--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া গৰম বন্ধৰ বতৰ। গৰম বন্ধৰ বাবে প্ৰতিজন শিক্ষাৰ্থীয়ে বৰ আশাৰে বাট চায়। ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ বাবেও গৰম বন্ধৰ দিনকেইটা বৰ সকাহৰ দিন।

শৈশৱ বুলি ক’লে যিবোৰ কথা মনলৈ আহে তাৰ ভিতৰত গৰম বন্ধৰ দিনকেইটাও অন্যতম। গৰম বন্ধত কিমান যে প্ৰস্তুতি আৰু কিমান যে‌ কল্পনা জল্পনা কৰে সকলোৱে। 

পৰিয়ালৰ মানুহৰ ঘৰত ফুৰিবলৈ যোৱাটো গৰম বন্ধৰ দিনবোৰৰ আন এটা এৰাব নোৱাৰা কাম।বিশেষকৈ সকলোৱে এপাক মোমায়েকৰ ঘৰলৈ যোৱাটো আশা কৰে। সম্পৰ্কীয় মানুহৰ মাজত মিলাপ্ৰীতিৰ বান্ধোন কটকটীয়া কৰি তোলে গৰম বন্ধই। মামা-মামী, মাহী, ককা-আইতা আদিৰ মৰমৰ পৰশত জীপাল হয় শিশু-কিশোৰৰ মন। মুকলিকৈ ঘূৰিবলৈ, ফুৰিবলৈ পায় তেওঁলোকৰ মনবোৰ অধিক আনন্দময় হৈ উঠে।

বহুতে আত্মীয়ৰ ঘৰলৈ নগৈ কোনো কোনো বিশেষ ঠায়ো ভ্ৰমণ কৰে। কোনোবা যদি যায় পাহাৰৰ দেশলৈ আন কোনোবা বৰফৰ দেশলৈ। আকৌ কোনোবা যায় ঐতিহাসিক সমলেৰে ভৰপূৰ স্থান পৰিদৰ্শন কৰিবলৈ।

আগৰ পৰিৱেশৰ দৰে এতিয়াৰ পৰিৱেশ নহয়। এতিয়াৰ গৰম বন্ধ মানে এবোজা গৃহকৰ্ম, বিভিন্ন কৰ্মশালা, ছামাৰ কেম্প ইত্যাদি। অৱশ্যে ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষও সাধন হয়। গৰম বন্ধৰ দিনকেইটাত অভিভাৱক সকলে সন্তানে কি কৰি ভাল পায় সেই কথাত গুৰুত্ব দি তেওঁলোকৰ মানসিক দিশ উন্নত কৰাত হাতউজান দিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ