--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিশুৰ পৰা আলৰ বৃদ্ধলৈকে সকলোৰে খাদ্যৰ তালিকাত থকে গাখীৰ। গাখীৰত উপস্থিত থকা অসংখ্য পুষ্টিকৰ উপাদানৰ বাবে  সকলোৰে ঘৰত গাখীৰ খোৱাটো এক অতি গুৰুত্বপূৰ্ণ নিয়মৰ দৰে। গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী কাৰণ ইয়াত বহুতো পুষ্টিকৰ উপাদান যেনে কেলচিয়াম, প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিৰ দৰে প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে সেয়ে গাখীৰ খালে শৰীৰ আৰু মন দুয়োটা অধিক সক্ৰিয় হৈ থাকে। 

বহুসংখ্যক মাতৃয়ে সন্তানক ৰাতিপুৱা গাখীৰ আৰু বিস্কুট খুৱাই স্কুললৈ পঠিয়াই আৰু প্ৰায় ঘৰতে গাখীৰ পুৱাপৰ আহাৰৰ এটা অংশ। আৰু যদি শিশুৱে পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ অনিচ্ছুক হয়, তেন্তে এগিলাচ গাখীৰ খুৱাই। কথিত আছে যে ‘খালীপেটত জল ভৰপেটত ফল’ অৰ্থাত খালি পেটত ফল গ্ৰহণ কৰা নহয়৷সকলো খাদ্যৰে খোৱাৰ এটা নিৰ্দিষ্ট সময় থাকে৷ গাখীৰ  কেতিয়া গ্ৰহণ কৰিব? খালীপেটত গ্ৰহণ কৰিলে কিবা সমস্যা হ’ব পাৰে নেকি? 

ৰাতিপুৱা গাখীৰ খালে হজম শক্তি ভাল হোৱাৰ লগতে, ৰাতিপুৱা গাখীৰ সেৱন কৰিলেও দুৰ্বল হাড়লৈ প্ৰাণৰ সঞ্চাৰ হয়। পেশীবোৰো শক্তিশালী হৈ উঠে। সেয়ে ৰাতিপুৱা গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু বহু লোকৰ লেক্ট’জৰ সমস্যা থাকে। সেয়ে খালী পেটত গাখীৰ খালে পেটৰ বিষ আৰু এচিডিটি হ’ব পাৰে। খালী পেটত গাখীৰ খোৱাৰ অভ্যাস থকা লোকসকলে গৰম গাখীৰতকৈ ঠাণ্ডা গাখীৰ খাব লাগে যাতে পেটত এচিডিটিৰ সৃষ্টি নহয় আৰু পেটৰ বিষ, ডায়েৰিয়া আৰু গেছৰ সমস্যা পৰা বাছি থাকিব পাৰিব।

এক গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে ৰাতিপুৱা খালীপেটত গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ যদি আপুনি পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত গাখীৰ খায় তেন্তে স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে। সেয়ে খালী পেটত গাখীৰ খোৱাৰ পৰিৱৰ্তে বৰঞ্চ কিবা এটা খোৱাৰ পাছতহে গাখীৰ খাব লাগে। আৰু কম চৰ্বিযুক্ত বা স্কিমড গাখীৰ স্বাস্থ্যৰ বাবে উপকাৰী। যদি আপুনি ওজন কমাব বিচাৰে বা হৃদৰোগ আছে, তেন্তে খালী পেটত গাখীৰ গ্ৰহণ কৰাত কৈ ৰাতি শোৱাৰ আগতে গাখীৰ খোৱা উচিত। ৰাতি গাখীৰ খোৱাটোৱে ভাল টোপনি অহাত সহায় কৰে আৰু গৰম গাখীৰৰ লগত হালধী মিহলাই খালে স্বাস্থ্যৰ বাবে উপকাৰী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ