--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিচ এতিয়া সমগ্ৰ বিশ্বৰে সমস্যা হৈ পৰিছে। ভাৰততো এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ এক অধ্যয়নত প্ৰকাশ পোৱা মতে টাইপ ২ ডায়েবেটিক ৰোগীৰ  এক-তৃতীয়াংশৰ দেহত  কাৰ্ডিওভাস্কুলাৰ ৰোগ নিৰ্ণয় নহব’ও পাৰে। 

 টাইপ২ ডায়েবেটিচ থকা লোকসকলৰ ক্ষেত্ৰত  দুটা প্ৰ'টিন বায়োমাৰ্কাৰৰ উচ্চ স্তৰত থাকে।  যি কথাই হৃদযন্ত্ৰৰ ক্ষতি সূচায়। ই ৰোগ নিৰ্ণয় নোহোৱা বা লক্ষণবিহীন কাৰ্ডিওভাস্কুলাৰ ৰোগৰ সৈতে সম্পৰ্কিত। আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ জাৰ্নেলত প্ৰকাশিত অধ্যয়নটোৰ মতে হৃদযন্ত্ৰৰ ক্ষতি আৰু চাপ চিনাক্ত কৰিবলৈ,উচ্চ-সংবেদনশীলতা কাৰ্ডিয়াক ট্ৰোপনিন টি আৰু এন-টাৰ্মিনেল প্ৰ'-বি-প্ৰকাৰৰ নেট্ৰিউৰেটিক পেপটাইডৰ পৰীক্ষা কৰা হয়। এই পৰীক্ষাবোৰ সঘনাই হৃদযন্ত্ৰৰ বিফলতা আৰু হৃদআক্ৰমণ চিনাক্ত কৰিবলৈ  কৰা হয়। 

কৰোনেৰী হৃদৰোগ, বা মৃত্যুৰ আশংকা  আদি কথাবোৰ তেজত থকা এই প্ৰ'টিনবোৰৰ উচ্চ ঘনত্বৰ দ্বাৰানিৰ্ধাৰণ কৰিব পাৰি। বাল্টিমোৰৰ জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থৰ এপিডেমিঅ'লজীৰ অধ্যাপক, অধ্যয়নটোৰ সৈতে জড়িত  এলিজাবেথ চেলভিনে  কয়, "আমি যি দেখিছোঁ সেয়া হ'ল টাইপ ২ডায়েবেটিচ থকা বহু লোকৰ হৃদৰোগৰ আক্ৰমণ বা কাৰ্ডিওভাস্কুলাৰ ৰোগৰ ইতিহাস নাই, তেওঁলোকৰ কাৰ্ডিওভাস্কুলাৰ জটিলতাৰ বিপদাশংকা আছে।" 

তেওঁ কয় "যেতিয়া আমি টাইপ ২ ডায়েবেটিচ ৰোগত আক্ৰান্ত লোকৰ গোটেই জনসংখ্যালৈ লক্ষ্য কৰোঁ, আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ২৭ নিযুত প্ৰাপ্তবয়স্ক লোক এই ৰোগত আক্ৰান্ত। তেওঁলোকৰ মাজৰে কিছুমানৰ বিপদাশংকা কম আৰু কিছুমানৰ কাৰ্ডিওভাস্কুলাৰ ৰোগৰ উচ্চ বিপদাশংকা থাকে, সেয়েহে  প্ৰশ্নটো হৈছে "কোন আটাইতকৈ বেছি বিপদাশংকাৰ মাজত আছে?" এই কাৰ্ডিয়াক বায়োমাৰ্কাৰবোৰে আমাক সেই লোকসকলৰ ক্ষেত্ৰত কাৰ্ডিওভাস্কুলাৰ বিপদাশংকাৰ এক ধাৰণা প্ৰদান কৰে ।"

গৱেষকসকলে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পুষ্টি পৰীক্ষা জৰীপৰ তথ্যৰ ওপৰত আধাৰ কৰি সেই সমীক্ষা চলাইছিল।  সমীক্ষাটোত   ১০,৩০০ৰো অধিক প্ৰাপ্তবয়স্কৰ  তেজৰ নমুনা বিশ্লেষণ কৰা হৈছিল। অধ্যয়নটোৰ উদ্দেশ্য আছিল টাইপ ২ ডায়েবেটিচ থকা আৰু তেনে ৰোগ নথকা লোকসকলৰ মাজত হৃদযন্ত্ৰৰ প্ৰ'টিন বায়োমাৰ্কাৰৰ উচ্চ স্তৰ নিৰ্ধাৰণ কৰি ৰোগৰ আশংকাৰ বিষয়ে জনা। 















FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ