--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিচ এতিয়া সমগ্ৰ বিশ্বৰে সমস্যা হৈ পৰিছে। ভাৰততো এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ এক অধ্যয়নত প্ৰকাশ পোৱা মতে টাইপ ২ ডায়েবেটিক ৰোগীৰ  এক-তৃতীয়াংশৰ দেহত  কাৰ্ডিওভাস্কুলাৰ ৰোগ নিৰ্ণয় নহব’ও পাৰে। 

 টাইপ২ ডায়েবেটিচ থকা লোকসকলৰ ক্ষেত্ৰত  দুটা প্ৰ'টিন বায়োমাৰ্কাৰৰ উচ্চ স্তৰত থাকে।  যি কথাই হৃদযন্ত্ৰৰ ক্ষতি সূচায়। ই ৰোগ নিৰ্ণয় নোহোৱা বা লক্ষণবিহীন কাৰ্ডিওভাস্কুলাৰ ৰোগৰ সৈতে সম্পৰ্কিত। আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ জাৰ্নেলত প্ৰকাশিত অধ্যয়নটোৰ মতে হৃদযন্ত্ৰৰ ক্ষতি আৰু চাপ চিনাক্ত কৰিবলৈ,উচ্চ-সংবেদনশীলতা কাৰ্ডিয়াক ট্ৰোপনিন টি আৰু এন-টাৰ্মিনেল প্ৰ'-বি-প্ৰকাৰৰ নেট্ৰিউৰেটিক পেপটাইডৰ পৰীক্ষা কৰা হয়। এই পৰীক্ষাবোৰ সঘনাই হৃদযন্ত্ৰৰ বিফলতা আৰু হৃদআক্ৰমণ চিনাক্ত কৰিবলৈ  কৰা হয়। 

কৰোনেৰী হৃদৰোগ, বা মৃত্যুৰ আশংকা  আদি কথাবোৰ তেজত থকা এই প্ৰ'টিনবোৰৰ উচ্চ ঘনত্বৰ দ্বাৰানিৰ্ধাৰণ কৰিব পাৰি। বাল্টিমোৰৰ জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থৰ এপিডেমিঅ'লজীৰ অধ্যাপক, অধ্যয়নটোৰ সৈতে জড়িত  এলিজাবেথ চেলভিনে  কয়, "আমি যি দেখিছোঁ সেয়া হ'ল টাইপ ২ডায়েবেটিচ থকা বহু লোকৰ হৃদৰোগৰ আক্ৰমণ বা কাৰ্ডিওভাস্কুলাৰ ৰোগৰ ইতিহাস নাই, তেওঁলোকৰ কাৰ্ডিওভাস্কুলাৰ জটিলতাৰ বিপদাশংকা আছে।" 

তেওঁ কয় "যেতিয়া আমি টাইপ ২ ডায়েবেটিচ ৰোগত আক্ৰান্ত লোকৰ গোটেই জনসংখ্যালৈ লক্ষ্য কৰোঁ, আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ২৭ নিযুত প্ৰাপ্তবয়স্ক লোক এই ৰোগত আক্ৰান্ত। তেওঁলোকৰ মাজৰে কিছুমানৰ বিপদাশংকা কম আৰু কিছুমানৰ কাৰ্ডিওভাস্কুলাৰ ৰোগৰ উচ্চ বিপদাশংকা থাকে, সেয়েহে  প্ৰশ্নটো হৈছে "কোন আটাইতকৈ বেছি বিপদাশংকাৰ মাজত আছে?" এই কাৰ্ডিয়াক বায়োমাৰ্কাৰবোৰে আমাক সেই লোকসকলৰ ক্ষেত্ৰত কাৰ্ডিওভাস্কুলাৰ বিপদাশংকাৰ এক ধাৰণা প্ৰদান কৰে ।"

গৱেষকসকলে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পুষ্টি পৰীক্ষা জৰীপৰ তথ্যৰ ওপৰত আধাৰ কৰি সেই সমীক্ষা চলাইছিল।  সমীক্ষাটোত   ১০,৩০০ৰো অধিক প্ৰাপ্তবয়স্কৰ  তেজৰ নমুনা বিশ্লেষণ কৰা হৈছিল। অধ্যয়নটোৰ উদ্দেশ্য আছিল টাইপ ২ ডায়েবেটিচ থকা আৰু তেনে ৰোগ নথকা লোকসকলৰ মাজত হৃদযন্ত্ৰৰ প্ৰ'টিন বায়োমাৰ্কাৰৰ উচ্চ স্তৰ নিৰ্ধাৰণ কৰি ৰোগৰ আশংকাৰ বিষয়ে জনা। 















FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ