--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আপুনি জানেনে স্বাস্থ্যৰ বাবে কলতকৈ বেছি উপকাৰী গুণেৰে সমৃদ্ধ কলফুল। দৰাচলতে কলফুলত যথেষ্ট পৰিমাণৰ প্ৰটিন, ফাইবাৰ, ভিটামিন-এ, চি, ফছফৰাছ, পটাছিয়াম পোৱা যায়। ইয়াৰ উপকাৰিতাসমূহ জানো আহক।

১. কলফুলে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। ই শৰীৰত গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰি তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

২. বৃক্ক ৰোগীৰ বাবেও কলফুল অতি উপকাৰী। ইয়াৰ নেফ্ৰ’প্ৰটেক্টিভ এক্টিভিটি আছে যিয়ে বৃক্কক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও ইয়াত থকা গুণৰ বাবে বৃক্কৰ পাথৰৰ সমস্যা নিৰাময় কৰিব পাৰে।

৩. কলফুলে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। কাৰণ ইয়াত থকা আঁহে অধিক সময়লৈ ভোক অনুভৱ নকৰে। ফলত ওজন হ্ৰাস কৰাত সহায় কৰে।

৪. কলফুলৰ দ্বাৰাও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি।কলফুলে এন্টি হাইপাৰটেনচিভ এজেণ্টৰ দৰে কাম কৰে যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

৫. পিৰিয়ডৰ সময়ত হোৱা বিষত কলফুল সেৱনে পেটৰ ক্ৰেম্প কম হোৱাত সহায় কৰে। কলফুলত প্ৰজেষ্টেৰন হৰম’ন নিয়ন্ত্ৰণ কৰি ৰক্তক্ষৰণৰ সময়ত হোৱা বিষ কমোৱাত সহায়ক হয়।

৬. কলফুলৰ দ্বাৰাও হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰি।কলফুলৰ কাৰ্ডিঅ' প্ৰটেকটিভ ইফেক্ট আছে। ইয়াৰ উপৰি ই বি পি নিয়ন্ত্ৰণত ৰাখে, গতিকে সামগ্ৰিকভাৱে ই হৃদযন্ত্ৰৰ বাবে উপকাৰী।

৭. কলফুলত থকা গেলেক্টাগগ মৌলৰ দ্বাৰা দুগ্ধপান প্ৰসাৰিত হ’ব পাৰে। ইয়াৰ বাবেই মাতৃদুগ্ধ গঠন হ’বলৈ আৰম্ভ কৰে আৰু দুগ্ধপান কৰা মাতৃসকলে শিশুক সঠিকভাৱে স্তনপান কৰাব পাৰে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ