মানুহৰ উদ্ভাৱনী শক্তি, সৃজনীশীল এটি মন বা ব্যতিক্রমী চিন্তাধাৰাই এজন মানুহক লৈ যাব পাৰে সাফল্যৰ সর্বোচ্চ শিখৰলৈ। 'মই আগুৱাই যামেই' এই ভাবটোৱে যদি অন্তৰত অহৰহ ক্রিয়া কৰি থাকে তেন্তে মানুহে যিকোনাে কঠিন পৰিস্থিতি বা বাধাৰ প্ৰাচীৰ লংঘন কৰিব পাৰে অনায়াসে। সচৰাচৰ দেখি থকা বা চলি থকা ব্যৱসায়সমূহৰ পৰা ফালৰি কাটি মুম্বাইৰ এজন যুৱকে এক ব্যতিক্রম ব্যৱসায় প্রতিষ্ঠা কৰি জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ উঠিছে আৰু তেওঁ নিজেও উজলি উঠিছে ব্যৱসায় ক্ষেত্ৰৰ এগৰাকী সফল ব্যক্তি হিচাপে। যুৱকজনৰ নাম সন্দীপ গজাকছ। সন্দীপৰ আছে লণ্ড্ৰী ব্যৱসায়। পিছে এই লণ্ড্ৰী কাপােৰৰ লণ্ড্রী নহয়, জোতাৰহে লণ্ড্রী। জোতাৰ লণ্ড্রী! শুনিলে আচৰিত যেন নালাগেনে? জোতা ধুই, চাফা কৰি, পলিছ মাৰিও মানুহে লাভজনক ব্যৱসায় প্রতিষ্ঠা কৰিব পাৰে, এই কথা প্রমাণ কৰি দেখুৱালে সন্দীপ গজাকছে।
যুৱকজনৰ এই লণ্ডীটো ভাৰতৰ ভিতৰতে প্রথম জোতাৰ লণ্ড্রী হিচাপে চিহ্নিত আৰু স্বীকৃত হৈছে। মুম্বাইৰ মিঠীবাঈ কলেজত পঢ়ি থকাৰ সময়তে সন্দীপে এটা কথা মন কৰিছিল, তেওঁৰ কলেজৰ ধনী ল'ৰাবােৰে বহুত দামী জোতা পিন্ধি কলেজলৈ আহে আৰু অকণমান বেয়া হলেই সেইযােৰ পৰিত্যাগ কৰি নতুন এযােৰ ক্রয় কৰে। বহুতকেইজন যুৱকৰ এনে কার্য দেখি সন্দীপে কৈছিল যে ''তােমালােকে ইমান দামী জোতাবােৰ দুদিনমান পিন্ধিয়ে ব্যৱহাৰৰ অনুপযােগী বুলি ভাবিবলৈ লােৱা। জোতাযােৰ পেলাই দিয়াৰ আগত মােৰ হাতত দিবা, মই আকৌ আগৰ দৰে নতুন কৰি তােমালােকৰ হাতত তুলি দিম।'' সঁচাকৈয়ে সন্দীপে এই কথা সত্যত পৰিণত কৰি তেওঁৰ বন্ধুসকলক অবাক কৰি তুলিছিল।
আৰু পঢ়কঃ বোমন ইৰাণীঃ ৱেটাৰৰ পৰা এক্টৰ হোৱা মানুহজন
কলেজৰ পৰা উত্তীর্ণ হােৱাৰ পাছত আনৰ দৰে তেওঁ চাকৰিৰ সন্ধানত নামিল। ফেশ্বন কৰিঅ'গ্ৰাফাৰ, ইভেন্ট মেনেজাৰ, কল চেণ্টাৰ আদি বহুতকেইটা ক্ষেত্ৰত কৰ্মৰ পাতনি মেলে সন্দীপে। কল চেণ্টাৰত কাম কৰি থকাৰ সময়তে সন্দীপে গ্ৰাহকৰ সৈতে কেনেদৰে কথা-বতৰা পাতিব লাগে, কেনেদৰে সৌজন্যমূলক ব্যৱহাৰ কৰি গ্ৰাহকৰ সমস্যাসমূহ দূৰ কৰিব পাৰি, এইবােৰ বিষয়ত যথেষ্ট অভিজ্ঞতা অর্জন কৰে আৰু ইয়াত কাম কৰি থকাৰ সময়তে সন্দীপে কলেজত কৰা সেই জোতা মেৰামতিৰ কামটোৰ ওপৰত নিজাকৈ এক ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তিবলৈ ধৰে। তেওঁ দেউতাকক মনৰ কথা কোৱাত দেউতাকে একোৱে বুজি নাপালে। ইমান পঢ়া-শুনা কৰি এতিয়া লোকৰ জোতাহে চফা কৰিব নেকি বুলি ঘৰৰ মানুহে কৰিলে ককৰ্থনা।
এনেদৰে কাৰােৰে সহায় আৰু সমর্থন অবিহনে নিজৰ শােৱনি কোঠাতে সন্দীপে সপােনৰ ব্যৱসায়টো আৰম্ভ কৰে। বেলেগত এটা ৰূম ভাড়া লবলৈ সন্দীপৰ হাতত পইচা নাই বা তেওঁ ঘৰৰ মানুহকো খুজিব নোৱাৰে, যিহেতু ঘৰৰ মানুহৰ এই কামটোৰ বাবে অলপো সমৰ্থন নাছিল।সেয়েহ সন্দীপে নিজৰ শােৱনি কোঠাটোকে ব্যৱসায়ৰ ক্ষেত্ৰ বুলি ধৰি লৈ আৰম্ভ কৰিলে কৰ্ম জীৱন। সন্দীপে লণ্ড্ৰীটোৰ নাম ৰাখিলে 'The Shoe Laundry'.
তেওঁ নিজেই মার্কেটিং, ক্লীনিং, ডেলিভাৰী আৰু বিলিং এই সকলােখিনি অকলেই চম্ভালাৰ দায়িত্ব ল'লে। নিজৰে নচলে বেলেগক কামক খটুৱাই চলাব কেনেকৈ! জোতাযােৰ ডেলিভাৰী দিয়াৰ সময়ত গ্ৰাহকৰ চকুৱে-মুখে পুৰণা জোতাযােৰ নতুন ৰূপত দেখা পােৱাৰ যি সন্তোষ আৰু সুখৰ হাঁহিৰ ৰেঙনি ফুটি উঠে, সেইবােৰ দেখিয়ে তেওঁ নিজ ব্যৱসায় ক্ষেত্ৰত আগুৱাই যােৱাৰ উদ্যম আৰু প্ৰেৰণা লাভ কৰিলে। মুম্বাইৰ ধূলিময় পৰিৱেশ আৰু বেয়া বতৰৰ বাবে মানুহৰ জোতা খুব সােনকালে বেয়া হয়। যাৰ কাৰণে জোতা লণ্ড্ৰীৰ বহুত প্রয়ােজন আছিল। মানুহৰ সেই অভাৱ অকলেই দূৰীকৰণ কৰিলে সন্দীপ গজাকছে। লাহে লাহে সন্দীপ গজাকছ নামটো মানুহৰ মুখে মুখে বিয়পি পৰিল। ইয়াৰ লগে লগে যুৱকজনৰ ব্যৱসায়ৰো সম্প্ৰসাৰণ ঘটিল।
সন্দীপৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে আন বহুকেইজন যুৱকক তেওঁৰ ব্যৱসায়ৰ লগত সংপৃক্ত কৰিলে, যাৰ দ্বাৰা বেলেগৰাে উপাৰ্জনৰ পথ মুকলি কৰি দিবলৈ তেওঁ সক্ষম হৈ উঠিল। খুব কম দিনৰ ভিতৰতে তেওঁৰ লণ্ড্রীটোৱে এডিডাছ, পুমা, ৰিব’ক আদিৰ দৰে বিখ্যাত আন্তঃৰাষ্ট্ৰীয় জোতা কোম্পানীত ‘আফটাৰ ছেল ছাৰ্ভিছ’ সেৱা আগবঢ়ালৈ সক্ষম হৈ উঠিল। মানুহে কোনাে কামকে সৰু বুলি নাভাবি শ্রদ্ধাৰে, নিষ্ঠাৰে, একাগ্ৰতাৰে, কষ্টসহিষ্ণুতাৰে কৰিলে সফল হােৱাত কোনােৱে বাধা দিব নােৱাৰে তাৰ জ্বলন্ত উদাহৰণ সন্দীপ গজাকছ।২০০৩ চনত আৰম্ভ কৰা 'The Shoe Laundry' বহু বাধা নেওচি,একোতে হাৰ নামানি বৰ্তমান এক সফল ব্যৱসায়িক ক্ষেত্ৰত পৰিণত হৈছে। সফলতাৰ দিশে আগুৱাই গৈ আছে।দেশৰ ভিন্ন প্ৰান্তত ইয়াৰ বহুকেইটা শাখা মুকলি হৈছে। প্ৰেৰণাৰ অনন্য উৎস হৈ ৰওঁক সন্দীপ গজাকছ।
আৰু পঢ়কঃ এটা যুগৰো অধিক কাল তেওঁ ৰৈ আছিল সুযোগৰ বাবে, এতিয়া সফলতাই তেওঁক খেদি ফুৰে…