--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰুৱা তেনেই অকণমানি, নিমাখিত প্ৰাণী যদিও কেতিয়াবা মানুহৰ ঘৰত পৰুৱায়েও উপদ্ৰৱ চলায়। পৰুৱা মানুহৰ ঘৰত থাকিবই কিন্তু ইয়াৰ সংখ্যা বাঢ়ি আহিলে মানুহৰ অশান্তি হয়। পৰুৱা যিহেতু দলবান্ধি থাকে,সেয়েহে ঘৰৰ পৰা পৰুৱা একেবাৰে নাইকিয়া কৰাটো সহজসাধ্য নহয়৷ ঘৰৰ পৰা পৰুৱা খেদাৰ সহজ উপায় জানি লওক...

১) জালুকঃ জালুকৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে। যিবোৰ ঠাইত পৰুৱাৰ গতিবিধি বেছি, সেই ঠাইসমূহত পাতল কাপোৰেৰে এমুঠি জালুক বান্ধি ৰাখিলে পৰুৱা নাইকিয়া হয়৷ 

২) পদিনাঃ পৰুৱাৰ পৰা পৰিত্ৰাণ পোৱাৰ এবিধ প্ৰাকৃতিক উপাদান হৈছে পদিনা৷ পিপাৰমেণ্ট অইল অথবা পদিনাৰ তেল পানীৰ সৈতে মিহলাই পৰুৱা থকা ঠাইসমূহত স্প্ৰে কৰিলে পৰুৱা আঁতৰে৷

৩) নিম তেলঃ নিম তেল পানীৰ সৈতে মিহলায়ো পৰুৱা নাইকিয়া কৰিব পৰা যায়৷ যদি নিম তেল পোৱা নাযায়, তেন্তে নিমপাত সিজোৱা পানী ছটিয়ালেও পৰুৱাৰ উপদ্ৰৱ কমে৷

৪) নিমখঃ ঘৰত য’তেই পৰুৱা আহিব তাতেই নিমখ ছটিয়াই দিব। পৰুৱাক খেদি পঠোৱাৰ এইটোৱেই স্বাভাৱিক উপায়। ইচ্ছা কৰিলে পানীৰ লগত নিমখ মিহলাই উতলাই এই তৰল পদাৰ্থটো বটলত ভৰাই স্প্ৰে’ কৰিব পাৰে।

৫) ভিনেগাৰঃ ভিনেগাৰৰ সহায়তো পৰুৱা খেদিব পাৰি। পানীৰ সৈতে সমপৰিমাণৰ ভিনেগাৰ মিহলাই স্প্ৰে কৰিলে পৰুৱা আঁতৰে৷ 

৬) নেমুঃ নেমু আৰু ইয়াৰ বাকলি ব্যৱহাৰ কৰি পৰুৱা খেদি পঠিয়াব পাৰি। মজিয়া মচি থাকোঁতে তাৰ পানীত নেমুৰ ৰস চেপি লওক। পৰুৱাই ইয়াৰ গোন্ধ ভাল নাপায়। ইচ্ছা কৰিলে ঘৰৰ চুকত বাকলি ৰাখিব পাৰে।

৭) কফিঃ কফিৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে৷ ইয়াৰ বাবে কফি পৰুৱা থকা ঠাইসমূহত ছটিয়াই দিব পাৰে৷

৮) হেণ্ড ছপঃ আমি সাধাৰণতে যিবোৰ চাবোন বা হেণ্ড ছপেৰে হাত পৰিষ্কাৰ কৰি লওঁ সেই চাবোনৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে৷ সেয়েহে পানীৰ সৈতে হাত ধোৱা চাবোন মিহলাই স্প্ৰে কৰিলে পৰুৱা নাইকিয়া হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ