--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী পত্নীয়ে নিজে অপহৰণৰ নাটক কৰি পতিৰ পৰা সৰকালে ৫ লাখ টকা। মহিলাগৰাকী জুৱাত আসক্ত। তেওঁ স্পেইনৰ নিৱাসী। স্পেনিছ মহিলাগৰাকীয়ে নিজৰ অপহৰণৰ নাটক নিজে ৰচি এতিয়া পৰিল ঘোৰ বিপদত। মহিলাগৰাকীয়ে জুৱাৰ প্ৰতি থকা আসক্তিৰ বাবে এই ভুৱা অপহৰণৰ নাটক ৰচে।

মহিলাগৰাকীয়ে মুক্তিপণৰ নামত তেওঁৰ অসুস্থ স্বামীৰ পৰা সংগ্ৰহ কৰে ৫ লাখ টকা আৰু সেই ৫ লাখ টকাৰে মহিলাগৰাকীয়ে খেলে জুৱা। কিন্তু সমগ্ৰ ঘটনাটো যেতিয়া পোহৰলৈ আহে, আৰক্ষীয়ে মহিলাগৰাকীক লগালগ গ্ৰেপ্তাৰ কৰে। মহিলাগৰাকী জুৱা খেলাত অভ্যস্ত আছিল। যেতিয়া তেওঁক অধিক ধনৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁৰ মগজুত মিছা অপহৰণৰ দুষ্টবুদ্ধি সোমায়। সেই সময়ত তেওঁৰ অসুস্থ স্বামী চিকিৎসালয়ত ভৰ্তি হৈ আছিল।

মহিলাগৰাকীয়ে স্বামীক তেওঁৰ অপহৰণ হোৱা বুলি মিছা বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কৈছিল যে অপহৰণকাৰীসকলে ৫ লাখ টকাৰ মুক্তিপণ দাবী কৰিছে। স্বামীয়ে এই কথা শুনি ভয় খাই লগালগ ৫ লাখ টকা প্ৰেৰণ কৰে। মুক্তিপণৰ ধন পোৱাৰ লগে লগে মহিলাগৰাকীয়ে জুৱা খেলা আৰম্ভ কৰিলে।

আৰু পঢ়কঃ পাকিস্তানৰ বিজয়ত আনন্দ প্ৰকাশ! অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি ছাত্ৰক বহিষ্কাৰ

ইফালে, মহিলাগৰাকীৰ স্বামীয়ে অপহৰণকাৰীসকলক টকা পৰিশোধ কৰাৰ পিছতেই আৰক্ষীক গোচৰ দিয়ে। আৰক্ষীয়ে ম'বাইল নম্বৰবোৰ ট্ৰেক কৰাত দেখে যে এই সকলোবোৰৰ আঁৰত এগৰাকী মহিলা আছে। আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই মহিলাগৰাকীক এখন কেচিনোৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁ বৰ্তমান জামিনত মুক্তি লাভ কৰিছে, কিন্তু গোচৰটোৰ বিচাৰ চলি আছে। ভুৱা অপহৰণ আৰু ভুৱা মুক্তিপণ দাবীৰ ক্ষেত্ৰত তেওঁক জেললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা প্ৰবল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ