--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বুদ্ধং শৰণং গশ্যামী-ধৰ্মং শৰণং গশ্যামী-সঘং শৰণং গশ্যামী’...কাইলৈ বুদ্ধ পূৰ্ণিমা(Buddha Purnima) বা বুদ্ধ জয়ন্তী। পাৰম্পৰিকভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰে এই উৎসৱ। বুদ্ধ পূৰ্ণিমাত বিশ্বৰ সকলো প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলে গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু দিন হিচাপে পালন কৰে। বৌদ্ধসকলৰ সমান্তৰালকৈ হিন্দু ধৰ্মৰ লোকসকলেও বুদ্ধ পূৰ্ণিমাক মান্যতা প্ৰদান কৰি আহিছে। হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ কাৰণ হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে। কাইলৈ অৰ্থাৎ ২৩ মে'ত পালন কৰা হ'ব বুদ্ধ পূৰ্ণিমা। 


বুদ্ধ পূৰ্ণিমাৰ শুভ মূহুৰ্ত

পূৰ্ণিমা তিথি ২২ মে'ৰ সন্ধিয়া ০৬:৪৭ বজাৰ পৰা আৰম্ভ হ'ব আৰু পিছদিনা অৰ্থাৎ ২৩ মে'ৰ সন্ধিয়া ০৭:২২ বজাত শেষ হ'ব। সনাতন ধৰ্মত উদয়া তিথি বৈধ। সেয়ে ২৩ মে'ত বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হ'ব। 



বুদ্ধ পূৰ্ণিমাত কি কি কৰা অনুচিত?

-মাছ-মাংস নাখাব।
-কোনো ধৰণৰ কাজিয়াত লিপ্ত নহ'ব।
-কাকো আপত্তিজনক শব্দ বা অপশব্দ নক'ব।
-মিছা কথা কোৱা পৰিহাৰ কৰিব।
-দেৰিলৈকে শুই নাথাকিব কাৰণ ই দেৱী লক্ষ্মীক ক্ষুব্ধ কৰে।
-পূৰ্ণিমাৰ দিনত ক'লা বা নীলা ৰঙৰ কাপোৰ পিন্ধিব নালাগে।
-এই দিনটোত ঘৰৰ ভিতৰত আৰু আশে-পাশে যাতে কোনো ধৰণৰ লেতেৰা নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব।
-লগতে এই দিনটোত শাৰীৰিক সম্পৰ্ক ৰখাৰ পৰা বিৰত থাকক। লগতে ঘৰত সুখ আৰু শান্তি বজাই ৰাখক।
-এই দিনটোত জুৱা খেলা আৰু মাংস আৰু মদ সেৱন কৰাটো পাপ বুলি গণ্য কৰা হয়, সেয়েহে এইবোৰো পৰিহাৰ কৰক।
- চুলি কটা, নখ কটা এই দিনটোত নিষিদ্ধ বুলি গণ্য কৰা হয়।
- বয়োজ্যেষ্ঠসকলক অপমান নকৰিব কাৰণ ইয়াৰ ফলত পৰিয়ালটোৱে পূৰ্বপুৰুষৰ ক্ষোভৰ সন্মুখীন হ’ব পাৰে।
এই দিনটোত এই নিয়ম ভংগ কৰিলে আপোনাৰ জীৱন অশান্তিময় হ'ব।


বুদ্ধ পূৰ্ণিমাত কি কি কৰা উচিত?

-সূৰ্যোদয়ৰ আগতে শোৱাৰ পৰা উঠিব লাগে।
-ঘৰটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিব লাগে। 
-গা ধুই নিজৰ লগতে ঘৰত গংগাজল ছটিয়াব লাগে।
-ঘৰৰ মন্দিৰত, বিষ্ণুজীৰ মূৰ্তিৰ সন্মুখত চাকি জ্বলাব লাগে আৰু তেওঁক পূজা কৰিব লাগে।
-ঘৰৰ মুখ্য দুৱাৰত হালধি, ৰোলি বা কুমকুমৰ সৈতে এটা স্বস্তিকা বনাব লাগে আৰু তাত গংগাজল ছটিয়াব লাগে।
-দৰিদ্ৰ লোকসকলক খাদ্য প্ৰদান কৰক আৰু কাপোৰ দান কৰক।
-উদীয়মান চন্দ্ৰক পানী অৰ্পণ কৰিব লাগে।
-বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰৰ উপাসনা কৰিলে সৰ্বাধিক ফল পোৱা যায়। আৰ্থিক সমস্যা দূৰ হয়।
-এই দিনটোত দান কৰাটোও অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত দিয়া দানৰ ফল বহুগুণে বৃদ্ধি হয়।
-এই দিনটোত গংগাৰ দৰে পবিত্ৰ নদীত স্নান কৰিলে পাপ দোষৰ পৰা মুক্ত হোৱা বুলি বিশ্বাস কৰা হয়। যদি এই কাম কৰিব নোৱাৰে তেন্তে ঘৰতে পানীত গংগাজল মিহলাই গা ধুব।
-লক্ষ্মী দেৱীক মিঠাই আৰু খীৰ আগবঢ়াওক। ইয়াৰ দ্বাৰা ধন-সম্পত্তি আৰু সমৃদ্ধি পোৱা যায় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ