--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মা তোমাৰ দেখোন পিৰিয়ডছ হৈছে। কিন্তু তুমি লাজ কৰিছা কিয়? এয়া তোমাৰ দেহৰ তেজহে…

নাৰীৰ ঋতুমতী অৱস্থা বা পিৰিয়ডছ এটা অতি স্বাভাৱিক প্ৰক্ৰিয়া যদিও আমাৰ সমাজৰ একাংশই এতিয়াও ইয়াক খুব সহজভাৱে ল’বলৈ শিকা নাই। এই সময়ছোৱা এগৰাকী মহিলাৰ বাবে কিমান কঠিন আৰু স্পৰ্শকাতৰ সময়ত সেই সম্পৰ্কেও বহুতৰে নাই সহানুভূতিপূৰ্ণ ধাৰণা। কিন্তু এইবাৰ এটি শিশুৱে এক অতি অপ্ৰত্যাশিত আৰু অবিশ্বাস্য পৰিপক্বতাৰ নিদৰ্শন দাঙি ধৰি সকলোকে আশ্বৰ্যন্বিত কৰি তুলিছে। এই কথা স্বয়ং প্ৰকাশ কৰিছে শিশুটিৰ মাকে। শিশু পুত্ৰ এই পৰিপক্বতাই তেওঁক কিদৰে আৱেগবিহ্বল কৰি তুলিছিল সেইকথা অকপটে ব্যক্ত কৰিছে শিশুটিৰ মাতৃ তথা এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছাইল্ড বাৰ্থ এডুকেটৰ তথা প্ৰেগনেনছি ফিটনেছ এডুকেটৰ অনুপমা কুমাৰ বিজয়ানন্দে। তেওঁ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এই কাহিনী এতিয়া ভাইৰেল হৈ পৰিছে। শিশু পুত্ৰৰ সংবেদনশীলতা, মাতৃৰ প্ৰতি স্নেহ, মানৱীয়তাৰ নজিৰ তুলি ধৰিছে অনুপমাৰ এই পোষ্টে। ঘটনাটো এনেধৰণৰ…

মাহৰ এটা অপ্ৰত্যাশিত দিনত অনুপমাৰ পিৰিয়ডছ হৈছিল। কামৰ ব্যস্ততাৰ বাবে তেওঁ একো যত্ন ল’ব নোৱৰাত তেওঁৰ পিৰিয়ডছৰ তেজৰ দাগ লাগি যায় পোছাকত। তেওঁ সেই কাপোৰ বাথৰুমত খুলি থৈ অন্য কামত ব্যস্ত হৈ পৰিছিল। অলপ পাছতে তেওঁৰ শিশু পুত্ৰই মাকক মাতিবলৈ ধৰে। বাথৰুমৰ পৰা পুত্ৰই তেওঁক মাতি থকা দেখি তেওঁ অপ্ৰস্তুত হৈ পৰে। যদিহে পুত্ৰই তেওঁক সেই কাপোৰত লগা তেজৰ দাগৰ বিষয়ে প্ৰশ্ন কৰে তেওঁ কি ক’ব সেই কথা ভাবি তেওঁৰ মন হৈ পৰে সংকুচিত। আন দহগৰাকী নাৰীৰ ক্ষেত্ৰতো আজিও পৰিয়ডছ এক লজ্জা আৰু সংকোচৰ বিষয় হৈ ৰৈছে। অনুপমায়ো সেই সংকোচেৰেই পুত্ৰ কাষলৈ যায় আৰু সোধে, কোৱাচোন কি হ’ল? তেতিয়া তেওঁৰ পুত্ৰ আহানে তেওঁক বাথৰুমলৈ টানি নি প্ৰশ্ন কয়, আহাচোন তোমাক এটা বস্তু দেখাওঁ। মা, চোৱা মই বিচাৰি পাইছোঁ পৰুৱাবোৰ ক’ৰপৰা আহে…


স্বাভাৱিকতেই অনুপমা আচৰিত হৈ আহানক সোধে, তুমি ইয়াকে দেখুৱাবলৈ মাতিছিলা? মই ভাবিছিলোঁ তুমি মোক কাপোৰখিনি দেখা পোৱা বুলি… তাৰ পাছতে আহানে কোৱা কথাখিনি মাক অনুপমাৰ বাবে আশ্বৰ্যৰ কথাতো আছিলেই লগতে ই আমাৰ সমাজৰ বাবেও এক শিকিনিস্বৰূপ হৈ পৰিছিল। আহানে কৈছিল, সেয়াতো মই দেখিছোঁ। মই গম পাইছোঁ তোমাৰ পিৰিয়ডছ হৈছে। সেইকাৰণে তোমাৰ কিজানি এতিয়া খুব ভাগৰ লাগিছে। তুমি আহাচোন জিৰণি লোৱাহি। মই তোমাৰ কাৰণে পানী আনি দিম। কাপোৰখিনি এতিয়া ইয়াতে থাকিবলৈ দিয়া। এয়াতো তোমাৰ দেহৰেই তেজ। পিছত ধুলেওতো হ’ব। তুমি ইয়াকে লৈ সংকোচ কিয় কৰিছা?

অনুপমাই লিখিছে পুত্ৰ আহানৰ এই কথা শুনাৰ পাছত তেওঁৰ চকু চকুপানীৰে উপচি পৰিছিল। পিৰিয়ডছক লৈ এনে সংবেদনশীলতা আৰু সহমৰ্মিতা তেওঁ কাৰো পৰাই আজিলৈকো পোৱা নাছিল বুলি মন্তব্য কৰিছে। তেওঁ লিখিছে, সৰুকালৰ পৰাই আমি এয়াই শুনি-শিকি আহিছোঁ যে, পিৰিয়ডছৰ তেজৰ দাগ পুৰুষৰ পৰা লুকুৱাই ৰাখিব লাগে। বহুতে ইয়াক অপবিত্ৰও গন্য কৰি আহিছে। অথচ মোৰ শিশু পুত্ৰই বুজি উঠিছে যে, এয়া মহিলাৰ শৰীৰচক্ৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া, ইয়াত কোনো অপবিত্ৰতা বা লজ্জাৰ কাৰণ নাই। এই কথাই মোক আজি গৰ্বিত কৰি তুলিছে…। ইতিমধ্যেই অনুপমাৰ এই পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু মানসিকতাই সমাজৰ সংস্কাৰমুখী পৰিৱৰ্তন অনাত সহায়ক হ’ব বুলি বহুতেই মন্তব্য কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ