--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ ঘৰত মাখিৰ উৎপাত বাঢ়িছে নেকি? কেতিয়াবা হঠাতে ঘৰত মাখিৰ উৎপাত বাঢ়ি যায়। এই কথাই সকলোকে বৰ অশান্তি দিয়ে। আমি সেইবোৰৰ পৰা মুক্তি পাবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰো। মাখি উৰি ফুৰিলে এটা ঘিণলগা পৰিৱেশৰো সৃষ্টি হয়৷ খাদ্যত মাখি পৰাটোও এটা অস্বাস্থ্যকৰ কথা। কেতিয়াবা বজাৰৰ পৰা কীটনাশক ক্ৰয় কৰো আৰু কেতিয়াবা মেচিন ব্যৱহাৰ কৰি মাখি-মহ খেদি পঠিয়াও। কিন্তু কেতিয়াবা এই সকলোবোৰ পদ্ধতি বিফল হয়। গতিকে আমি কেনেকৈ ঘৰুৱা উপায়েৰে মাখি খেদিব পাৰো জানো আহক। 

১)নিমখ আৰু পানীঃ পানীত কিছু নিমখ মিহলাই স্প্ৰে বটলত ভৰাই দিব। ইয়াৰ পিছত মাখিবোৰ থকা ঠাইত এই দ্ৰৱণটো স্প্ৰে’ কৰিব লাগে। এই পানী য’তেই পৰিব, সেই ঠাইৰ পৰা মাখি পলাই যাব। 

২)গাখীৰ আৰু চেনিঃ গাখীৰ আৰু চেনি মাখিয়ে ভাল পায়। মাখি আহি তাৰ ওপৰত বহি থাকে। গাখীৰ আৰু চেনিৰ দ্ৰৱণ এটা বাতিত ভৰাই মাখি থকা ঠাইত ৰাখক। মিঠা খোৱাৰ লোভত মাখিবোৰ তাত আহি পৰিবহি আৰু তাত পৰি ডুব যাব।

৩) তুলসী আৰু পদিনা মিশ্ৰণঃ পদিনা আৰু তুলসীৰ দ্ৰৱণে কীটনাশক হিচাপে কাম কৰে। এই মিশ্ৰণ বনাই মাখিবোৰৰ ওপৰত স্প্ৰে’ কৰিলে মাখি তৎক্ষণাৎ আঁতৰি পলাব।

৪)আপেল চাইডাৰ ভিনেগাৰঃ গিলাচ বা বহল বটলত আপেল চাইডাৰ ভিনেগাৰ দি ডিচ চাবোন বা কাপোৰ ধোৱা চাবোনৰ লগত মিহলাই দিব লাগে। এতিয়া সেই গিলাচটোত প্লাষ্টিকৰ মোনা লগাই দিব। কিছু সময়ৰ পিছত এই শ্বাৱাৰৰ দৰে এটা গাঁত বনাই দিব। ইয়াক মাখি বেছিকৈ থকা স্থানত ৰাখক। লাহে লাহে তাত মাখি পৰিবলৈ আৰম্ভ কৰিব আৰু মৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ