--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী পত্নীয়ে নিজে অপহৰণৰ নাটক কৰি পতিৰ পৰা সৰকালে ৫ লাখ টকা। মহিলাগৰাকী জুৱাত আসক্ত। তেওঁ স্পেইনৰ নিৱাসী। স্পেনিছ মহিলাগৰাকীয়ে নিজৰ অপহৰণৰ নাটক নিজে ৰচি এতিয়া পৰিল ঘোৰ বিপদত। মহিলাগৰাকীয়ে জুৱাৰ প্ৰতি থকা আসক্তিৰ বাবে এই ভুৱা অপহৰণৰ নাটক ৰচে।

মহিলাগৰাকীয়ে মুক্তিপণৰ নামত তেওঁৰ অসুস্থ স্বামীৰ পৰা সংগ্ৰহ কৰে ৫ লাখ টকা আৰু সেই ৫ লাখ টকাৰে মহিলাগৰাকীয়ে খেলে জুৱা। কিন্তু সমগ্ৰ ঘটনাটো যেতিয়া পোহৰলৈ আহে, আৰক্ষীয়ে মহিলাগৰাকীক লগালগ গ্ৰেপ্তাৰ কৰে। মহিলাগৰাকী জুৱা খেলাত অভ্যস্ত আছিল। যেতিয়া তেওঁক অধিক ধনৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁৰ মগজুত মিছা অপহৰণৰ দুষ্টবুদ্ধি সোমায়। সেই সময়ত তেওঁৰ অসুস্থ স্বামী চিকিৎসালয়ত ভৰ্তি হৈ আছিল।

মহিলাগৰাকীয়ে স্বামীক তেওঁৰ অপহৰণ হোৱা বুলি মিছা বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কৈছিল যে অপহৰণকাৰীসকলে ৫ লাখ টকাৰ মুক্তিপণ দাবী কৰিছে। স্বামীয়ে এই কথা শুনি ভয় খাই লগালগ ৫ লাখ টকা প্ৰেৰণ কৰে। মুক্তিপণৰ ধন পোৱাৰ লগে লগে মহিলাগৰাকীয়ে জুৱা খেলা আৰম্ভ কৰিলে।

আৰু পঢ়কঃ পাকিস্তানৰ বিজয়ত আনন্দ প্ৰকাশ! অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি ছাত্ৰক বহিষ্কাৰ

ইফালে, মহিলাগৰাকীৰ স্বামীয়ে অপহৰণকাৰীসকলক টকা পৰিশোধ কৰাৰ পিছতেই আৰক্ষীক গোচৰ দিয়ে। আৰক্ষীয়ে ম'বাইল নম্বৰবোৰ ট্ৰেক কৰাত দেখে যে এই সকলোবোৰৰ আঁৰত এগৰাকী মহিলা আছে। আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই মহিলাগৰাকীক এখন কেচিনোৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁ বৰ্তমান জামিনত মুক্তি লাভ কৰিছে, কিন্তু গোচৰটোৰ বিচাৰ চলি আছে। ভুৱা অপহৰণ আৰু ভুৱা মুক্তিপণ দাবীৰ ক্ষেত্ৰত তেওঁক জেললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা প্ৰবল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু