--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বুদ্ধং শৰণং গশ্যামী-ধৰ্মং শৰণং গশ্যামী-সঘং শৰণং গশ্যামী’...কাইলৈ বুদ্ধ পূৰ্ণিমা(Buddha Purnima) বা বুদ্ধ জয়ন্তী। পাৰম্পৰিকভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰে এই উৎসৱ। বুদ্ধ পূৰ্ণিমাত বিশ্বৰ সকলো প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলে গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু দিন হিচাপে পালন কৰে। বৌদ্ধসকলৰ সমান্তৰালকৈ হিন্দু ধৰ্মৰ লোকসকলেও বুদ্ধ পূৰ্ণিমাক মান্যতা প্ৰদান কৰি আহিছে। হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ কাৰণ হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে। কাইলৈ অৰ্থাৎ ২৩ মে'ত পালন কৰা হ'ব বুদ্ধ পূৰ্ণিমা। 


বুদ্ধ পূৰ্ণিমাৰ শুভ মূহুৰ্ত

পূৰ্ণিমা তিথি ২২ মে'ৰ সন্ধিয়া ০৬:৪৭ বজাৰ পৰা আৰম্ভ হ'ব আৰু পিছদিনা অৰ্থাৎ ২৩ মে'ৰ সন্ধিয়া ০৭:২২ বজাত শেষ হ'ব। সনাতন ধৰ্মত উদয়া তিথি বৈধ। সেয়ে ২৩ মে'ত বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হ'ব। 



বুদ্ধ পূৰ্ণিমাত কি কি কৰা অনুচিত?

-মাছ-মাংস নাখাব।
-কোনো ধৰণৰ কাজিয়াত লিপ্ত নহ'ব।
-কাকো আপত্তিজনক শব্দ বা অপশব্দ নক'ব।
-মিছা কথা কোৱা পৰিহাৰ কৰিব।
-দেৰিলৈকে শুই নাথাকিব কাৰণ ই দেৱী লক্ষ্মীক ক্ষুব্ধ কৰে।
-পূৰ্ণিমাৰ দিনত ক'লা বা নীলা ৰঙৰ কাপোৰ পিন্ধিব নালাগে।
-এই দিনটোত ঘৰৰ ভিতৰত আৰু আশে-পাশে যাতে কোনো ধৰণৰ লেতেৰা নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব।
-লগতে এই দিনটোত শাৰীৰিক সম্পৰ্ক ৰখাৰ পৰা বিৰত থাকক। লগতে ঘৰত সুখ আৰু শান্তি বজাই ৰাখক।
-এই দিনটোত জুৱা খেলা আৰু মাংস আৰু মদ সেৱন কৰাটো পাপ বুলি গণ্য কৰা হয়, সেয়েহে এইবোৰো পৰিহাৰ কৰক।
- চুলি কটা, নখ কটা এই দিনটোত নিষিদ্ধ বুলি গণ্য কৰা হয়।
- বয়োজ্যেষ্ঠসকলক অপমান নকৰিব কাৰণ ইয়াৰ ফলত পৰিয়ালটোৱে পূৰ্বপুৰুষৰ ক্ষোভৰ সন্মুখীন হ’ব পাৰে।
এই দিনটোত এই নিয়ম ভংগ কৰিলে আপোনাৰ জীৱন অশান্তিময় হ'ব।


বুদ্ধ পূৰ্ণিমাত কি কি কৰা উচিত?

-সূৰ্যোদয়ৰ আগতে শোৱাৰ পৰা উঠিব লাগে।
-ঘৰটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিব লাগে। 
-গা ধুই নিজৰ লগতে ঘৰত গংগাজল ছটিয়াব লাগে।
-ঘৰৰ মন্দিৰত, বিষ্ণুজীৰ মূৰ্তিৰ সন্মুখত চাকি জ্বলাব লাগে আৰু তেওঁক পূজা কৰিব লাগে।
-ঘৰৰ মুখ্য দুৱাৰত হালধি, ৰোলি বা কুমকুমৰ সৈতে এটা স্বস্তিকা বনাব লাগে আৰু তাত গংগাজল ছটিয়াব লাগে।
-দৰিদ্ৰ লোকসকলক খাদ্য প্ৰদান কৰক আৰু কাপোৰ দান কৰক।
-উদীয়মান চন্দ্ৰক পানী অৰ্পণ কৰিব লাগে।
-বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰৰ উপাসনা কৰিলে সৰ্বাধিক ফল পোৱা যায়। আৰ্থিক সমস্যা দূৰ হয়।
-এই দিনটোত দান কৰাটোও অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত দিয়া দানৰ ফল বহুগুণে বৃদ্ধি হয়।
-এই দিনটোত গংগাৰ দৰে পবিত্ৰ নদীত স্নান কৰিলে পাপ দোষৰ পৰা মুক্ত হোৱা বুলি বিশ্বাস কৰা হয়। যদি এই কাম কৰিব নোৱাৰে তেন্তে ঘৰতে পানীত গংগাজল মিহলাই গা ধুব।
-লক্ষ্মী দেৱীক মিঠাই আৰু খীৰ আগবঢ়াওক। ইয়াৰ দ্বাৰা ধন-সম্পত্তি আৰু সমৃদ্ধি পোৱা যায় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন