--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৰকীয়া প্ৰেমৰ বিষয়ে বিতৰ্কৰ কোনো অন্ত নাই। পৰকীয়া প্ৰেমক ঘৃণা চকুৰে চায় ভাৰতীয় সমাজে৷ যদিও ভাৰতীয় আইনৰ মত বিপৰীত৷ ভাৰতীয় আইন অনুসৰি বিবাহ বহিৰ্ভূত সম্পৰ্ক কেতিয়াও অবৈধ নহয়। কিন্তু পৰকীয়া প্ৰেমৰ প্ৰৱণতা কাৰ বেছি? পৰকীয়া প্ৰেমৰ মায়াজালত ব্যক্তি এজন কিয় বান্ধ খায়? অৱশ্যে এই প্ৰশ্নবোৰৰ উত্তৰ সহজ নহয়। স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ এটা অধ্যয়নত এই বিষয়ে এক গৰ্বেষণা চলিছিল৷ পৰকীয়া প্ৰেমৰ প্ৰৱণতা থকাৰ সম্ভাৱনা অধিক তাৰ ওপৰত কিছু আলোকপাত কৰিছে। গৱেষক মিগুৱেল ক্লেমেণ্টৰ নেতৃত্বত কৰা চলা এই অধ্যয়নত কোৱা হৈছে যে, ‘নাৰ্চিচিজম’ থকা লোকসকলৰ বাৰে বাৰে পৰকীয়া প্ৰেমৰ হোৱাৰ সম্ভাৱনা অধিক। মনোবিজ্ঞানত, নাৰ্চিচিজমৰ বিশেষত্ব হৈছে সাধাৰণতে আত্ম-অগ্ৰাধিকাৰ, নিজকে মহান চিন্তা কৰা, গৌৰৱ, আৰু আনৰ প্ৰতি সহানুভূতিৰ অভাৱ। মিগুৱেলৰ ভাষাত, ‘কিছুমান বিশেষ ব্যক্তিত্বৰ বৈশিষ্ট্য থকা লোকসকলে সহজে হ্ৰস্বম্যাদী সম্পৰ্ক স্থাপন কৰিব পাৰে। ইয়াৰ মুখ্য কাৰণ টো হ’ল যে এজন সম্ভাৱ্য অংশীদাৰৰ পৰা এনেধৰণৰ প্ৰত্যাশা অতি কম। পুৰুষৰ ক্ষেত্ৰত এই প্ৰৱণতা অধিক হয়।’ ৩০৮ জন লোকৰ ওপৰত চলিছিল এই অধ্যয়নটো৷ ইয়াৰ অংশগ্ৰহণকাৰীসকলৰ গড় বয়স আছিল ১৮ৰ পৰা ২৫। মুঠ অংশগ্ৰহণকাৰীৰ ৭৮.৩ শতাংশ মহিলা। আনহাতে পুৰুষ আছিল ২১.২ শতাংশ। অৱশ্যে, মন কৰিব লগীয়া যে মনোবিজ্ঞান গৱেষণা অতি জটিল। গতিকে এটা জৰীপৰ ওপৰত আধাৰিত কৰি মতামত গঠন কৰাটো বিচক্ষণতা নহয়। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি