--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰুৱা তেনেই অকণমানি, নিমাখিত প্ৰাণী যদিও কেতিয়াবা মানুহৰ ঘৰত পৰুৱায়েও উপদ্ৰৱ চলায়। পৰুৱা মানুহৰ ঘৰত থাকিবই কিন্তু ইয়াৰ সংখ্যা বাঢ়ি আহিলে মানুহৰ অশান্তি হয়। পৰুৱা যিহেতু দলবান্ধি থাকে,সেয়েহে ঘৰৰ পৰা পৰুৱা একেবাৰে নাইকিয়া কৰাটো সহজসাধ্য নহয়৷ ঘৰৰ পৰা পৰুৱা খেদাৰ সহজ উপায় জানি লওক...

১) জালুকঃ জালুকৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে। যিবোৰ ঠাইত পৰুৱাৰ গতিবিধি বেছি, সেই ঠাইসমূহত পাতল কাপোৰেৰে এমুঠি জালুক বান্ধি ৰাখিলে পৰুৱা নাইকিয়া হয়৷ 

২) পদিনাঃ পৰুৱাৰ পৰা পৰিত্ৰাণ পোৱাৰ এবিধ প্ৰাকৃতিক উপাদান হৈছে পদিনা৷ পিপাৰমেণ্ট অইল অথবা পদিনাৰ তেল পানীৰ সৈতে মিহলাই পৰুৱা থকা ঠাইসমূহত স্প্ৰে কৰিলে পৰুৱা আঁতৰে৷

৩) নিম তেলঃ নিম তেল পানীৰ সৈতে মিহলায়ো পৰুৱা নাইকিয়া কৰিব পৰা যায়৷ যদি নিম তেল পোৱা নাযায়, তেন্তে নিমপাত সিজোৱা পানী ছটিয়ালেও পৰুৱাৰ উপদ্ৰৱ কমে৷

৪) নিমখঃ ঘৰত য’তেই পৰুৱা আহিব তাতেই নিমখ ছটিয়াই দিব। পৰুৱাক খেদি পঠোৱাৰ এইটোৱেই স্বাভাৱিক উপায়। ইচ্ছা কৰিলে পানীৰ লগত নিমখ মিহলাই উতলাই এই তৰল পদাৰ্থটো বটলত ভৰাই স্প্ৰে’ কৰিব পাৰে।

৫) ভিনেগাৰঃ ভিনেগাৰৰ সহায়তো পৰুৱা খেদিব পাৰি। পানীৰ সৈতে সমপৰিমাণৰ ভিনেগাৰ মিহলাই স্প্ৰে কৰিলে পৰুৱা আঁতৰে৷ 

৬) নেমুঃ নেমু আৰু ইয়াৰ বাকলি ব্যৱহাৰ কৰি পৰুৱা খেদি পঠিয়াব পাৰি। মজিয়া মচি থাকোঁতে তাৰ পানীত নেমুৰ ৰস চেপি লওক। পৰুৱাই ইয়াৰ গোন্ধ ভাল নাপায়। ইচ্ছা কৰিলে ঘৰৰ চুকত বাকলি ৰাখিব পাৰে।

৭) কফিঃ কফিৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে৷ ইয়াৰ বাবে কফি পৰুৱা থকা ঠাইসমূহত ছটিয়াই দিব পাৰে৷

৮) হেণ্ড ছপঃ আমি সাধাৰণতে যিবোৰ চাবোন বা হেণ্ড ছপেৰে হাত পৰিষ্কাৰ কৰি লওঁ সেই চাবোনৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে৷ সেয়েহে পানীৰ সৈতে হাত ধোৱা চাবোন মিহলাই স্প্ৰে কৰিলে পৰুৱা নাইকিয়া হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ