--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৰকীয়া প্ৰেমৰ বিষয়ে বিতৰ্কৰ কোনো অন্ত নাই। পৰকীয়া প্ৰেমক ঘৃণা চকুৰে চায় ভাৰতীয় সমাজে৷ যদিও ভাৰতীয় আইনৰ মত বিপৰীত৷ ভাৰতীয় আইন অনুসৰি বিবাহ বহিৰ্ভূত সম্পৰ্ক কেতিয়াও অবৈধ নহয়। কিন্তু পৰকীয়া প্ৰেমৰ প্ৰৱণতা কাৰ বেছি? পৰকীয়া প্ৰেমৰ মায়াজালত ব্যক্তি এজন কিয় বান্ধ খায়? অৱশ্যে এই প্ৰশ্নবোৰৰ উত্তৰ সহজ নহয়। স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ এটা অধ্যয়নত এই বিষয়ে এক গৰ্বেষণা চলিছিল৷ পৰকীয়া প্ৰেমৰ প্ৰৱণতা থকাৰ সম্ভাৱনা অধিক তাৰ ওপৰত কিছু আলোকপাত কৰিছে। গৱেষক মিগুৱেল ক্লেমেণ্টৰ নেতৃত্বত কৰা চলা এই অধ্যয়নত কোৱা হৈছে যে, ‘নাৰ্চিচিজম’ থকা লোকসকলৰ বাৰে বাৰে পৰকীয়া প্ৰেমৰ হোৱাৰ সম্ভাৱনা অধিক। মনোবিজ্ঞানত, নাৰ্চিচিজমৰ বিশেষত্ব হৈছে সাধাৰণতে আত্ম-অগ্ৰাধিকাৰ, নিজকে মহান চিন্তা কৰা, গৌৰৱ, আৰু আনৰ প্ৰতি সহানুভূতিৰ অভাৱ। মিগুৱেলৰ ভাষাত, ‘কিছুমান বিশেষ ব্যক্তিত্বৰ বৈশিষ্ট্য থকা লোকসকলে সহজে হ্ৰস্বম্যাদী সম্পৰ্ক স্থাপন কৰিব পাৰে। ইয়াৰ মুখ্য কাৰণ টো হ’ল যে এজন সম্ভাৱ্য অংশীদাৰৰ পৰা এনেধৰণৰ প্ৰত্যাশা অতি কম। পুৰুষৰ ক্ষেত্ৰত এই প্ৰৱণতা অধিক হয়।’ ৩০৮ জন লোকৰ ওপৰত চলিছিল এই অধ্যয়নটো৷ ইয়াৰ অংশগ্ৰহণকাৰীসকলৰ গড় বয়স আছিল ১৮ৰ পৰা ২৫। মুঠ অংশগ্ৰহণকাৰীৰ ৭৮.৩ শতাংশ মহিলা। আনহাতে পুৰুষ আছিল ২১.২ শতাংশ। অৱশ্যে, মন কৰিব লগীয়া যে মনোবিজ্ঞান গৱেষণা অতি জটিল। গতিকে এটা জৰীপৰ ওপৰত আধাৰিত কৰি মতামত গঠন কৰাটো বিচক্ষণতা নহয়। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post