--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দৈনন্দিন জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তনে বৰ্তমান সময়ত ওজন বৃদ্ধি আৰু উচ্চ কলেষ্টেৰলৰ সমস্যা দ্ৰুতগতিত বাঢ়িছে। ইয়াৰ মূল কাৰণ হৈছে খাদ্যাভ্যাসৰ অভাৱ আৰু শাৰীৰিক পৰিশ্ৰমৰ অভাৱ। অত্যধিক পৰিমাণৰ তেল,  চেনি আৰু প্ৰচেছড খাদ্য সেৱনে বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। তদুপৰি আধুনিক জীৱনশৈলীয়ে মানসিক উত্তেজনাৰ পৰিমাণ বৃদ্ধি কৰিছে। এই মানসিক চাপে খাদ্যৰ পছন্দ, খাদ্যাভ্যাসৰ মনোভাব আৰু ওজনত প্ৰভাৱ পেলায়। ওজন আৰু উচ্চ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত মধুৰী পাত উপকাৰী হ’ব পাৰে।

মধুৰী পাতত পোৱা এন্টিঅক্সিডেন্টে স্বাস্থ্য সম্পৰ্কীয় সমস্যাত সহায় কৰে। ইয়াত ভিটামিন-চি অধিক পৰিমাণে পোৱা যায় আৰু ইয়াৰ ব্যৱহাৰে কলেষ্টেৰল, তেজত ছুগাৰ আৰু ওজন হ্ৰাস কৰাত সহায় কৰে। গতিকে জানো আহক মধুৰী পাতৰ দ্বাৰা আৰু কোনবোৰ ৰোগ নিৰাময় কৰিব পাৰি।

১. ডায়েবেটিছ :-ডায়েবেটিছত ৰোগীৰ তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে মধুৰী পাত সেৱন কৰিব পাৰে। ইয়াত বহু ধৰণৰ এনজাইম পোৱা যায়, যাৰ ফলত শৰীৰত ছুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে।

২. শালমইনা :-মধুৰী পাতেও মুখৰ পৰা শালমইনা আঁতৰাব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে, যাৰ ফলত শালমইনা সমস্যা দূৰ হয়। ইয়াৰ এষ্ট্ৰিংজেণ্ট গুণেও ছালৰ টেক্সচাৰ উন্নত কৰে।

 ৩. সঘনাই চৰ্দি হোৱা :-মধুৰী পাতৰ এনে গুণ আছে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে চৰ্দি আৰু ফ্লুৰ দৰে ভাইৰাছৰ সংক্ৰমণ দূৰ কৰে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ