spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিককেনেকৈ হত্যা কৰা হ'ল অনিমেষক ?

কেনেকৈ হত্যা কৰা হ’ল অনিমেষক ?

ডিজিটেল ডেস্ক : ‘মুক্তহত্যা’ আজিৰ যুগত সুলভ! আইন হাতত তুলি যিকোনো লোকেই কাঢ়িব পাৰে প্ৰাণ৷ হয়, এইখন ৰাজ্যতে মানুহক ৰাজপথতে মৰিয়াই মৰিয়াই হত্যা কৰা হয়৷ সেই সময়ত বিচাৰি নাপায় মানৱতা, প্ৰশাসনেও চকু মুদাকুলিৰ ৰূপত, এচামে আকৌ ৰং চায় হত্যালীলাৰ৷ অসমত অসমীয়াই প্ৰধান শত্ৰু হিচাপে মানি ল’বলৈ বাধ্য হোৱাৰ উপক্ৰম হৈছে৷ বিগত তিনি বছৰৰ ভিতৰত যোৰহাট জিলাতে তিনিটা মুক্তহত্যাৰ ঘটনা সংঘটিত হৈছে৷ ন্যায়ৰ নামত আজিও আদালতলৈ অহা-যোৱা কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে৷ হত্যালীলাৰ সময়ত ৰক্ষা কৰিবলৈ কোনো এজন লোকে আহবাঢ়ি অহাও পৰিলক্ষিত নহয়৷ দিন-দুপৰতে এখন শিক্ষিত সমাজৰ মাজমজিয়াতে সংঘটিত হয় মুক্তহত্যাৰ ঘটনা৷

ডাঃ দেৱেন দত্ত

ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ অভাৱ নাই এইখন সমাজত৷ কোনোৱে ভিডিঅ’ বনাই, কোনোৱে আকৌ বাটৰ কঁচু গাত ঘঁহি নোলোৱাৰ স্বাৰ্থত দূৰৰ পৰাই এনে ঘটনাৰ আমেজ লয়৷ ঘটনাৰ পাছমুহূৰ্ততে আকৌ আৰম্ভ হয় এক প্ৰতিবাদৰ জোৱাৰ৷ ছ’চিয়েল মিডিয়াৰ পৃষ্ঠাত বহুতৰ ‘মৃতকৰ আত্মাই শান্তি পাওক’, ‘ন্যায় লাগে’, ‘ধিক্কাৰ দিয়া’ আদি বিভিন্ন দাবীৰে গৰম কৰি ৰাখে৷ ৰাজপথতো আন্দোলন আৰম্ভ হয়৷ কিন্তু বৰ্তমানলৈ মুক্তহত্যাৰ এজনো অভিযুক্তক শাস্তি প্ৰদান কৰাৰ সাহস গোটাব নোৱাৰিলে চৰকাৰে৷ যাৰ বাবে পুনৰ এনে হত্যাত একোগৰাকী অসমীয়াই প্ৰাণ হেৰুৱালগীয়া হৈছে৷

দেৱাশিস গগৈ

উল্লেখ্য যে বিগত তিনি বছৰত তিনিটা মুক্তহত্যাৰ ঘটনাই শৈক্ষিক নগৰী যোৰহাটত কালিমা সানিছে৷ ২০১৯ বৰ্ষত টিয়কত এচাম নৰপিশাচৰ হাতত প্ৰাণ হেৰুৱাইছিল ডাঃ দেৱেন দত্তই৷ আজিলৈকে কিন্তু এইখন চৰকাৰ তথা আইনে দত্তৰ হত্যাকাৰীক আজি পৰ্যন্ত কোনো শাস্তি ঘোষণা কৰা নাই৷ ইয়াৰ পাছতে ২০২০ বৰ্ষত পিতৃ আৰু ভগ্নীৰ সন্মুখতে হত্যাৰ বলি হৈছিল দেৱাশিস গগৈয়ে৷ দেৱাশিসৰ ঘটনাৰ দোষীৰ বিৰুদ্ধেও আজিলৈকে পোৱা নহ’ল শাস্তিৰ বিধান৷ ইয়াৰ পাছতে এই বৰ্ষত ২৯ নৱেম্বৰত যোৰহাটৰ মাজমজিয়াতে অৰ্ধ-শতাধিক লোকৰ হাতত প্ৰাণ গ’ল অনিমেষ ভূঞাৰ৷ এয়া অতি ভয়ানক এখন সমাজৰ বাবে, এখন ৰাজ্যৰ বাবে৷ যদিহে চৰকাৰে কঠোৰ ব্যৱস্থা হাতত লয়, তেন্তে এনে ঘটনাই মূৰ দাঙি উঠিবলৈ সাহস নকৰিব৷ কিন্তু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে গণপ্ৰহাৰ, মুক্তহত্যাৰ ঘটনাক কিদৰে নিয়ন্ত্ৰণ তথা ৰোধ কৰিব সেয়া লক্ষ্যণীয় হ’ব৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular