--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: শিশু নিৰ্যাতনৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰি পছক’ৰ অধীনত যৌননির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্ক তথা শৰীৰ স্পর্শৰ আৱশ্যকতা নাই বুলি গুৰুত্বপূর্ণ ৰায় দিছে৷

উল্লেখ্য যে, বোম্বে উচ্চ ন্যায়ালয়ে পছক’ আইনৰ অধীনত যৌননির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যক আছে বুলি ৰায় দিছিল যদিও সেই ৰায় খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবীন্দ্র ভাট আৰু বেলা ত্রিবেদীৰ বিচাৰপীঠে যৌননির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যকতা নাই বুলি ৰায় দিয়ে৷

বিচাৰপীঠে কয় যে, আইনখন যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষাৰ বাবেই বলৱৎ কৰা হৈছে৷ বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে ১২জানুৱাৰীত পছক’ আইনৰ অধীনত যৌননির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যক আছিল বুলি দিয়া ৰায়ৰ প্রত্যাহ্বান জনাই কেন্দ্র, ৰাষ্ট্রীয় মহিলা আয়োগ আৰু মহাৰাষ্ট্র চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷ এই আবেদনৰ শুনানি নিৰীক্ষণ কৰি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন