--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মানুহৰ ওপৰত ৰঙে  বিশেষভাবে  প্ৰভাৱ পেলায়। বহু লোকৰ ক্ষেত্ৰত উজ্জ্বল ৰঙে মনৰ প্ৰফুল্লতা বৃদ্ধি কৰে।  মানুহৰ ব্যক্তিত্বত ৰঙৰ প্ৰভাৱ পৰে। এয়া এক বিজ্ঞানসন্মত কথা আৰু ফেংছুইৰ মতেও প্ৰত্যেকটো ৰঙৰেই নিজা  নিজা অৰ্থ আছে। জানো আহক কি ৰঙৰ কেনে প্ৰভাৱ পৰিব পাৰে আমাৰ ওপৰত৷

নীলা ৰংঃ নীলা ৰং হৈছে পুৰুষত্ব, বীৰত্ব আৰু শক্তিৰ প্ৰতীক। এই ৰঙে মানুহৰ মনত সাহস সৃষ্টি কৰে আৰু মানুহক বিভিন্ন কামত প্ৰবৃত্ত হ'বলৈ উদ্যমী কৰি তোলে। নীলা ৰঙে মানুহক ইন্দ্ৰিয় দমনৰ শক্তি প্ৰদান কৰে । নীলা ৰং হৈছে গভীৰতা আৰু বিশালতাৰ প্ৰতীক। নীলা ৰং সমগ্ৰ আকাশজুৰি বিয়পি আছে। একেদৰে মহাসমুদ্ৰৰ মহাজলৰাশিও নীলা ৰঙৰ হয় ।নীলা ৰঙে মানুহক স্বাৰ্থপৰ, সন্দেবাদী কৰি তোলে৷ বিষাদ ভাবৰ উদ্ৰেক ঘটায়৷

ৰঙা ৰংঃ ৰঙা ৰঙে মানুহক উৎসাহী আৰু উদ্যমী কৰি তোলে। এই ৰঙে মানুহক শক্তি যোগায়।ৰঙা  মানুহক আৱেগপ্ৰৱণ কৰি তোলে, অধৈর্য কৰি তোলে আৰু স্বাৰ্থপৰ কৰি তোলে।

কমলা ৰংঃমানুহৰ সৈতে আত্মীয়তা বৃদ্ধি, বন্ধু বৃদ্ধি ।  এই ৰঙে মানুহক উদত্ত কৰে তথা আলস্য ভাবৰ উদ্রেক ঘটায়
সেউজীয়া ৰঙৰ শুভ প্রভাব : সেউজীয়া ৰঙে মানুহক সৃষ্টিশীল কৰাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হোৱাত সহায় কৰে। স্পৰ্শকাতৰতা তথা বিনয়ৰ ভাব জগাই তোলে।

বেঙুনীয়া ৰং : বেঙুনীয়া ৰঙে মানুহৰ মনক আধ্যাত্মিক কৰি তোলে, যিকোনো কথা সহজে মানি লোৱাৰ গুণ বৃদ্ধি কৰে। আদর্শবান কৰি তোলে, তদুপৰি মানুহক ৰসাল কৰি তোলে ।

বগা ৰং : বগা ৰঙে মানুহৰ মন আধ্যাত্মিক ভাবনাৰে তৰাই তোলে। এই ৰঙে মানুহক দানশীল, উদাৰ কৰি তোলে ।

হালধীয়া ৰং  : হালধীয়া ৰঙে মানুহৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। জ্ঞান লাভৰ প্ৰতি আগ্ৰহী কৰি তোলে, একাগ্ৰতা বৃদ্ধি কৰে, কৌতূহলী কৰি তোলে, ভোগ বিলাসৰ প্ৰতি আকৰ্ষিত কৰি তোলে। যুক্তি বুদ্ধিৰ উৎকৰ্ষ সাধন কৰে ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ