--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এখন ঘৰ বা এজন ব্যক্তিৰ সফলতাৰ বাবে বহুতে মানি চলে বাস্তুশাস্ত্ৰৰ নীতি-নিয়ম৷ এই নিয়ম অনুসৰি এখন ঘৰৰ শোৱনি কোঠাত ৰাখিব নালাগে কেইপদমান সামগ্ৰী। কেতিয়াবা শোৱনিকোঠাত কিছুমান বস্তু ৰাখিলে জীৱনটো বিভিন্ন সমস্যাৰে ভৰি পৰে বুলি ধাৰণা কৰা হয়। শোৱনিকোঠাত থকা কিছুমান অপ্ৰয়োজনীয় বস্তুৱে স্বামী-পত্নীৰ সম্পৰ্কত বিভেদ সৃষ্টি কৰে। ইয়াৰ লগতে এই সামগ্ৰীবোৰে আনিব পাৰে আৰ্থিক সীমাবদ্ধতাও। বাস্তুৰ মতে শোৱনিকোঠাত কি কি বস্তু ৰাখিব নালাগে:

১. ঝাড়ু বা ডাষ্টবিনঃ

বাস্তুৰ মতে শোৱনিকোঠাত ডাষ্টবিন বা ঝাড়ু ৰখাৰ ফলত বাস্তু ত্ৰুটি হয়। লগতে এক নেতিবাচক শক্তি বিয়পি পৰে যাৰ ফলত গৃহস্থসকলৰ বাবে ভয়ংকৰ দুখ হয় আৰু ই মানসিক চাপো বৃদ্ধি কৰে।

২. কাঁইট থকা উদ্ভিদঃ

বাস্তুশাস্ত্ৰৰ মতে, শোৱনিকোঠাটোত কাঁইটীয়া পাত থকা উদ্ভিদ ৰাখিব নালাগে। বাস্তুমতে কাঁইটীয়া উদ্ভিদে নেতিবাচক শক্তি আনি দিয়ে। কাঁইটৰ ফলত হোৱা স্থাপত্যৰ ত্ৰুটিবোৰে অৰ্থনৈতিক বিকাশত বাধা দিয়ে।

৩. বেয়া ইলেক্ট্ৰনিক সামগ্ৰীঃ

বাস্তু মতে, কোনো বেয়া বা অব্যৱহৃত ইলেক্ট্ৰনিক সামগ্ৰী শোৱনিকোঠাত ৰাখিব নালাগে। কিয়নো এনে বস্তুবোৰে শুক্ৰ আৰু ৰাহুৰ ওপৰত বিপদজনক ত্ৰুটি সৃষ্টি কৰে৷ লগতে মানসিক চাপ বৃদ্ধি কৰে। একে সময়তে, অনিদ্ৰাৰো সমস্যা হয়।

৪. ক’লা চাদৰঃ

বাস্তুৰ মতে, শোৱনিকোঠাটো শুক্ৰৰ স্থান। শুক্ৰই ক’লা ৰঙক ঘৃণা কৰে। এনেক্ষেত্ৰত, শোৱনিকোঠাত ভুলতো ক’লা চাদৰ পাৰিব নালাগে। কিয়নো শুক্ৰ প্ৰভাৱিত হৈ জীৱনজোৰা আৰ্থিক সীমাবদ্ধতাই দেখা দিব পাৰে।

৫. তাজমহলৰ ফটোঃ

বাস্তুৰ মতে, শোৱনিকোঠাত তাজমহলৰ ফটো ভুলতো ৰাখিব নালাগে। লগতে তাজমহলৰ শ্বো-পিচ শোৱনিকোঠাত ৰাখিলে আৰ্থিক সীমাবদ্ধতাই দেখা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা