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰিব ৫ জানুৱাৰীত হাফলঙত৷ হিমন্তৰ মতে, ভ্ৰাম্যমাণ কেবিনেটৰ বাবে ধেমাজি প্ৰশাসনৰ পৰা বহু উপকৃত হৈছে অসম চৰকাৰ৷ কিন্তু বানে জৰ্জৰিত কৰা ধেমাজিবাসী সঁচাকৈ উপকৃত হৈছেনে নাই, সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব৷ আনহাতে, এই ভ্ৰাম্যমাণ কেবিনেটকিমান সুফলদায়ক হ’ব, সেয়া অনাগতা দিনতহে লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement