--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ভাগ হিন্দুধৰ্মী লোকৰ ঘৰতেই একোটা মন্দিৰ থকা দেখা যায়। মন্দিৰ নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ বিশেষ বিধি মানি চলিব লাগে। ৰজা-মহাৰজাৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে সকলোৱে মন্দিৰ প্ৰতিষ্ঠা কৰাত আগভাগ লৈ আহিছে। বাস্তুশাস্ত্ৰই মন্দিৰ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধান দিছে। এনে বিধানসমূহ উল্লেখ কৰা হল—

মন্দিৰ মানুহে বাস কৰা অঞ্চলৰ ওচৰা-উচৰি কোনো ঠাইত স্থাপন কৰিব লাগে ৷

মন্দিৰৰ দ্বাৰ পূবমুখী বা উত্তৰমুখী হ'ব লাগে

মন্দিৰৰ দ্বাৰ দক্ষিণমুখী হ'লে ভক্তই বাঞ্চিত ফল লাভ কৰিব নোৱাৰে । সেইবাবে মন্দিৰৰ দ্বাৰ দক্ষিণমুখে স্থাপন কৰিব নালাগে ।

কোলাহলেৰে পৰিপূৰ্ণ অঞ্চলত মন্দিৰ স্থাপন কৰিব নালাগে । মন্দিৰৰ দেৱ বিগ্ৰহৰ মুখ পশ্চিম পিনে থাকিব লাগে। ভক্তই পূব পিনে মুখ কৰি বহি পূজা কৰিব লাগে ৷

মন্দিৰৰ বাবে নিৰ্বাচন কৰা মাটি বর্গাকৃতিৰ বা আয়তাকাৰ হ'ব লাগে
মন্দিৰৰ পশ্চিম, দক্ষিণ অথবা দক্ষিণ-পশ্চিম অংশত কোনো পাহাৰ অথবা ওখ টিলা থাকিলে ভাল।

মন্দিৰ যদি উত্তৰ, পূব অথবা উত্তৰ-পূব মুখে প্রবাহিত নদীৰ কাষত স্থাপন কৰিব পাৰি তেন্তে সেয়া অতি উত্তম হ'ব।

মন্দিৰৰ বাবে নিৰ্বাচন কৰা মাটিৰ প্ৰধান দুৱাৰৰ বিপৰীত দিশৰ দক্ষিণ পিনৰ পৰা উত্তৰ পিনে যোৱা অথবা পশ্চিমৰ পৰা পূব পিনে যোৱা পথ থাকিলে সেই ভূমিক মন্দিৰ নিৰ্মাণৰ উত্তম ভূমি হিচাপে গণ্য কৰিব পাৰি।

পুৰুষ দেৱতাৰ মন্দিৰ সমকোণী আকাৰত নিৰ্মাণ কৰিলে ভাল। মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে সেই ভূমি দোষমুক্ত কৰি ল'ব লাগে। মন্দিৰৰ পুখুৰী বর্গাকৃতিৰ হ'ব লাগে আৰু সেই পুখুৰী মন্দিৰৰ উত্তৰ-পূব দিশে থাকিলে বেছি ভাল।

মন্দিৰৰ উচ্চতা ইয়াৰ প্ৰস্থৰ দুগুণ হোৱাটো উচিত। ইয়াৰ উপৰি মন্দিৰৰ বিগ্ৰহৰ উচ্চতা দুৱাৰৰ ১/৮ অংশতকৈ বেছি ওখ হোৱা উচিত।

মন্দিৰৰ মূল অংশত গর্ভগৃহ স্থাপন কৰিব লাগে। মন্দিৰৰ চাৰিওপিনে সমান মুকলি ঠাই থাকিব লাগে। অৱশ্যে পূব দিশে যিমান ঠাই মুকলিকৈ ৰখা হয় তাৰ তুলনাত দক্ষিণৰ মুকলি ঠাই কম হ'ব লাগে।

মন্দিৰৰ সৈতে সজা আন সৰু মন্দিৰসমূহ দক্ষিণ-পশ্চিম, দক্ষিণ-পূব,উত্তৰ

পশ্চিম, উত্তৰ-পূব আদি দিশত নিৰ্মাণ কৰিব নালাগে ।

মন্দিৰ নিৰ্মাণৰ শুভ তিথি হ'ল শুক্ল পক্ষৰ প্ৰথমা, দ্বিতীয়, চতুর্থী, পঞ্চমী, দশমী, ত্ৰয়োদশী আৰু পূর্ণিমা তিথি । শুভ লগ্ন হৈছে কুম্ভ, সিংহ, কন্যা, মিথুন, ধনু আৰু মীন । শুভ বাৰ হৈছে সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ, বৃহস্পতিবাৰ ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন