--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি অসম চৰকাৰে জাৰি কৰিলে নতুন ক’ভিড নীতি৷ ‘অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ’-এ প্ৰস্তুত কৰা এই নীতি কাইলৈৰ পৰা সমগ্ৰ অসমত কাৰ্যকৰী হ’ব৷ সমগ্ৰ দেশত অ’মিক্ৰনে ভয়াৱহ ৰূপ ধাৰণ কৰাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰদান কৰিছিল৷ সেইমৰ্মে মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, গুজৰাট চৰকাৰে পৰহী আৰু কালিৰ দিনটোত সংশ্লিষ্ট ৰাজ্যসমূহত সান্ধ্যআইন ঘোষণা কৰে৷ অসমতো আজি আকাংক্ষিত ধৰণে ক’ভিডৰ নতুন নীতি চৰকাৰে জাৰি কৰিলে৷ অৱশ্যে, বাদ পৰিল ৩১ ডিচেম্বৰ৷

অসমত কাইলৈ নিশা চাৰে এঘাৰ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্যআইন বলবৎ থাকিব৷ লগতে, নিশা ১-৩০ বজাৰ পৰা বন্ধ থাকিব দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান৷ চিনেমা হল, ৰাজহুৱা অনুষ্ঠান ইত্যাদিত ৫০% লোকৰ অনুমতি দিয়া হৈছে৷ উল্লেখযোগ্য যে, কাইলৈৰ পৰা কাৰ্যকৰী হ’বলগীয়া অসম চৰকাৰৰ এই ক’ভিড নীতিৰ পৰা বাদ দিয়া হৈছে ৩১ ডিচেম্বৰ দিনটোক৷ অৰ্থাৎ, ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ নাইট কাৰ্ফিউ চলাৰ পাছত মাজত এদিন বিৰতি লৈ আকৌ নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই বলবৎ হ’ব ক’ভিড নীতি৷

যিসময়ত দেশৰ অন্য ৰাজ্যসমূহত ক’ভিড নীতিত ৩১ ডিচেম্বৰ দিনটোকো ৰেহাই দিয়া নাই, তেনেস্থলত অসম চৰকাৰে এই দিনটোক ৰেহাই দিলে কিয়? এতিয়া এই প্ৰশ্ন আৰু চৰ্চা দেখা গৈছে সামাজিক মাধ্যমত৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ ভৰপক সময়তো সেই সময়ৰ তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীয়ে ব’হাগ বিহু উদযাপন কৰিব পাৰিব বুলি কৈছিল৷ তাৰ পৰৱৰ্তী সময়ত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল অসমত৷ ব’হাগ বিহুৰ পৰাই অসমত ক’ভিড বিয়পাৰ আশংকা কৰা হৈছে৷ এইবাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰৰ দিনটোক ক’ভিড বিধিৰ পৰা ৰাজ্যবাসীক ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে৷ অথচ, অন্য ৰাজ্যসমূহে আজি বৰদিনৰ কাৰ্যসূচীৰ লগতে ৩১ ডিচেম্বৰৰ উদযাপনো বাৰণ কৰিছে৷

তাৰ বিপৰীতে অসমত দেখা গ’ল বিপৰীত ছবি৷ ৩১ ডিচেম্বৰক লৈ চৰকাৰ কঠোৰ নহ’লে অসমত ৩১ ডিচেম্বৰৰ উদযাপনৰ পৰাই ক’ভিড বিয়পাৰ সম্ভাৱনা আছে৷ ইপিনে, বনভোজৰ নামত নিয়ম-নীতি নমনাকৈ ৰাজ্যৰ বিভিন্ন বনভোজস্থলীত ভিৰ কৰিছে একাংশই৷ মুখত মাস্ক পৰ্যন্ত দেখা পোৱা হোৱা নাই সাধাৰণ জনৰ পৰা মুখ্যমন্ত্ৰীলৈ৷ মুখত মাস্ক নোহোৱাকৈয়ে ক’ভিডবিধিক ধোঁৱাচাঙত তুলি অনুষ্ঠিত হৈ গ’ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ তাৰ মাজতে আহিল নতুন এছঅ’পি৷ কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে, ৩১ ডিচেম্বৰৰ নিশা সুৰাপান কৰি গাড়ী চলালে আলহী হ’ব লাগিব ৰজাঘৰৰ৷ মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ তদাৰক কৰাৰ কথা ৩১ ডিচেম্বৰৰ নিশাৰ কাৰ্য-কলাপ৷ অথচ, আজি জাৰি হোৱা ক’ভিড বিধিত ৩১ ডিচেম্বৰকো ৰেহাই নিদিয়া হ’লে আৰু চৰকাৰে নৱবৰ্ষ উদযাপনক লৈ কঠোৰ হোৱা হ’লে সুৰাপান কৰি দুৰ্ঘটনা ঘটাৰ প্ৰসংগই নাহিলহেঁতেন৷ তেনেস্থলত, ৩১ ডিচেম্বৰক বাদ দি ক’ভিড নীতি প্ৰস্তুত কৰা বিষয়টোৱে এতিয়া ৰাজ্যবাসীক আমোদ দিয়াৰ লগতে চিন্তিতও কৰি তুলিছে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?