--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকেই স্বাস্থ্যৰ প্ৰতি সচেতন। সকলোৱে নিজৰ শৰীৰটো স্বাস্থ্যৱান আৰু সুন্দৰ কৰি ৰাখিব বিচাৰে। কিন্তু কেনেদৰে আপুনি এটা স্বাস্থ্যৱান আৰু নিৰোগী শৰীৰ লাভ কৰিব জানো আহক।

১. প্ৰথমে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। খাদ্য আৰু ছুগাৰ নিয়ন্ত্ৰণ কৰক আৰু সন্তুলিত আহাৰ গ্ৰহণ কৰক। স্বাস্থ্যকৰ আহাৰে আপোনাৰ ওজন কম কৰাৰ লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰে।

২. খাদ্যৰ সমান্তৰালকৈ ব্যায়াম কৰাটোও অত্যন্ত জৰুৰী।ব্যায়ামে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। যেনে-হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।

৩. সুস্থ শৰীৰৰ বাবে যথেষ্ট টোপনিৰ প্ৰয়োজন। টোপনিয়ে স্মৃতি, চিন্তা-শক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতিদিনে অত্যন্ত ৭ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন, নহ’লে শৰীৰ অসুস্থ হৈ পৰে।

৪. প্ৰতিদিনে প্ৰায় ৩ লিটাৰ পানী সেৱন কৰাটো আৱশ্যক। পানীয়ে আপোনাৰ শৰীৰক সঠিকভাৱে কাম কৰিবলৈ সহায় কৰে। কোষলৈ পুষ্টি কঢ়িয়াই আনে আৰু শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে।

৫. মদ্যপান-ধূম্যপানৰ পৰা দূৰত থাকক। যিকোনো ৰাগিয়াল খাদ্যৰ পৰা নিজকে আঁতৰাই ৰাখি আপোনাৰ স্বাস্থ্য উন্নত কৰাৰ উপৰি অনেক ৰোগ যেনে-হৃদৰোগ, হাওঁফাওঁৰ ৰোগ আৰু কেন্সাৰৰ পৰা নিজকে বচাই ৰাখক।

৬. আন এক গুৰুত্বপূৰ্ণ কথা হৈছে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা। নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাটো অতিকৈ আৱশ্যক। আকৃতি, উচ্চতা, বয়স আদি ওপৰত নিৰ্ভৰ কৰি এক সঠিক ওজন আৱশ্যক। অতিৰিক্ত ওজন ডায়াবেটিছ, হৃদৰোগ আদিৰ কাৰণো হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ