--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ ঘৰত মাখিৰ উৎপাত বাঢ়িছে নেকি? কেতিয়াবা হঠাতে ঘৰত মাখিৰ উৎপাত বাঢ়ি যায়। এই কথাই সকলোকে বৰ অশান্তি দিয়ে। আমি সেইবোৰৰ পৰা মুক্তি পাবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰো। মাখি উৰি ফুৰিলে এটা ঘিণলগা পৰিৱেশৰো সৃষ্টি হয়৷ খাদ্যত মাখি পৰাটোও এটা অস্বাস্থ্যকৰ কথা। কেতিয়াবা বজাৰৰ পৰা কীটনাশক ক্ৰয় কৰো আৰু কেতিয়াবা মেচিন ব্যৱহাৰ কৰি মাখি-মহ খেদি পঠিয়াও। কিন্তু কেতিয়াবা এই সকলোবোৰ পদ্ধতি বিফল হয়। গতিকে আমি কেনেকৈ ঘৰুৱা উপায়েৰে মাখি খেদিব পাৰো জানো আহক। 

১)নিমখ আৰু পানীঃ পানীত কিছু নিমখ মিহলাই স্প্ৰে বটলত ভৰাই দিব। ইয়াৰ পিছত মাখিবোৰ থকা ঠাইত এই দ্ৰৱণটো স্প্ৰে’ কৰিব লাগে। এই পানী য’তেই পৰিব, সেই ঠাইৰ পৰা মাখি পলাই যাব। 

২)গাখীৰ আৰু চেনিঃ গাখীৰ আৰু চেনি মাখিয়ে ভাল পায়। মাখি আহি তাৰ ওপৰত বহি থাকে। গাখীৰ আৰু চেনিৰ দ্ৰৱণ এটা বাতিত ভৰাই মাখি থকা ঠাইত ৰাখক। মিঠা খোৱাৰ লোভত মাখিবোৰ তাত আহি পৰিবহি আৰু তাত পৰি ডুব যাব।

৩) তুলসী আৰু পদিনা মিশ্ৰণঃ পদিনা আৰু তুলসীৰ দ্ৰৱণে কীটনাশক হিচাপে কাম কৰে। এই মিশ্ৰণ বনাই মাখিবোৰৰ ওপৰত স্প্ৰে’ কৰিলে মাখি তৎক্ষণাৎ আঁতৰি পলাব।

৪)আপেল চাইডাৰ ভিনেগাৰঃ গিলাচ বা বহল বটলত আপেল চাইডাৰ ভিনেগাৰ দি ডিচ চাবোন বা কাপোৰ ধোৱা চাবোনৰ লগত মিহলাই দিব লাগে। এতিয়া সেই গিলাচটোত প্লাষ্টিকৰ মোনা লগাই দিব। কিছু সময়ৰ পিছত এই শ্বাৱাৰৰ দৰে এটা গাঁত বনাই দিব। ইয়াক মাখি বেছিকৈ থকা স্থানত ৰাখক। লাহে লাহে তাত মাখি পৰিবলৈ আৰম্ভ কৰিব আৰু মৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?