--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই অধ্যয়নে স্পষ্ট কৰি দিছে যে, জুবিনৰ হামিঙে সৃষ্টি কৰা আধ্যাত্মিক আৰু আৱেগিক অনুভৱ কেৱল এক অনুভূতি নহয়, বৰঞ্চ ইয়াৰ আঁৰত আছে এক নিখুঁত স্বৰসজ্জা আৰু সুনিৰ্দিষ্ট শব্দ বিজ্ঞান।

ডিজিটেল ডেস্ক: অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ অন্যতম বিশেষত্ব— তেওঁৰ গীতৰ ‘হামিং’ (Humming)। দশকৰ পিছত দশক শ্ৰোতাৰ হৃদয় জয় কৰি অহা জুবিন গাৰ্গৰ হামিঙৰ মায়াবী মাদকতাত সকলো বুৰ গৈ আছিল যদিও কোনো শব্দ উচ্চাৰণ নকৰাকৈও এই হামিং কিয় ইমান মাদকতাভৰা আৰু চুম্বকীয় তাৰ কোনো বিজ্ঞানসন্মত অধ্যয়ন এতিয়ালৈকে হোৱা নাছিল। জুবিন গাৰ্গক বিশ্বই চিনি পায় Humming King of the World’ নামেৰে কিন্তু ইয়াৰ আঁৰৰ চুম্বকীয় আকৰ্ষণৰ বৈজ্ঞানিক কাৰণ ইমানদিনে অজ্ঞাত আছিল। 


শেহতীয়াকৈ কণ্ঠ বিজ্ঞানৰ এক বিশ্বমানৰ গৱেষণাত এই ৰহস্য পোহৰলৈ আহিছে। প্ৰথমবাৰৰ বাবে বিশ্বৰ কণ্ঠ চিকিৎসা আৰু কণ্ঠ বিজ্ঞান ক্ষেত্ৰৰ আটাইতকৈ প্ৰতিষ্ঠিত গৱেষণা প্ৰত্ৰিকা— আমেৰিকাৰ ‘জাৰ্নেল অব্ দ্য ভইচ ফাউণ্ডেশ্যন এণ্ড দ্য ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অব্ ফ'ন'ছাৰ্জাৰী’ (Journal of Voice)-ত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ হামিঙৰ ওপৰত কৰা এক গভীৰ গৱেষণামূলক অধ্যয়ন। এই অধ্যয়নে স্পষ্ট কৰি দিছে যে, জুবিনৰ হামিঙে সৃষ্টি কৰা আধ্যাত্মিক আৰু আৱেগিক অনুভৱ কেৱল এক অনুভূতি নহয়, বৰঞ্চ ইয়াৰ আঁৰত আছে এক নিখুঁত স্বৰসজ্জা আৰু সুনিৰ্দিষ্ট শব্দ বিজ্ঞান (Acoustics)।


গৱেষণাত পোহৰলৈ অহা কিছুমান বিস্ময়কৰ তথ্য:


পদ্ধতিগত ধ্বনি বিশ্লেষণৰ (Systematic Acoustic Analysis) জৰিয়তে জুবিনৰ কণ্ঠৰ কেইবাটাও সূক্ষ্ম উপাদান পৰীক্ষা কৰা হৈছিল। ইয়াৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ’ল:


সুস্থিৰ স্বৰ তৰংগ (Stable Vocal Waves): গৱেষণাৰ পৰা জনা গৈছে যে জুবিনৰ হামিঙত এক অত্যন্ত সুনিয়ন্ত্ৰিত আৰু সুস্থিৰ স্বৰ তৰংগ বিৰাজ কৰে, যিটো এগৰাকী গায়কৰ বাবে বৰ বিৰল।


নিম্ন কম্পনাংকৰ প্ৰাথমিক স্বৰ (Low Fundamental Frequency): তেওঁৰ হামিঙত অপেক্ষাকৃতভাৱে নিম্ন কম্পনাংকৰ স্বৰ ব্যৱহাৰ হয়। ইয়াৰ বাবেই তেওঁৰ হামিং অতি গভীৰ, শ্ৰুতিমধুৰ আৰু মানসিক প্ৰশান্তিদায়ক হৈ পৰে।


ক্ষিপ্ৰ কম্পন তাৰতম্য (Rapid Vibrato/Jitter): জুবিন গাৰ্গৰ কণ্ঠৰ ক্ষিপ্ৰ কম্পন তাৰতম্যই হামিঙৰ সুৰটোত এক অনন্য প্ৰাণময়তা, সজীৱতা আৰু আৱেগিক গভীৰতা সংযোজন কৰে, যিয়ে শ্ৰোতাক পোনপটীয়াকৈ আকৰ্ষণ কৰে।


ধ্বনিগুণগত অনন্য প্ৰাচল (Acoustic Parameters): গৱেষণাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে, জুবিনৰ হামিঙত ব্যৱহৃত ‘সুৰ-কোলাহল অনুপাত’ (Harmonics-to-Noise Ratio) আৰু ধ্বনিগুণগত প্ৰাচলৰ ক্ষেত্ৰত পৰিসংখ্যাগতভাৱে অতি তাৎপৰ্যপূৰ্ণ পাৰ্থক্য পোৱা গৈছে।


এই বিশেষ বৈজ্ঞানিক বৈশিষ্ট্যসমূহে জুবিন গাৰ্গৰ হামিঙক পৃথিৱীৰ অন্য কণ্ঠতকৈ সম্পূৰ্ণ ব্যতিক্ৰমী আৰু অনন্য ধ্বনিগুণ (Unique Timbre) প্ৰদান কৰিছে। এই গৱেষণাই প্ৰমাণ কৰিলে যে কিয় দশকৰ পিছত দশক ধৰি এই বিশ্ববন্দিত 'হামিং সম্ৰাট'ৰ কণ্ঠৰ মায়াবী মাদকতাত শ্ৰোতাসকল বিলীন হৈ আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক