--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকণী খাই বহুতেই ভাল পায়৷ কণী হৈছে প্ৰ’টিন আৰু আন বহু ভিটামিনৰ ভাণ্ডাৰ৷ দেহৰ ওজন নিয়ন্ত্ৰণৰ পৰা শৰীৰত প্ৰয়োজনীয় প্ৰ'টিন যোগান ধৰালৈকে - কণীয়ে সকলো প্ৰয়োজনীয় অভাৱ পূৰ কৰে। প্ৰ'টিনৰ উপৰি কণীত ভিটামিন ৬, ভিটামিন ১২, ফলিক এচিড, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, থিয়ামিন, লো, জিংক, ভিটামিন ডি আৰু আন বহুতো অত্যাৱশ্যকীয় উপাদান থাকে। 

যিবোৰ উপাদানে শৰীৰৰ বিভিন্ন  জটিলতা দূৰ কৰাত সহায় কৰিব পাৰে।
কণী নিশ্চিতভাৱে স্বাস্থ্যকৰ। কিন্তু বহুত বেছি  কণী সঁচাকৈয়ে এদিনত খাব পাৰিনে? দিনত কিমানটা কণী খোৱাৰ ফলত শৰীৰৰ কোনো ক্ষতি নহ'ব? এই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰ পুষ্টিবিদসকলে উল্লেখ কৰি আহিছে।

পুষ্টিবিদসকলৰ মতে সপ্তাহত তিনি বা চাৰিটাতকৈ অধিক কণী নোখোৱাই ভাল। ইয়াৰ কাৰণ হৈছে কণীত থকা  'এভিডিন' নামৰ গ্লাইকোপ্ৰ'টিনে শৰীৰৰ ভিতৰত বায়োটিন শোষণ কৰাত বাধা দিয়ে। বায়োটিন হৈছে শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান। ই চুলি ভালে ৰখাত আৰু ছাল-নখ গঠন কৰাত সহায় কৰে। যদি বায়োটিনৰ অভাৱ অত্যাধিক হয় ই মস্তিষ্কৰ কাৰ্যক্ষমতাও প্ৰভাৱাম্বিত কৰিব পাৰে।

 বায়োটিন হৈছে এক পানীত দ্ৰৱণীয় ভিটামিন আৰু সহজে শৰীৰৰ পৰা ওলাই আহিব পাৰে। কিন্তু যিহেতু কণীৰ বগা অংশই এই বায়োটিন শোষণ প্ৰতিহত কৰে সেয়ে  কণী খোৱা নিয়ন্ত্ৰণ কৰা ভাল।
যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে আটাইতকৈ প্ৰিয় আহাৰ হ’ব পাৰে  'সিজোৱা কণী'। পুষ্টিবিদসকলৰ মতে  যিসকলে প্ৰতিদিনে যথেষ্ট শাৰীৰিক ব্যায়াম বা শাৰীৰিক কাম নকৰে তেওঁলোকেও একেলগে বহু বেছি  কণী খোৱাটো উচিত নহয়।

স্বাস্থ্যৱান লোকসকলে দিনত সৰ্বাধিক এটাতকৈ অধিক কণী  খাব নালাগে। পাৰিলে সপ্তাহত চাৰিটা কণী খোৱাটো ভাল। কণীৰ লগতে আমিষ আহাৰ খোৱাসকলে মাছ-মাংস আৰু পাচলিৰ পৰাও  প্ৰ'টিনৰ যোগান বৃদ্ধি কৰিব লাগে। নিৰামিষভোজীসকলে গাখীৰ, চয়াবিন, পনীৰ আদিৰ পৰাও প্ৰ’টিন পাব পাৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস