--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনিও নতুন পাছপ'ৰ্ট বনাবলৈ গৈ আছে তেন্তে এই খবৰটো আপোনাৰ বাবে। ২৯ আগষ্টৰ নিশা ৮ বজাৰ পৰা ২ ছেপ্টেম্বৰৰ পুৱালৈকে সমগ্ৰ দেশতে বন্ধ থাকিব পাছপ’ৰ্ট বিভাগৰ পৰ্টেল। যদি কোনোবাই ইতিমধ্যে পাছপ’ৰ্টৰ বাবে আবেদন কৰিছে আৰু ৩০ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰৰ ভিতৰত পাছপ’ৰ্ট পাইছে, তেন্তে তেওঁলোকে আন কোনো তাৰিখৰ বাবে পুনৰ নিৰ্ধাৰণ কৰিব লাগিব। 

পাছপ’ৰ্ট বিভাগে জনোৱা মতে, কাৰিকৰী ৰক্ষণাবেক্ষণৰ বাবে পৰ্টেলটোৰ কাম পাঁচ দিনলৈকে কৰিব নোৱাৰিব। কেৱল পাছপ’ৰ্ট সেৱা কেন্দ্ৰই নহয়, আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ৰ কাম-কাজ, আবেদনকাৰীৰ আৰক্ষী পৰীক্ষণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰো প্ৰভাৱ পৰিব।

পাছপ’ৰ্ট বিভাগৰ বিষয়াই জনোৱা মতে এই সময়ছোৱাত অনলাইন এপইণ্টমেণ্ট লোৱা আবেদনকাৰীয়ে তেওঁলোকৰ এপইণ্টমেণ্ট আন এটা তাৰিখৰ বাবে পুনৰ নিৰ্ধাৰণ কৰিব পাৰিব।




ভাৰতবৰ্ষত তিনি প্ৰকাৰৰ পাছপ'ৰ্ট আছে -

ব্লুকভাৰ পাছপ’ৰ্ট: এইটো এটা সাধাৰণ পাছপ’ৰ্ট। দেশৰ যিকোনো নাগৰিকে ইয়াক ব্যৱহাৰ কৰিব পাৰে।

মেৰুণ কভাৰ পাছপ’ৰ্ট: এইটো এটা কূটনৈতিক পাছপ’ৰ্ট। কেৱল ভাৰত চৰকাৰৰ অনুমোদিত কূটনীতিবিদ আৰু চৰকাৰী পদত অধিষ্ঠিত সদস্যইহে এই পাছপ’ৰ্ট ব্যৱহাৰ কৰিব পাৰিব।

গ্ৰেকভাৰ পাছপ’ৰ্ট: এইটো এটা অফিচিয়েল পাছপ’ৰ্ট। বহিঃৰাজ্যত কৰ্মৰত চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ