--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন পৰম্পৰা মানি এইবাৰ বঙাইগাঁৱত অনুষ্ঠিত হ’ল কেবিনেট ৰাজ্য চৰকাৰৰ কেবেনিট বৈঠক। ৰাজ্যৰ ঠায়ে ঠায়ে এনেদৰে বৈঠক অনুষ্ঠিত কৰাৰ জৰিয়তে চমক দিবলৈ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। আজিৰ বৈঠকৰ পাছতো এই বৈঠকৰ সিদ্ধান্ত সমূহ সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন কৰিবলগীয়া কথাটো হৈছে যে, এই ঘোষণাসমূহত কিন্তু এনে কোনো বিশেষ সিদ্ধান্ত নাই যিবোৰ বঙাইগাঁৱতহে বৈঠক পাতি ল’ব পৰা গ’লহেঁতেন। এই লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, এই বৈঠকৰ পূৰ্বৰে পৰা চৰকাৰৰ কোনো সিদ্ধান্ত বা পদক্ষেপক লৈ চৰ্চা হোৱা নাছিল, চৰ্চা হৈছিল কেৱল খোৱা-লোৱা, জাক-জমকতাৰ দৰে বিষয়বোৰ লৈহে। আজি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলযোগে যেতিয়া এই বৈঠকৰ সিদ্ধান্ত বোৰ প্ৰকাশ কৰিলে তেতিয়া স্পষ্ট হৈ পৰিল যে, এই বঙাইগাঁৱৰ সমস্যা সমাধান লক্ষ্য লৈ এই বৈঠক অনুষ্ঠিত কৰা হোৱা নাছিল, বৰং এয়া এক নিয়মমাফিক চমক সৃষ্টিৰ প্ৰচেষ্টাৰ বাহিৰে আন একো নহয়।


এই কথা স্মৰ্তব্য যে, বঙাইগাঁও এখন খিলঞ্জীয়া কোঁচ ৰাজবংশী জনগোষ্ঠী বসতিপ্ৰধান জিলা, জিলাখনৰ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক উত্তৰণৰ দিশত স্বাধীনতাৰ সুদীৰ্ঘ কাল পাছতো বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। এসময়ৰ ঐতিহ্যমণ্ডিত কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে সাংবিধানিক সুৰক্ষাৰ অভাৱত আজি নিজৰ ভূমিতেই গৃহহীন হৈ নি:শেষ হোৱাৰ উপক্ৰম হৈছে। জনগোষ্ঠীটোৰ সৰ্ব দিশতে উত্তৰণৰ স্বাৰ্থত জনগোষ্ঠীটোক শীঘ্ৰেই জনজাতিকৰণৰ আওতালৈ আনি তথা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ভৌগোলিক পৰিসৰ বৃদ্ধি কৰি অধিক ক্ষমতাসম্পন্ন স্বায়ত্তশাসিত পৰিষদ গঠনৰে জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্ৰণ অধিকাৰ সুনিশ্চিত কৰা সন্দৰ্ভত কেবিনেট বৈঠকত ইতিবাচক সিদ্ধান্ত ল’ব বুলি বিভিন্ন দল-সংগঠনে আশা প্ৰকাশ কৰিছিল। কিন্তু সেইবোৰ প্ৰসংগত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহ’ল বৈঠকত।

কেৱল এয়াই নহয়, অসমৰ ভূমিপুত্ৰ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণ, সাংবিধানিক সুৰক্ষা, সংৰক্ষণ, উন্নয়ন আৰু উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা কেবিনেটৰ বঙাইগাঁও বৈঠকত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত অমীমাংসিত হৈ থকা কমতাপুৰ ৰাজ্য পুণৰ গঠন কৰা আৰু জনজাতিকৰণৰ দীৰ্ঘদিনীয়া সমস্যাৰ এক ৰাজনৈতিক ইতিবাচক সমাধান সূত্ৰ উলিয়াবৰ বাবে কোঁচ-ৰাজবংশী জাতীয় সংগঠন, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত তৎকালেই এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি আগন্তুক সংসদ অধিৱেশনতে সমাধানৰ ব্যবস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইচিল কোচ ৰাজবংশী জাতীয় পৰিষদৰ দৰে সংগঠনে। কিন্তু তাৰ প্ৰসংগ জানো উত্থাপন হ’ল? যিবোৰ আশা লৈ বঙাইগাঁৱৰ দল-সংগঠন তথা সৰ্বসাধাৰণ ৰাইজে সমগ্ৰ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকক আদৰণি জনাইছিল সেই সকলো আশা আশা হৈয়ে থাকি গ’ল। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল পাতি কেবিনেটৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিলে। এই অনুসৰি, ৰাজ্যৰ শিক্ষা ব্যৱস্থাত হ’ব আমূল পৰিৱৰ্তন; ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত কৰা হ’ব পৰিৱৰ্তন; হাইস্কুললৈকে শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব লাগিব ১৫ বছৰ; ৫+৩+৩+৪ আধাৰত হ’ব শ্ৰেণীসমূহ; প্ৰথম ৫ বছৰ হ’ব শিক্ষাৰ্থীৰ বুনিয়াদী শিক্ষা; ছেবা আৰু শিক্ষা সংসদক কৰা হ’ব সংলগ্ন; সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ; প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে কমিটী; বিধায়ক প্ৰদীপ হাজৰিকাক কেবিনেট মৰ্যাদা; কমিটীৰ সদস্য মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা; ৬ আৰু ৭ জানুৱাৰীত কৰ্মচাৰীৰ বাবে ছুটী; পিতৃ-মাতৃৰ কাষলৈ যোৱাৰ বাবে ছুটী মঞ্জুৰ; ৰাজ্য চৰকাৰে গঠন কৰিব ‘যুৱ আয়োগ’; নিয়োগৰ বাবে যুৱক-যুৱতীক প্ৰশিক্ষণ দিব আয়োগে; অসম আন্দোলনৰ ছহিদ আৰু নিৰ্যাতিতৰ বাবে ন্যাস গঠন; ৰাজ্যত সামান্য বৃদ্ধি হ’ব আবকাৰী কৰ; ২৫ লাখৰ ওপৰত যিকোনো কামৰ বাবে হ’ব ই-টেণ্ডাৰিং; বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব বঙাইগাঁও কলেজ; বঙাইগাঁৱত নিৰ্মাণ হ’ব নতুন সংহত উপায়ুক্ত কাৰ্যালয়; বঙাইগাঁও ষ্টেডিয়ামৰ বাবে ২৫ কোটি টকা; শীঘ্ৰে আৰম্ভ হ’ব বঙাইগাঁও মেডিকেল কলেজৰ কাম আদিবোৰ সিদ্ধান্তক কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।


এতিয়া প্ৰশ্ন হ’ল এইবোৰ সিদ্ধান্ত বঙাইগাঁৱত বৈঠক পাতি ল’বলগীয়া সিদ্ধান্ত আছিল জানো? সমগ্ৰ অসমৰ সৈতে জড়িত এই সিদ্ধান্তবোৰ যিকোনো স্থানতে, আনকি দিছপুৰৰ সাধাৰণ বৈঠকতে ল’বপৰা সিদ্ধান্ত আছিল। কিন্তু তাকে নকৰি বিশেষ বৈঠক অনুষ্ঠিত কৰাৰ জৰিয়তে ৰাইজৰ কৰৰ ধন শৰাধ কৰাহে হৈছে বুলি যদি অভিযোগ উঠে তেন্তে তাৰ উত্তৰ চৰকাৰৰ হাতত আছেনে? কিয়নো বিগক কেইটামান দিনত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামত চৰকাৰ তথা বঙাইগাঁও প্ৰশাসনৰ ইলাহী আয়োজন, ৰাজকীয় ভোজ-ভাতক লৈহে চৰ্চা চলি থকা দেখা গ’ল। অৰ্থাৎ চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামত পিকনিকৰ পৰম্পৰাহে আৰম্ভ কৰিছে নেকি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন